২৮ ফেব্ৰুৱাৰিত গুৱাহাটীলৈ আহিব জে ডি ইউৰ প্ৰতিনিধি দল : সাক্ষাৎ কৰিব দল-সংগঠনৰ নেতৃত্বক

National Executive meeting in Patna

জে ডি ইউৰ নেতা তথা বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰ আৰু দলটোৰ সাধাৰণ সম্পাদক কে চি ত্যাগী।

২৮ ফেব্ৰুৱাৰিত নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল ইউনাইটেড(জে ডি ইউ)ৰ এটা প্ৰতিনিধি দল গুৱাহাটীলৈ আহিব। জে ডি ইউৰ সাধাৰণ সম্পাদক কে চি ত্যাগীৰ নেতৃত্বত দলটোৱে অসমলৈ আহি ৰাজ্যখনৰ বিভিন্ন দল সংগঠনৰ নেতৃত্বক সাক্ষাৎ কৰিব। শনিবাৰে দলটোৰ সাংসদ তথা সাধাৰণ সম্পাদক কে চি ত্যাগীয়ে এখন সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

সংবাদমেলত দলটোৰ নেতা ত্যাগীয়ে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে কংগ্ৰেছ দলকো বিধেয়কখনৰ বিৰুদ্ধে মতদান কৰিবলৈ আহ্বান জনাইছে।

আনহাতে, অসমত জে ডি ইউৰ প্ৰতিনিধি দলটোৱে অসমৰ দল-সংগঠনক সাক্ষাৎ কৰাৰ পাছত প্ৰধানমন্ত্ৰীক এখন প্ৰতিবেদন দাখিল কৰিব।

উল্লেখযোগ্য যে নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি (ইউ) এ যোৱাটো বৰ্ষৰ ৮ জুলাইত দলটোৰ নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬’ৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈ যোৱাৰ পাছত দলটোৰ সাধাৰণ সম্পাদক কে চি ত্যাগীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল যে বিধেয়কখন দেশৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ প্ৰতি ভাবুকি আৰু সেয়েহে দলে ইয়াৰ বিৰোধিতা কৰিব। তেওঁ লগতে উল্লেখ কৰিছিল যে উত্তৰ-পূবৰ ৰাজ্যসমূহ, বিশেষকৈ অসমৰ ঐক্য আৰু সংহতিৰ প্ৰতি ই ভাবুকি হৈ পৰিব।

তদুপৰি, দলটোৰ সাংসদ তথা যুটীয়া সংসদীয় সমিতিৰ সদস্য হৰি বংশেও বিধেয়কখন দেশৰ ধৰ্মনিৰপেক্ষতাৰ প্ৰতি ভাবুকি বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছিল।

আনহাতে, ইয়াৰ পূৰ্বে যোৱাটো বৰ্ষৰে ১৭ মে’ত সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে দলটোৰ জ্যেষ্ঠ নেতা তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰিছিল। নীতিশ কুমাৰে প্ৰতিনিধি দলটোৰ আগত সৰ্বতোপ্ৰকাৰে বিধেয়কখনৰ বিৰোধিতা কৰাৰ কথা ঘোষণা কৰিছিল।

সমগ্ৰ অসমতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে বিষয়টোক লৈ ৰাষ্ট্ৰীয় পৰ্যায়তো বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে প্ৰতিষ্ঠিত ৰাজনৈতিক দলে সঁহাৰি জনোৱাটো তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে।