• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমত এইবাৰ বিধানসভাৰ নির্বাচনত কিমানগৰাকী মহিলা প্রার্থী? কোন দলে কিমানক দিলে প্ৰাৰ্থিত্ব?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2021 8:05 am
a-bjjpp-750x375

প্ৰতিনিধিত্বমূলক ফটো।

453
VIEWS
Share on FacebookShare on Twitter

তিনিটা পৰ্যায়ত অনুষ্ঠিত অসম বিধানসভাৰ ২০২১ৰ নিৰ্বাচনত মুঠতে ৭৪গৰাকী মহিলাৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।

বিগত দুটা বিধানসভা নিৰ্বাচনৰ তুলনাত এইবাৰ মহিলা প্ৰাৰ্থীৰ সংখ্যা কম।

২০১৬ৰ অসম বিধানসভাৰ নিৰ্বাচনত ৯১গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ বিপৰীতে ২০১১ত ৮৫গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

২০১৬ত আঠ গৰাকী মহিলা প্ৰাৰ্থী বিজয়ী হৈছিল আৰু ২০১১ত ১৪গৰাকী মহিলা প্ৰাৰ্থীয়ে বিধানসভালৈ নিৰ্বাচিত হৈছিল।

ৰাজ্যখনৰ ১২৬ গৰাকী সদস্যযুক্ত বিধানসভাৰ বাবে বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা সৰ্বমুঠ ৯৪৬গৰাকী প্ৰাৰ্থীৰ মাজত ৭৪গৰাকী মহিলা প্ৰাৰ্থীৰ সংখ্যাটো মাত্ৰ ৭.৮২ শতাংশ।

এনে পুতৌজনক প্ৰতিনিধিত্বৰ বিপৰীতে এইবাৰৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত  পুৰুষক অতিক্ৰমি মুঠ ৪০,৩২,৪৮১গৰাকী মহিলা ভোটাৰৰ ৭৬.০৭শতাংশই ভোটদান সাৱ্যস্ত কৰিছে। সেইদৰে, মুঠ ৪০,৭৭,২১০ গৰাকী পুৰুষ ভোটাৰৰ ৭৫.৭৯শতাংশই ভোটাধিকাৰ সাৱ্যস্ত কৰিছে।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মহিলাৰ ভোটদানৰ হাৰ পুৰুষতকৈ মাত্ৰ .০৬ শতাংশহে কম হৈছে। মুঠ ৩৬,০৯,৯৫৯গৰাকী মহিলা ভোটাৰৰ ৮০.৯৪শতাংশ ভোটদান কৰাৰ বিপৰীতে মুঠ ৩৭,৩৪,৫৩৭গৰাকী পুৰুষ ভোটাৰৰ ৮১ শতাংশই ভোটাধিকাৰ সাৱ্যস্ত কৰে।

মহাজোঁটৰ অংশীদাৰ কংগ্ৰেছে ৯গৰাকী মহিলাক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে ইয়াৰ আন সহযোগী দল এআইইউডিএফ, ৰাষ্ট্ৰীয় জনতা দল আৰু বিপিএফে প্ৰত্যেকে এগৰাকীকৈ মহিলাক প্ৰাৰ্থিত্ব দিছে।

এইবাৰ বিধানসভাৰ নিৰ্বাচনত মহাজোঁটে দিয়া মুঠ ১২ গৰাকী মহিলা প্ৰাৰ্থীৰ সংখ্যা ২০১৬চনৰ বিধানসভাৰ নিৰ্বাচনত অকল কংগ্ৰেছে টিকট দিয়া ১৬ গৰাকী মহিলা প্ৰাৰ্থীৰ তুলনাত কম।

বিজেপিয়ে ৭গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে যিটো বিগত বিধানসভাৰ নিৰ্বাচনৰ সংখ্যাতকৈ এটা বেছি। আনহাতে ইয়াৰ সহযোগী অসম গণ পৰিষদে বিগত বিধানসভাৰ নিৰ্বাচনৰ দৰেই এইবাৰো দুগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিছে।

ইপিনে, নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদে (অজাপ) ৭গৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু আনটো নতুনকৈ গঠিত ৰাইজৰ দলে এগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিছে।

কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়োৱা ৯গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকী নতুন মুখ, দুগৰাকী বৰ্তমানৰ বিধায়ক, আৰু প্ৰাক্তন মন্ত্ৰী তথা বিগত বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হোৱা দুগৰাকী প্ৰাৰ্থীও আছে।

কংগ্ৰেছৰ নতুন মুখ হৈছে পূব গুৱাহাটী সমষ্টিত অসীমা বৰদলৈ, পশ্চিম গুৱাহাটীত মীৰা বৰঠাকুৰ গোস্বামী আৰু বটদ্ৰবাত শিবামনি বৰা।

আটাইতকৈ পুৰণি দলটোৱে নতুন মুখ হিচাপে আমগুৰিত অংকিতা দত্ত আৰু টীয়কত পল্লবী গগৈকো প্ৰাৰ্থিত্ব দিছে।

সেইদৰে, কংগ্ৰেছ পুনৰ প্ৰাৰ্থিত্ব লাভ কৰিছে বৰ্তমানৰ বিধায়িকা বকোৰ নন্দিতা দাস আৰু সৰুপথাৰৰ ৰ’জলীনা তিৰ্কিয়ে। তদুপৰি, প্ৰাক্তন মন্ত্ৰী নাহৰকটীয়াৰ প্ৰণতি ফুকন আৰু খুমটাইৰ বিস্মিতা গগৈকো দলটোৱে পুনৰ প্ৰাৰ্থিত্ব দিছে।

আনহাতে, বিজেপিয়ে নতুন মুখ হিচাপে শিৱসাগৰত সুৰভি ৰাজকোঁৱৰ, হাফলঙত নন্দিতা গাৰ্লোছা, আলগাপুৰত মুন স্বৰ্ণকাৰ আৰু বাঘবৰত হাছিনাৰা খাতুনক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

গেৰুৱা দলটোৱে দুগৰাকী বৰ্তমানৰ বিধায়িকা বটদ্ৰবাত আঙুৰলতা ডেকা আৰু হাজোত সুমন হৰিপ্ৰিয়াক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰা গোলাঘাটৰ বৰ্তমান বিধায়িকা অজন্তা নেওগক সমষ্টিটোত প্ৰাৰ্থিত্ব দিছে।

Tags: Assam Election

Recent News

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd