২০০২-০৩ বৰ্ষত বছৰজোৰা কাৰ্যসূচীৰে নতুন পদাতিক গোষ্ঠীৰ উদ্যোগত অসমৰ কেইজনামান প্ৰগতিশীল মনোভাৱাপন্ন বিশিষ্ট লেখক-বুদ্ধিজীৱীৰ সহযোগত জননেতা ভীমবৰ দেউৰীৰ জন্ম শতবাৰ্ষিকীৰ আয়োজন কৰা হৈছিল। তেওঁলোকৰ সৈতে সহযোগ কৰিছিল দেউৰী সাহিত্য সভা আৰু সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ একাংশ কৰ্মকতাই। তাৰ পূৰ্বলৈকে জননেতা ভীমবৰ দেউৰী অসমৰ প্ৰেক্ষাপটতো বাদেই ভৈয়াম জনগোষ্ঠীসকলৰ মাজতো বিশেষভাৱে চৰ্চিত হোৱা নাছিল। মাত্ৰ দেউৰী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ মাজত চুৰ্চুৰীয়াকৈ পৌনঃপৌনিকভাৱে চৰ্চিত হৈ আছিল, তাকো কেৱল ক্ষুদ্ৰকায় দেউৰী জনগোষ্ঠীৰ প্ৰথম তথা(সেই সময়, অৰ্থাৎ ১৯৯১ চনলৈকে) একমাত্ৰ মন্ত্ৰী হিচাপেহে। অৱশ্যে স্বগোষ্ঠীয় গাঁওবোৰৰ সাধাৰণ দেউৰীৰ ৰাইজৰ মাজত এজন কানি নিবাৰক নেতা আৰু এজন উকীল হিচাপেহে চৰ্চিত হৈ আছিল ভীমবৰ দেউৰী। যাৰ ফলত দীৰ্ঘদিন ধৰি ভীমবৰ দেউৰীয়ে অসমৰ ৰাজনৈতিক ক্ষেত্ৰ তথা ইতিহাসত গ্ৰহণ কৰা ভূমিকা সম্পৰ্কে অগোচৰে থাকি গৈছিল স্বগোষ্ঠীয় মানুহৰ মাজত। সেই পৌনঃপৌনিক চৰ্চাই বহু সময়ত বীৰ পূজনৰ ৰূপ পাইছিল। ফলত জননেতাগৰাকীৰ অৱদানসমূহৰ বস্তুনিষ্ঠ বিশ্লেষণ হোৱাৰ পৰিৱৰ্তে একঘেয়ামী চৰ্বিত-চৰ্বনত আৱদ্ধ হৈ পৰাৰ লগতে তথ্যৰ বিকৃতি ঘটিছিল। ২০০২-০৩ বৰ্ষত বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনে অসমৰ বৌদ্ধিক পৰিমণ্ডলত বিংশ শতিকাৰ অসমত ৰাজনৈতিকভাৱে ভীমবৰ দেউৰীয়ে লোৱা ভূমিকাৰ বিভিন্ন দিশবোৰ উন্মোচন হোৱা পৰিলক্ষিত হৈছিল। বিংশ শতিকাৰ ত্ৰিশৰ পৰা চল্লিশৰ দশকৰ অসমৰ ৰাজনৈতিক ইতিহাসত ভীমবৰ দেউৰীৰ যি উপস্থিতি সেয়া অন্ধকাৰ গৰ্ভত লয় পোৱাৰ পৰা সেই জন্ম শতবাৰ্ষিকীয়ে উদ্ধাৰ কৰিছিল বুলি ক’লেও উত্যুক্তি কৰা নহয়। সেই অভিযানৰ নেতৃত্ব লৈছিল অসমৰ বিশিষ্ট প্ৰগতিশীল লেখক-বুদ্ধিজীৱীসকলে। সেই উদ্যোগৰ অংশীদাৰ আছিল অসমৰ প্ৰগতিশীল মহলৰ বিশিষ্ট চিন্তাবিদ ড° হীৰেন গোহাঁই, মেদিনী চৌধুৰী, ইন্দিবৰ দেউৰী, উদয়াদিত্য ভৰালী, ড° পৰমানন্দ মজুমদাৰ, ড° দেৱব্ৰত শৰ্মা আদি। তেওঁলোকে জননেতা ভীমবৰ দেউৰীয়ে অসমৰ ৰাজনৈতিক ইতিহাসত গ্ৰহণ কৰা ভূমিকা তথা কৰ্মৰাজিৰ বস্তুনিষ্ঠ বিশ্লেষণৰ জৰিয়তে অসমৰ বৌদ্ধিক সমাজৰ দৃষ্টি আকৰ্ষণ কৰাই নহয়, ভীমবৰ দেউৰীৰ সম্পৰ্কে বহুতো গুৰুত্বপূৰ্ণ তথ্য আৰু নথি-পত্ৰ উদ্ধাৰৰ বাবে প্ৰয়াস কৰি সেয়া আধুনিক অসমৰ ইতিহাসত