বিজেপি-অগপৰ কাৰ্যালয় জ্বলাই দিয়া তিনিজন দুষ্কৃতিকাৰীক আটক

west bengal

প্ৰতিনিধিত্বমূলক চিত্ৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক(আইন) গৃহীত হোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে লখিমপুৰৰ ঢকুৱাখানাতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিধেয়ক বাতিলৰ দাবীত হিংসাত্মক কাৰ্য সংঘটিত কৰা প্ৰতিবাদকাৰীৰ তিনিজনক ঢকুৱাখানা আৰক্ষীয়ে মঙলবাৰে আটক কৰিছে।

উল্লেখ্য যে আটকাধীন প্ৰতিবাদকাৰী কেইজনৰ বিৰুদ্ধে যোৱা ১২ ডিচেম্বৰত শাসনাধিষ্ঠ বিজেপি আৰু অগপ দলৰ কাৰ্যালয়ত অগ্নি সংযোগ কৰাৰ অভিযোগ আছে।

এই গোচৰত মঙলবাৰে পুৱতি নিশা আৰক্ষীয়ে বিভিন্ন ঠাইত অভিযান চলাই ঢকুৱাখনাৰ জীয়ামৰীয়া গাঁৱৰ বিদ্যা বৰা ওৰফে পাপু (২৫), হিৰুমণি কোঁচ (২১) আৰু টাউন তিনিআলিৰ যতীন গগৈ(১৮) ক আটক কৰে।

আটকাধীন তিনিজনৰ উপৰি আৰু ১২ জনৰ বিৰুদ্ধে ঢকুৱাখনা আৰক্ষী থানাত ১৮৩/২০১৯ আৰু ১৮৫/২০১৯ নম্বৰত দুটা গোচৰ ৰুজু কৰা হৈছিল।

আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰি কয় যে আন্দোলনৰ নামত ৰাজহুৱা সম্পত্তি ধ্বংস আৰু হিংসাত্মক কাৰ্যত লিপ্ত হোৱা প্ৰতিবাদকাৰী সকলক অতি শীঘ্ৰে আটক কৰিব।