হাজো আৰক্ষীৰ জালত হাৰিয়ানাৰ হাই প্ৰফাইল চোৰ দল

হাজোত আৰক্ষীৰ অভিযানত এটা হাই প্ৰফাইল চোৰৰ দল আটক হয়। হাজো আৰক্ষীয়ে খেদি খেদি বৰম্বৈ পাহাৰৰ পৰা চাৰিজনীয়া চোৰৰ দলটোক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা চোৰ কেইগৰাকী ইৰাণ গ্ৰুপৰ সদস্য বুলি সন্দেহ কৰা হৈছে।

চোৰৰ দলটোৰ পৰা এইচ আৰ-৩১ জে-৫১৫১ নম্বৰৰ এখন বিলাসী বাহনো আৰক্ষীয়ে জব্দ কৰে।

প্ৰাথমিক তদন্তত চোৰৰ দলটো হাৰিয়ানৰ বুলি জানিব পৰা গৈছে। চোৰৰ দলটোত এগৰাকী বাবাজীয়ো আছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

উল্লেখ যোগ্য যে, হাজোৰ দমদমাৰ এটা ATM পৰা এজন যুৱকে টকা উলিওৱাৰ সময়ত গেংটোৱে অতি কৌশলৰে ATM কাৰ্ড সালসলনি কৰি পলায়ন কৰিছিল।

এই খবৰ বিয়পি পৰাৰ লগে আৰক্ষীয়ে তৎপৰতাৰে ইৰাণী দলৰ সদস্যসকলক আটক কৰিবলৈ সক্ষম হয়।

অধিক তথ্যৰ বাবে সম্প্ৰতি হাজো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।