প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হৈ উঠে। প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে জননেতা ভীমবৰ দেউৰীৰ জন্ম শতবাৰ্ষিকীৰ আগে আগে অসমৰ জনজীৱনৰ প্ৰাণ পুৰুষ তথা অন্যতম শ্ৰেষ্ঠ পুৰুষ জ্যোতিপ্ৰসাদ আগৰৱালাৰো জন্ম শতবাৰ্ষিকী বছৰজোৰাকৈ উদযাপন কৰিছিল অসমৰ প্ৰগতিশীল মনোভাৱাপন্ন শিবিৰে। জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম শতবাৰ্ষিকীৰ উদযাপনৰ পিছতে অখিল গগৈৰ(নতুন পদাতিক গোষ্ঠীৰ সহযোগত) উৎসাহত জননেতা ভীমবৰ দেউৰীৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিবলৈ উদ্যোগ লোৱা হৈছিল বুলি ড° হীৰেন গোহাঁই ডাঙৰীয়াৰ মুখেৰে আমি জানিব পাৰিছিলো।
আচলতে ৰজাঘৰীয়াই কওক বা প্ৰজাঘৰীয়াই কওক ভীমবৰ দেউৰীক লৈ অসমৰ ৰাজনৈতিক ইতিহাস যোৱা চাৰিটা দশক প্ৰায় নিশ্চুপ হৈয়ে আছিল। অৰ্থাৎ তেওঁৰ মৃত্যুৰ পিছত তদানীন্তন “নায়ক” আলোচনীৰ বাহিৰে ভীমবৰ দেউৰীৰ ৰাজনৈতিক অৱদান অথবা অসমৰ ৰাজনীতিত তেওঁৰ উপস্থিতিক লৈ সকলো মূলসুঁতিৰ কাকত আলোচনী আছিল ভয়ংকৰ ধৰণে নিশ্চুপ। জননেতা ভীমবৰ দেউৰীৰ মৃত্যুৰ পিছত জনজাতীয় নেতা (পৰৱৰ্তী সময়ৰ অসমৰ মুখ্যমন্ত্ৰী) যোগেন্দ্ৰ নাথ হাজৰিকাৰ সম্পাদনাত ১৯৪৮ চনত প্ৰকাশিত “নায়ক” আলোচনীখন ভীমবৰ দেউৰী সংখ্যাৰূপে প্ৰকাশ পাইছিল আৰু “নায়ক”ৰ সেই সংখ্যাটোৱেই পৰৱৰ্তী সময়ত ভীমবৰ দেউৰী অধ্যয়নৰ মূল উৎসৰূপে বিবেচিত হৈ আহিছে। অতি পৰিতাপৰ কথা যে অসমীয়া মধ্যবিত্ত শ্ৰেণী নিয়ন্ত্ৰিত জাতীয়তাবাদী ভাৱধাৰাৰ সংবাদ মাধ্যমও ভীমবৰ দেউৰী সম্পৰ্কত আছিল তেনেই নিৰাসক্ত। জননেতা ভীমবৰ দেউৰীক জীৱিত কালতেই সেই সময়ৰ অসমীয়া জাতীয়তাবাদীসকলে এজন সাম্প্ৰদায়িক আৰু অসমীয়া জাতি বিৰোধী নেতা বুলি কটাক্ষ কৰিছিল। গতিকে তেখেতৰ মৃত্যুৰ পিছত মূলসুঁতিৰ অসমীয়া জাতীয়তাবাদী ইতিহাস টিকাকাৰসকলে ভীমবৰ দেউৰীসহ অন্য জনগোষ্ঠীয় নেতাসকলক অসমৰ ৰাজনৈতিক ইতিহাসৰ পাতৰ পৰা মচি চিন মোকাম নাইকিয়া কৰিবলৈ বিচৰাটো একো আচৰিত কথাও নাছিল। বিশিষ্ট সাহিত্যিক প্ৰয়াত মেদিনী চৌধুৰীয়ে সঠিকভাৱেই লিখিছিল— “ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্মই ট্ৰাইবেল লীগে ছাদুল্লা চাহাবৰ মুছলীম লীগৰ সৈতে সম্বন্ধ স্পাপন কৰিবলৈ যাওঁতে দেউৰী-ব্ৰহ্মহঁতক দেশদ্ৰোহী, জাতি শত্ৰু আদি আখ্যা দি তীব্ৰ গৰিহণা দিছিল সংবাদ মাধ্যমে। কিন্তু চৌধুৰীয়ে (ৰোহিনী কুমাৰ চৌধুৰী) ছাদুল্লা চাহাবৰ মুছলীম লীগ মন্ত্ৰীসভাত