বিশ্ব কাৰাটে চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি উজলি উঠিল ১৯ গৰাকীকৈ অসম সন্তান

যোৱা ২৯ ৰ পৰা ৩১ ডিচেম্বৰলৈ স্প’ৰ্ট এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা কলকাতাৰ নেতাজী ইনড’ৰ ষ্টেডিয়ামত আয়োজিত বিশ্ব কাৰাটে চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি কলিয়াবৰৰ ১৯ জনকৈ কাৰাটে প্ৰতিযোগী উজলি উঠিছে।

ব্লেকবেল্ট প্ৰাপ্ত কলিয়াবৰৰ বিপ্লৱ কুমাৰ শইকীয়াৰ প্ৰশিক্ষণ তথা নেতৃত্বত কলিয়াবৰৰ পৰা ২০ জনীয়া দলে বিশ্ব কাৰাটে চেম্পিয়নশ্বিপ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল। ইয়াৰে ভিতৰতে এগৰাকী পাঁচবছৰীয়া কনমানি প্ৰতিযোগীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

ৰিদ্ধি ৰাগিনী কাশ্যপ নামৰ এই কনমাণিয়ে বিশ্ব কাৰাটেৰ জুনিয়ৰ শাখাত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। বিশ্ব কাৰাটে চেম্পিয়নশ্বিপত ৫ বছৰীয়া ৰিদ্ধি ৰাগিনীৰ লগতে ৰূপজ্যোতি শইকীয়া ,মৃনাল বৰা ,সুৰজ পাণ্ডে হেমজানন লাংঠাছা আৰু চিহ্ননী গাৰ্গ ভটাচাৰ্যকে ধৰি মুঠ ৬ জনে ভিন্ন শাখাত স্বৰ্ণ পদক অৰ্জন কৰে।

তদুপৰি, কলিয়াবৰৰ পৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি সাতজনে ৰূপৰ পদক আৰু ৬ জনে ব্ৰ’ঞ্জৰ পদক লাভৰে দেশলৈ কঢ়িয়ালে মূঠ ১৮ টাকৈ পদক। এই সাফল্যক লৈ উৎফুল্লিত হৈ পৰিছে কলিয়াবৰৰ কাৰাটে দলটোৰ প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়া।

আনহাতে, বিশ্ব কাৰাটেৰ সমান্তৰালকৈ সাংস্কৃতিক ক্ষেত্ৰখনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠে কলিয়াবৰৰ কণমানি গৰিমা হাজৰিকা। কলিয়াবৰৰ সোণাৰী গাঁৱৰ বিপিন হাজৰিকা আৰু ৰুমী হাজৰিকাৰ ৮ বছৰীয়া কন্যা গৰিমাই ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা কলকাতাত অয়োজিত সাংস্কৃতিক প্ৰতিযোগিতাত ‘দশ অৱতাৰ নৃত্য’ৰে প্ৰথম স্থান লাভ কৰি ৰাজ্য তথা কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে গৰিমা হাজৰিকাই।

তদুপৰি, চলিত বৰ্ষৰ মাৰ্চ ,এপ্ৰিল আৰু চেপ্তেম্বৰ মাহত ক্ৰমে ইউৰোপ ,জাপান আৰু থাইলেণ্ডত অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক প্ৰতিযোগিতা অংশগ্ৰহণৰ নিমন্ত্ৰণ লাভ কৰিছে কলিয়াবৰৰ গৰিমা হাজৰিকাই।

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ লগতে ৰাষ্ট্ৰীয় সাংস্কৃতিক ক্ষেত্ৰখনত সফলতা অৰ্জন কৰি ৰাজ্য তথা দেশলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱা এইসকল প্ৰতিভাৱানক শুকুৰবাৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

সম্বৰ্দ্ধনা অনুষ্ঠানত সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি সাফল্য কঢ়িয়াই অনা দলটোক কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে উষ্ম আদৰণি জনায়। আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি মণি মাধৱ মহন্তই সকলোকে অনাগত দিনতো কলিয়াবৰলৈ সুনাম কঢ়িয়াই অনাৰ এই যাত্ৰা অটুট ৰাখি অনাগত দিনত বিশ্বৰ বুকুত নিজৰ নাম খোদিত কৰিব পৰাকৈ আৰু অনুশীলন কৰি দেশলৈ সন্মান আজুৰি আনিবলৈ সকলোলৈকে শুভকামনা জ্ঞাপন কৰে।