বনভোজ খাবলৈ গৈ ধনশিৰিত নিখোজ নুমলীগড় শোধনাগাৰৰ জ্যেষ্ঠ অভিযন্তা

NRL Engineer missing

ফটো: নৰ্থইষ্ট নাও।

গোলাঘাটৰ থুৰামুখৰ ধনশিৰি নৈৰ পাৰত পৰিয়ালৰ সৈতে বনভোজ খাবলৈ গৈ নদীত নামি থকা অৱস্থাতে নিখোজ হয় নুমলীগড় শোধনাগাৰৰ এগৰাকী জ্যেষ্ঠ অভিযন্তা ৰক্তিম বৰুৱা।

জানিব পৰা মতে নুমলীগড় শোধনাগাৰৰ মুখ্য অভিযন্তা (অপাৰেশ্যন) ৰক্তিম বৰুৱাই দেওবাৰে দুপৰীয়া পৰিয়াল সহ আন কেইবাটাও চিনাকিপৰিয়ালৰ সৈতে বনভোজ খাৱলৈ থুৰামুখলৈ গৈছিল।

ধনশিৰি নৈৰ পাৰত বনভোজৰ ৰং ধেমালি কৰি থকাৰ মাজতে দুপৰীয়া প্ৰায় ২ বজাত হঠাৎ ৰক্তিম বৰুৱা ধনশিৰিৰ বুকুত সন্ধানহীন হৈ পৰে।

Also Read: নাজিৰাত উৎকোচ লওঁতেই হাতে-লুটে আটক শিক্ষা বিষয়া

ঘটনা অনুসৰি ৰক্তিম বৰুৱাই তেওঁৰ দুই পুত্ৰ কন্যাৰ সৈতে বল খেলি থকাৰ মাজতে হঠাৎ বলটো নৈত পৰি যায়। বৰুৱাৰ কনমানি পুত্ৰ আৰু কন্যাই বলটো আনিবলৈ নদীৰ পিনে আগবাঢ়ি যোৱা দেখি বৰুৱাই নিজে দৌৰি গৈ পানীত নামি বলটো আনিবলৈ চেষ্টা কৰে।

এনেদৰে পানীত নমাৰ পাছতে সন্ধানহীন হৈ পৰে অভিযন্তা বৰুৱা। লগে লগে বনভোজলৈ যোৱা পৰিয়ালকেইটাৰ মাজত হুৱা -দুৱা লাগে আৰু ৰক্তিম বৰুৱাৰ সন্ধান কৰে যদিও তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল।

Also Read:Omicron in India: ৰাজস্থানতো অ’মিক্ৰণত আক্ৰান্ত ৯জন; মহাৰাষ্ট্ৰত ৭জনকে ধৰি দেশত ২১জনলৈ বৃদ্ধি

ইপিনে, খৱৰ পোৱাৰ পাছত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ দলে নদীৰ বুকুত অভিযন্তা গৰাকীৰ সন্ধান চলায় যদিও তেওঁৰ সন্ধান লাভ কৰাত ব্যৰ্থ হয়। তদুপৰি, অভিযান চলাই থকাৰ সময়তে সন্ধিয়া নামি অহাত অভিযান সামৰিবলগীয়া হয়।

সোমবাৰে অভিযানকাৰী দলটোৱে পুনৰ অভিযন্তাগৰাকীৰ সন্ধানত উদ্ধাৰ অভিযান চলাব।