গৃহবন্দী শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ এজন শিক্ষকৰ

IMG-20200330-WA0001

ভাৰতত চলি থকা লকডাউনৰ সময়ত পুৰণিগুদামৰ চলচলিৰ এগৰাকী শিক্ষকে গ্ৰহণ কৰা পদক্ষেপে অঞ্চলটোৰ ৰাইজৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।

লকডাউনৰ ফলত খাদ্য সংকটত ভোগা পুৰণিগুদামৰ বৃহত্তৰ অঞ্চলৰ প্ৰায় শতাধিক দুখীয়া পৰিয়ালৰ মাজত শিক্ষক পুষ্পকান্ত বৰুৱাই অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

চলচলি ব্ৰাহ্মণ গাঁও চাৰিআলিত গাঁওবুঢ়া পদুম বৰাৰ উপস্থিতিত শিক্ষকজনে খাদ্য সমগ্ৰী বিতৰণ কৰে বুলি জানিব পৰা যায়।

সমাজত মহানুভৱতাৰ পৰিচয় দিয়া শিক্ষকজনে এই সন্দৰ্ভত কয় যে দেশৰ সংকটৰ সময়ত প্ৰত্যেকগৰাকী দায়িত্বশীল ব্যক্তিয়ে দৰিদ্ৰ লোকক উপকাৰ সাধন কৰাৰ চেষ্টা কৰা উচিত।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছে দেশত মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়তে শিক্ষকজনে গ্ৰহণ কৰা এনে পদক্ষেপে বহু লোকক উপকৃত কৰাৰ লগতে অঞ্চলটোৰ ৰাইজে তেওঁক ধন্যবাদ জ্ঞাপন কৰে।

আনহাতে চৰকাৰী নিৰ্দেশনা অনুযায়ী সমগ্ৰ দেশজুৰি লকডাউন প্ৰক্ৰিয়া চলি থকাৰ সময়তে পুৰণিগুদামৰ চলচলি জলাহগাঁৱৰ সচেতন ৰাইজে গাঁওখনত কোনো বাহিৰা লোক সোমাব নোৱাৰাকৈ ‘গাঁও লকডাউন’ৰ ব্যৱস্থা কৰা দেখা গৈছে।

জলাহগাঁৱৰ দুয়োটি মূল পথৰ প্ৰৱেশ পথত বাঁহ বান্ধি জৰুৰী নহ’লে কোনো লোককে গাঁৱত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্টকৈ লিখি ফলক আৰি দিয়া পৰিলক্ষিত হৈছে।