ৰে’লৱেই অচিৰেই ৰাজহুৱা কৰিব সংৰক্ষিত আৰু খালী আসনৰ ষ্টেটাছ

Capture

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতীয় ৰে’লৱেই যাত্ৰীসকলৰ সংৰক্ষণৰ ষ্টেটাছ অতি শীঘ্ৰেই ৰাজহুৱা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যি কোনো এখন ৰে’লগাড়ীত টিকট সংৰক্ষিত কৰাৰ সময়ত বুকিঙৰ বাবে উপলব্ধ আসনৰ ষ্টেটাছ চাব পাৰিব। ৰে’লৱে মন্ত্ৰ্যালয়ে অলপতে এই কথা প্ৰকাশ কৰিছে।

এই বিষয়ত পদক্ষেপ গ্ৰহণৰ বাবে ৰে’ল মন্ত্ৰী পীয়ুষ গোৱেলে বিভাগীয় শীৰ্ষস্থানীয় বিষয়াসকলক এটা নিৰ্দেশ দিছে। এয়া হৈ উঠিলে যাত্ৰীসকলৰ সংৰক্ষণ তালিকা ৰাজহুৱা হৈ পৰিব। যাত্ৰীসকলে অসনৰ উপলব্ধতা সন্দৰ্ভত কৰি অহা অভিযোগৰ পৰিপ্ৰেক্ষিততেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

উল্লেখ্য যে, যেতিয়াই এগৰাকী যাত্ৰীয়ে বিমানৰ টিকট বুক কৰে তেতিয়া তেওঁ আসনসমূহৰ এটা নক্সা দেখিবলৈ পায়। এই নক্সাত সংৰক্ষিত আৰু খালী হৈ থকা আসনসমূহৰ ভিন্ন ৰঙত দেখা পোৱা যায়। ইয়াৰ ফলত যাত্ৰীগৰাকীয়ে আসন বুক কৰাত সুবিধা পায়। আনহাতে যাত্ৰীসকলে নিজৰ সুবিধা অনুসৰি আসন নিৰ্বাচন কৰিব পাৰে। ৰে’লৱেৰ ক্ষেত্ৰটো এই পদ্ধতিয়েই প্ৰচলিত কৰা হ’ব বুলি এটা সূত্ৰত প্ৰকাশ।

যাত্ৰীৰ আসন সংৰক্ষণ তালিকা ৰাজহুৱা কৰাৰ ফলত কোনো এখন ৰে’লগাড়ীত বুক হোৱা যাত্ৰীসকলৰ তথ্য ৰাজহুৱা হৈ পৰিব। যাত্ৰীসকলে এই তথ্যসমূহ ‘পিএনআৰ’ৰ  (PNR) জৰিয়তে চাব পাৰিব।

সূত্ৰৰ পৰা জানিব পৰা মতে, ৰে’লযাত্ৰীয়ে কোনো এটা যাত্ৰাপথত ৱেইট-লিষ্টেড টিকট পাইছিল। ফলত তেওঁলোকে টিটিইৰ কাষ চাপিবলগীয়া হৈছিল. তাৰ পাছত টিটিইয়ে তেওঁলোকক টিকটৰ ব্যৱস্থা কৰি দিছিল। তেওঁলোকৰ বক্তব্য হৈছে তেওঁলোকে টিকট বুক কৰাৰ সময়তেই এই আসন কেইখন পাব পাৰিলেহেতেন।

এগৰাকী শীৰ্ষস্থানীয় ৰে’লৱে বিষয়াই জনাইছে যে যাত্ৰীৰ সংৰক্ষণ তালিকা ৰাজহুৱা কৰাৰ পলত বিভিন্ন নিৰাপত্তা বিষয়ক সমস্যাৰ সৃষ্টি হ’ব পাৰে।