এগৰাকী কোভিড ৰোগীৰ কথাৰে মহানগৰীৰ এখন মানৱতাহীন অভিজাত হাস্পতাল আৰু MMCHৰ মানৱীয়তা

index.jpg m

ৰাজ্যৰ ক’ৰ’ণাকেন্দ্ৰিক পৰিবেশৰ মাজতে একাংশ চৰকাৰী-বেচৰকাৰী চিকিৎসকে ক’ৰ’ণা আক্রান্ত ৰোগীৰ কাষত দেৱদূত ৰূপে থিয় হৈ আৰোগ্য লাভ কৰাত অকণো কৃপনালি নকৰাৰ বিপৰীতে দূষ্টিকটুভাৱে গুৱাহাটী মহানগৰীৰ দুখনমান ব্যক্তিগত হাস্পতালৰ কতৃপক্ষই ৰোগীক টেটুচেপা দি সামান্যতম মানৱীয়তাকো ভৰিৰে মোহাৰি ধন ঘটাৰ প্ৰচেষ্টা সকলোৰে বাবে হৈ পৰিছে চিন্তাৰ বিষয়।এনে প্ৰেক্ষাপটত মই মোৰ নিজৰ তিক্ত অভিজ্ঞতা পাঠকৰ সন্মুখত উপস্থাপন কৰাৰ প্ৰয়াস কৰিছো।

ক’ৰ’ণাই বিগত কেইবামাহ ধৰি অসমত সংহাৰী ৰূপ ধাৰণ কৰাৰ মাজতে মইও এই ৰোগত আক্ৰান্ত হৈছিলো। মহানগৰীৰ হাতীগাঁৱৰ নিজ বাসভৱনত কেইবাদিন ধৰি   জ্বৰ, কাঁহত আক্রান্ত হৈ আছিলো। উশাহ লোৱাত যথেষ্ট অসুবিধা অনুভৱ কৰি ১১ ছেপ্তেম্বৰৰ নিশা প্ৰায় ১১ মান বজাত গুৱাহাটী “আয়ুচন্দ্ৰা চুপাৰ স্পেছিয়েলিটি হাস্পতালত” ভৰ্তি হওঁ। তাতে কোভ’ড এন্টিজেন্ট টেষ্ট কৰাত ফলাফল নিগেটিভ আহে যদিও স্বাৱৰ চেম্পল সংগ্ৰহ কৰি RTPCR ৰ বাবে প্ৰেৰণ কৰে হাস্পতাল কতৃপক্ষই। মোৰ অৱস্থা অতি শোচনীয় আছিল যদিও কোনো সময়োচিত চিকিৎসা নকৰি মাত্ৰ কৰিব লাগে বাবেই দুই এটা সামান্য পৰিচৰ্যা কৰাৰ লগতে অক্সিজেন দিয়ে।

আনহাতে  দুদিন ধৰি মোক আইচ’লেশ্যনতে ৰাখে। উল্লেখ্য যে ১১ ছেপ্তেম্বৰত ভৰ্তি হোৱাৰ নিশাৰে পৰা মোৰ অভিভাৱকক হাস্পতালৰ চিকিৎসাকৰ্মীয়ে বহু কেইটা পি পি কিট আৰু দৰৱ অনাইছিল ঠিকেই। কিন্তু সেই দৰৱসমূহ ব্যৱহাৰ নহৈছিল মোৰ ক্ষেত্ৰত। আনহাতে ১৩ ছেপ্তেম্বৰৰ পুৱালৈকে মোৰ RTPCR ফলাফলো অহা নাছিল।এই সন্দৰ্ভত কতৃপক্ষৰ পৰা মোৰ অভিভাৱকে জানিব বিছাৰিছিল যদিও কোনো সুদত্তৰ পোৱা নাছিল। কিন্তু তেওঁলোকে RTPCR পৰীক্ষা কৰিব দিয়া আল্টা কেয়াৰত আমাৰ পৰিয়ালৰ তৰফৰ পৰা খৱৰ লৈ গ’ম পোৱা গ’ল যে স্বাৱ টেষ্টৰ ফলাফল ইতিমধ্যেই প’জিটিভ। অথচ এদিনৰ পূৰ্বে আয়ুসচন্দ্ৰা হাস্পতালে মোৰ স্বাৱ ৰিজাল্টৰ ফলাফল পজিটিভ অহাৰ পিছতো, কি কাৰণত তথ্য সদৰি কৰাৰ পৰা বিৰত আছিল?

ইপিনে মোৰ চিকিৎসা ব্যয় দুৰাতিত হৈছিলগৈ প্ৰায় লক্ষাধিক টকা। একেদৰে দুদিন ধৰি হাস্পতালখনত থকা অৱস্থাত খাবলৈ আহাৰ দিয়া হৈছিল যদিও সেয়াও আছিল অতি নিম্নমানৰ। আনহাতে ভৰ্তি হোৱাৰ দুৰাতিত মোক কোনো ধৰণৰ সময়োচিত চিকিৎসা নকৰাৰ বাবে মোৰ শাৰিৰীক অৱস্থা শোচনীয় হৈ পৰে।যাৰ বাবে মোৰ পৰিয়াল বৰ্গ চিন্তাম্বিত হৈ পৰিছিল। তদুপৰি চিকিৎসা ব্যয় লাখ টকা অতিক্রম কৰাত  পৰৱতী সময়ৰ বাবে পুনৰ আয়ুসচন্দ্ৰাত নৰখাৰ সিদ্ধান্ত লয় মোৰ অভিভাৱকে।কিন্তু তেওঁলোকে কোভিড চিকিৎসা হাস্পতালখনতে কৰাৰ অভিসন্ধিৰে মোক ৰিলিজ কৰাৰ ক্ষেত্ৰত অতি কৌশলপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। কোভিড চিকিৎসাৰ নামত চিকিৎসা বৃত্তি কলুষিত কৰি আয়ুচন্দ্ৰাই কচাইৰ দৰে ভূমিকা লোৱাটো অতি দুৰ্ভাগ্যজনক কথা।

ইপিনে মোৰ অভিভাৱকৰ তৎপৰতাত মোক উন্নত চিকিৎসাৰ বাবে মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী কোভিড হাস্পতালত ভৰ্তি কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি ১৩ ছেপ্তেম্বৰৰ নিশা আয়ুসচন্দ্ৰা হাস্পতালে মোক ৰিলিজ কৰি দিয়ে আৰু সেই নিশাই মোক এখন ব্যক্তিগত এম্বুলেঞ্চত অক্সিজেন দি অতি সংকটজনক অৱস্থাত MMCH লৈ অনা হয়। মোৰ গুৰুত্বৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি হাস্পতাল কতৃপক্ষই ততাতৈয়াকৈ মোক   আই চি ইউত ভৰ্তি কৰে। ইপিনে আয়ুসচন্দ্ৰা হাস্পতালৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই  মই মেনিলাতো আক্রান্ত হওঁ। অক্সিজেনৰ মাত্ৰা অতি কম হোৱাৰ বাবে দিনটোৰ ২৪ ঘন্টাই মই কৃত্ৰিমভাৱে অক্সিজেন ল’বলগীয়া হৈছিল। সুদীৰ্ঘ ১৭দিন ধৰি মোৰ বাবে  দেৱদূত স্বৰূপ হৈ পৰা ডাঃ অঞ্জন জ্যোতি ভাৰ্গৱ, তেখেতৰ সহকৰ্মী চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ যুদ্ধকালীন তৎপৰতাতে ক্রমাৎ মই আৰোগ্য লাভ কৰো।

মোৰ মানসপটত চিৰদিন সজীৱ হৈ থকা এটা কথা মই ক’বই লাগিব যে ডাঃ ভাৰ্গৱ ছাৰে মোৰ বাবে তেওঁ প্ৰস্তুত কৰি অনা আহাৰ দি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰে। অকল মোকেই নহয় MMCH ৰ প্ৰতিগৰাকী কোভিড আক্রান্ত ৰোগীক সুস্থ কৰি তোলাত চিকিৎসক, চিকিৎসা কৰ্মী আৰু নাৰ্ছসকলৰ মহানুভৱতা সঁচাকৈয়ে উচ্চ প্ৰশংসনীয়। নেদেখাজন আৰু সকলোৰে আশীবাদত শুশ্ৰষা লাভ কৰি ২৯ ছেপ্তেম্বৰত মই NMCHৰ পৰা বিদায় লওঁ। বিদায় বেলিকাত চিকিৎসালয়খনৰ চিকিৎসক-  চিকিৎসা কৰ্মীসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰো।

কোভিড কেন্দ্ৰিক পৰিবেশত শংকিত হৈ পৰা এই সময়ছোৱাত ক’ৰ’ণা আক্রান্ত ৰোগীসকলক আৰোগ্য কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্যৰ বিভাগে যুদ্ধকালীন তৎপৰতা অব্যাহত ৰখাৰ বিপৰীতে মহানগৰীৰ আয়ুসচন্দ্ৰা হাস্পতালে টকা ঘটাৰ সম্বলৰূপে বাছি লৈছে কোভিড ৰোগী চিকিৎসাত। এনে ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে আয়ুসচন্দ্ৰা হাস্পতালৰ মানৱতাহীন কাৰ্যৰ বিৰুদ্ধে নাকী লগোৱাৰ সময় আহি পৰিছে। মই আয়ুসচন্দ্ৰা চুপাৰ স্পেচিয়েলিটি হাস্পতালত পোৱা নেতিবাচক পৰিবেশত আন কোনো ৰোগী সন্মুখীন নহয় তাৰ বাবে এই লেখনিৰ জৰিয়তে সকলোকে অৱগত কৰিলো।