পবিতৰা অভয়াৰণ্যত “ফ্ৰেন্ডচ অফ ৰাইন” শীৰ্ষক অভিযানত উৎফুল্লিত ছাত্ৰ-ছাত্ৰী

WhatsApp Image 2021-03-24 at 12.24.24

অসমৰ মৰিগাঁও জিলাত অৱস্থিত এশিঙীয়া গঁড়ৰ বাবে অতি উপযুক্ত বাসস্থান পবিতৰা অভয়াৰণ্যৰ নিকটৱৰ্তী অঞ্চলত বসবাস কৰা  ছাত্ৰ-ছাত্ৰীৰ এটা দলে প্ৰথমবাৰৰ বাবে মঙ্গলবাৰে পবিতৰা অভয়াৰণ্য ভ্ৰমণ কৰি উৎফুল্লিত হৈ পৰে।

উল্লেখযোগ্য যে, ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন “আৰণ্যক”ৰ সচিব প্ৰধান ড: বিভৱ তালুকদাৰৰ নেতৃত্বত ৰাজ্যখনৰ গঁড় থকা অৰণ্যৰ কাষৰীয়া বিদ্যালয় আৰু মহাবিদ্যালয়ত “ফ্ৰেন্ডচ অফ ৰাইন” অৰ্থাৎ “গঁড়ৰ বন্ধু” শীৰ্ষক এক সজাগতা  অভিযান চলাই থকা হৈছে।

এই অভিযানৰ লগতে সংগতি ৰাখি আৰণ্যকৰ উদ্যোগত আৰু অভয়াৰণ্য কৰ্তৃপক্ষৰ সহযোগত পবিতৰা অভয়াৰণ্যৰ  গাতে লাগি থকা পশ্চিম মায়ং উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিৰ্বাচিত প্ৰায় ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক যশবন্ত দাস, প্ৰধান শিক্ষক আৰু অপৰ্না শইকীয়া, সহকাৰী  শিক্ষয়িত্ৰীৰ উপস্থিতিত মঙ্গলবাৰে পবিতৰা অভয়াৰণ্য ভ্ৰমণ কৰোৱাৰ লগতে প্ৰকৃতি সম্পৰ্কত শিক্ষা প্ৰদান কৰা হয়।

“আৰণ্যক”ৰ Rhino Research and Conservation Division ৰ manager আৰিফ হুছেইনে আঁত ধৰা সজাগতা অনুষ্ঠানত পবিতৰা অভয়াৰণ্যৰ ৰেঞ্জ অফিচাৰ মুকুল তামুলী, ডেপুটি ৰেঞ্জাৰ ভিম বাহাদুৰ চেট্ৰী উপস্থিত থকাৰ লগতে কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিবেশ কৰ্মী স্বপন নাথো উপস্থিত থাকে।

পবিতৰা অভয়াৰণ্য, এশিঙীয়া  গঁড়কে ধৰি বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা, ছাত্ৰ –ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীৰ এই ক্ষেত্ৰত কৰণীয় আদি সম্পৰ্কে ছাত্ৰ-ছাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়।

এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীক আৰণ্যকৰ তৰফৰ পৰা প্ৰশিক্ষণত ব্যৱহাৰ হোৱা সামগ্ৰীও প্ৰদান কৰা হয়।

ইফালে,  শিক্ষাৰ্থীসকলক অভয়াৰণ্যখনৰ  ভিতৰলৈ নি বন্যপ্ৰাণী বিশেষকৈ গঁড়ৰ আচাৰ-ব্যৱহাৰ, গঁড়ৰ জীৱনৰ কথা তথা হাতী, পহু, বনৰীয়া ম’হ, বিভিন্ন প্ৰজাতিৰ পক্ষীৰ লগতে পবিতৰা অভয়াৰণ্যৰ জৈৱবৈচিত্র সম্পৰ্কে চাক্ষুস প্ৰশিক্ষণ আগবঢ়োৱা হয়।

জীৱনত প্ৰথমবাৰৰ বাবে পবিতৰা অভয়াৰণ্যৰ বন্যপ্ৰাণী আৰু জৈৱ বৈচিত্র দেখি ছাত্ৰ-ছাত্ৰীসকল উৎফুল্লিত হৈ পৰে।