আপুনি শুনি আচৰিত হ’ব যে যোৱা কিছু দিনৰ পৰাই WhatsAppৰ একাউন্ট হেক হোৱা বাতৰিয়ে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এই যে, WhatsApp হেকাৰৰ আতংক মাৰ নৌযাওতেই এতিয়া পুনৰ চৰ্চালৈ আহিছে বেংক একাউন্ট হেকিঙৰ ঘটনা।
হয়, এতিয়া বাতৰিৰ শিৰোণাম দখল কৰিছে বেংক একাউন্ট হেকাৰৰ দুষ্ট চক্ৰই। কেনেকৈ এই হেকাৰে নিমিষতে আপোনাৰ একাউন্টৰ ধন নাইকিয়া কৰিব পাৰে আপুনি জানি আচৰিত হ’ব।
কেনেকৈ এটা এপৰ জৰিয়তে বেংক একাউন্ট হেক হয়
এটা এপ। হয়তো আপুনি সদায়েই ব্যবহাৰ কৰে এই এপটো। এই এপটো ইমানেই বেছি জনপ্ৰিয় যে Google Play Storeত ইতিমধ্যেই ডাউনলোডৰ সংখ্যা মিলিয়ন অতিক্ৰম কৰিছে এপটোৱে।
এপটোৰ নাম হল ‘ai.type’। আচৰিত কথা এয়া যে হেক হব পৰা বুলি প্ৰমাণ হোৱাৰ পিছতো Google Play Storeত উপলব্ধ এই এপ।
‘ai.type’- এই এপটোৱে আপোনাৰ অনুমতি নোহোৱাকৈ আপোনৰা মোবাইলত থকা Data-সমুহ বিশ্লেষণ কৰিব পাৰে। যদি আপোনাৰ মোবাইলত Digital Payment Wallet, যেনে PayTm, Google Pay, BHIM আদি এপ আছে, তেন্তে আপোনাৰ একাউন্ট সম্বন্ধীয় তথ্য ‘ai.type’ এপটোৱে লাভ কৰিব পাৰে।
কিমান সত্য এই হেকিঙৰ বাতৰি
তথ্য অনুসৰি, Secure-D (Anti Fraud Solution Company)য়ে জনাইছে যে তেওঁলোকে চলোৱা সমীক্ষাত ১,১০,০০০টা মোবাইলয়ে ‘ai.type’ৰ ভুক্তভোগী হোৱাৰ তথ্য লাভ কৰিছে। ১৩খন দেশত ইতিমধ্যেই ১৮ মিলিয়ন ডলাৰ হেক কৰিছে এই দুষ্ট চক্ৰই।
উল্লেখযোগ্য যে সময়ে সময়ে Googleয়ে Play Store ৰ পৰা সন্দেহজনক এপসমূহ Delete কৰি আহিছে যদিও দুষ্ট চক্ৰই নতুন নতুন কৌশল অৱলম্বন কৰি আহিছে মানুহক ঠগিবলৈ।
কেনেকৈ হাতসাৰি থাকিব এনে দুষ্ট চক্ৰৰ পৰা
- আপোনাৰ মোবাইল Update কৰি ৰাখক
- এবাৰ চলাই চাও বুলি যিকোনো এপ Install নকৰিব
- সন্দেহজনক এপ পালে ইয়াক Report কৰক