অৰুণাচলৰ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ মৃত্যু শদিয়াত; ক্ষতিপূৰণৰ দাবী

অৰুণাচলৰ লৱাৰ ডিবাং ভেলি জিলাৰ সৰু পাহাৰ অঞ্চলৰ মেপ’ চাহ বাগিচাত তিনিচুকীয়া জিলাৰ ডিগবৈৰ পেঙেৰী থানাৰ অন্তৰ্গত ১ নং চেলেংমাটি গাঁৱৰ ৰবি মুণ্ডা (৪০) নামৰ এজন লোক দুৰ্ঘটনাগ্ৰস্ত হৈ মঙলবাৰে মৃত্যু মুখত পৰে।

জানিব পৰা মতে ৰবি মুণ্ডাই এখন ট্ৰেক্টৰত উঠি পাহাৰৰ দুৰ্গম অঞ্চলৰ পৰা বাগিচাৰ বাবে পানী আনিব যাওঁতে হঠাৎ ট্ৰেক্টৰৰ পৰা সৰি পৰি আঘাতপ্ৰাপ্ত হয়।

পিছত ৰবিক জিলাখনৰ সদৰ চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে অসমলৈ চিকিৎসকে প্ৰেৰণ কৰে। অৱশ্যে দুৰ্ভাগ্যবশত অসমলৈ আনি থকা অৱস্থাত শদিয়াৰ শান্তিপুৰ গেটত ৰবি মুণ্ডাই মৃত্যুক আঁকোৱালি লয়।

আনহাতে শদিয়া মহকুমাৰ চাহ জনগোষ্ঠী ছাত্ৰ সন্থাই এই ঘটনাৰ তদন্তৰ দাবী কৰি মৃত লোকজনৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিবলৈ দাবী জনায়।

লগতে সংগঠনটোৱে অসমৰ চাহ -বাগিচাৰ পৰা কিছুমান দালাল চক্ৰই অধিক মজুৰীৰ প্ৰলোভনেৰে অৰুণাচলৰ বিভিন্ন স্থানত সহজ সৰল শ্ৰমিক সকলক নিয়োজিত কৰি উক্ত শ্ৰমিকসকলক নানা নিৰ্যাতন চলোৱাৰ লগতে কম মূল্যত কাম কৰাই আহিছে বুলিও এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।

তাৰোপৰি দৈনিক তিনিচুকীয়াৰ বিভিন্ন চাহ বাগিচাৰ পৰা শ্ৰমিক সকলক উন্মুক্ত বাহনসমূহত অবৈধভাৱে শ্ৰমিক আইন উলংঘা কৰি বিপদসংকুলভাৱে অসম অৰুণাচল আৰক্ষীৰ সন্মুখেদি জীৱ জন্তুৰ দৰে অনা নিয়া কৰা কাৰ্যও  অনতিপলমে বন্ধ কৰিবলৈ সংগঠনটোৱে আৰক্ষীক দাবী জনায়।