যোগ দিয়া বৰদলৈ কংগ্ৰেছ দলে লীগ দলৰ সৈতে সহযোগ কৰি চৰকাৰ গঠন কৰা সত্ত্বেও মাধ্যমে টু শব্দ এটাও কৰা নাছিল।” ইয়ে প্ৰমাণ কৰে বিংশ শতিকাৰ ত্ৰিশ আৰু চল্লিশৰ দশকৰ অসমীয়া মধ্যবিত্ত শ্ৰেণী জাতীয়তাবাদী নেতাসকলে কেনে যুদ্ধংদেহী মনোভাৱেৰে জনগোষ্ঠীয় নেতৃত্বক আক্ৰমণ কৰিছিল আৰু অসমত এটা অবিশ্বাসৰ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰি তুলিছিল। যিটো সাম্প্ৰতিক সময়তো অতি প্ৰাসঙ্গিক হৈ উঠিছে। যাৰ পৰা অসমীয়া মধ্যশ্ৰেণী জাতীয়তাবাদী নেতাসকলে এতিয়াও শিক্ষা লোৱা অতি প্ৰয়োজন বুলি আমাৰ ভাৱ হয়।
সেয়ে আমি ভাবোঁ জন্ম শতবাৰ্ষিকী উদযাপনে সেই সময়ত ভীমবৰ দেউৰীক, নিজৰ জনগোষ্ঠীটোৰ মাজতে চৰ্বিত-চৰ্বন হৈ থকা ভীমবৰ দেউৰীক অসমৰ ৰাজনৈতিক ইতিহাসত প্ৰতিষ্ঠা কৰাৰ লগতে তেওঁৰ অৱদানক বস্তুনিষ্ঠ বিশ্লেষণৰ এক ঐতিহাসিক ভূমিকা পালন কৰিলে। এই ভূমিকা আছিল বিভিন্ন জাতি জনগোষ্ঠীৰে বিশেষকৈ ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত অনগ্ৰসৰ জাতি ও সম্প্ৰদায়সমূহেৰে পৰিৱেষ্টিত অসমৰ সাম্প্ৰতিক ৰাজনৈতিক ইতিহাসৰ বাবে অতি গুৰুত্বপূৰ্ণ সংঘটন। সেয়ে উক্ত জন্ম শতবাৰ্ষিকী উদযাপন সমিতিয়ে অসমৰ এক জাতীয় দায়িত্ব পালন কৰিলে বুলি বিশ্বাস কৰোঁ।
আমি শতবাৰ্ষিকীৰ উদযাপনৰ প্ৰসঙ্গ অৱতাৰণা কৰাৰ কাৰণ আছে। ভীমবৰ দেউৰীৰ অৱদানক বস্তুনিষ্ঠ বিশ্লেষণাত্মক দৃষ্টিভঙ্গীৰে চাব খুজোঁ, বীৰ পূজনৰ দ্বাৰা চৰ্বিত-চৰ্বন কৰাৰ পক্ষপাতি আমি নহওঁ। এই চৰ্বিত-চৰ্বনেৰে ভীমবৰ দেউৰীৰ বলিষ্ঠ ৰাজনৈতিক ভূমিকাক অতিৰঞ্জিত কৰা আৰু ভুলকৈ বিশ্লষণ কৰাৰ যি এটা প্ৰৱণতা স্বগোষ্ঠীয় লোকৰ মাজত চলি আহিছে সেয়া মষিমূৰ কৰিব পাৰিব লাগিব আৰু ভীমবৰ দেউৰীৰ অৱদানক প্ৰকৃত পক্ষে অসমৰ ৰাজনৈতিক ইতিহাসত পুনঃ প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসক অধিক তৰান্বিত কৰিব পাৰিব লাগিব। ইফালে অসমীয়া জাতীয়তাবাদী আৰু ভাৰতীয় ৰাষ্ট্ৰীয়তাবাদী আৰ্যতাত্বিক ইতিহাসকাৰে সম্প্ৰতি ভীমবৰ দেউৰীৰ ৰাজনৈতিক ভূমিকাক নস্যাৎ কৰাৰ এক কুটিল ষড়যন্ত্ৰত লিপ্ত হোৱাও পৰিলক্ষিত হৈছে। সেয়ে আমাৰ এই অৱতৰণিকা।
আমি উনুকিয়াই আহিছো যে ভীমবৰ দেউৰীৰ অৱদান ও কৰ্মৰাজিৰ বস্তুনিষ্ঠ বিশ্লেষণ ইতিমধ্যে প্ৰগতিশীল মহলে আৰম্ভ কৰি গৈছে। কিন্তু সিমানতেই তদানীন্তন অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত ভীমবৰ দেউৰীয়ে লোৱা ৰাজনৈতিক ভূমিকাক বিশ্লেষণ সমাপ্ত হ’ল বুলি ভাবিলে অসমৰ ৰাজনৈতিক ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ এছোৱাক পুনৰ উপেক্ষা কৰা হ’ব। আমাৰ দৰে নবীনৰ দৃষ্টিত ভীমবৰ দেউৰীৰ ৰাজনৈতিক ভূমিকা, চিন্তন-মননৰ প্ৰাসঙ্গিকতা অসমৰ দৰে বহুতৰপীয়া ৰাজনৈতিক ব্যৱস্থাৰ প্ৰৱৰ্তন থকা বহুমিশ্ৰিত জনগাঁথনিৰ ৰাজ্যৰ বাবে সদায় গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈ থাকিব। সেয়ে আমি ভাবো ভীমবৰ দেউৰীৰ ৰাজনৈতিক অৱদান, ভূমিকা, চিন্তা আৰু দৰ্শন বীৰ পূজনৰ পৰা মুক্ত হৈ বহুল ৰূপত সাম্প্ৰতিক পৰিস্থিতিতো বিস্তুনিষ্ঠ নিৰ্মোহ বিশ্লেষণ হওক।
এইখিনিতে আমি ভীমবৰ দেউৰী ৰাজনৈতিক দূৰদৰ্শিতাৰ সম্পৰ্কে কিছু আলোচনা কৰিব খুজিছো, যিখিনি অসমৰ বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত অতিশয় প্ৰাসঙ্গিক। লগতে এই কথাও কৈ লোৱা উচিত হ’ব যে ভীমবৰ দেউৰীয়ে জীৱনৰ প্ৰথমছোৱাত পোৱা দুটা ৰাজনৈতিক আঘাতে পৰৱৰ্তী ৰাজনৈতিক জীৱনত বহুলাংশে দিশনিৰ্দেশকৰ ভূমিকা পালন কৰিছিল। যথা, ছাত্ৰাৱস্থাত কটন কলেজৰ হোষ্টেলৰ ছেকেণ্ড মেছৰ আহাৰ গ্ৰহণত জাতি বৰ্ণগত বৈষম্যৰ বলি হোৱাৰ লগতে পৰৱৰ্তী সময়ত প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰথম হৈ বাছনি হোৱাৰ পিছতো সেই সময়লৈকে দেউৰী সম্প্ৰদায় চৰকাৰী চাকৰি লাভ কৰাৰ যোগ্য জাতি হিচাপে বিবেচিত নোহোৱাৰ বাবে উচ্চ শিক্ষিত জনজাতীয় যুৱক ভীমবৰ দেউৰীয়ে অসামৰিক সেৱাত নিযুক্তি লাভৰ পৰা বঞ্চিত হৈছিল। কটনৰ হোষ্টেলৰ বৈষম্য বিৰুদ্ধে ছাত্ৰাৱস্থাতে আন্দোলন আৰম্ভ কৰি তেতিয়াই নাৰ্য প্ৰাপ্তিৰ ৰাজনৈতিক চেনতাক জাগ্ৰত কৰিছিল ভীমবৰ দেউৰীয়ে। পৰৱৰ্তী সময়ত বঞ্চনাৰ বলি হৈ অসমৰ ৰাজনীতিত উপেক্ষিত জনজাতিসকলৰ কণ্ঠস্বৰৰূপে আবিৰ্ভাৱ ঘটা দেখা যায় ভীমবৰ দেউৰীক। কিন্তু কেৱল উপেক্ষিত জনজাতিসকলৰ কণ্ঠস্বৰ বুলি ক’লে ভীমবৰ দেউৰীৰ অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁ লোৱা ভূমিকাক ভুলকৈহে মূল্যায়ণ কৰা হ’ব। ট্ৰাইবেল লীগৰ গুৰি ধৰোঁতা ভীমবৰ দেউৰী বহুমাত্ৰিক ৰাজনৈতিক কণ্ঠস্বৰ কেৱল নিপীড়িত উপেক্ষিতসকলৰ বাবেহে বুলি ভাবিলে ইতিহাসক অপব্যাখ্যা কৰাহে হ’ব। অসমৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি অতিশয় সংকটাপন্ন। পূৰ্বে উত্তৰ ভাৰতীয় বলয়ৰ আগ্ৰাসনে ইয়াৰ খিলঞ্জীয়াৰ অস্তিত্বৰ প্ৰতি বিশেষ সংকট সৃষ্টি কৰা নাছিল যদিও এতিয়া এক নতুন সংকটে অসমক গ্ৰাস কৰাৰ প্ৰৱণতা দেখা গৈছে।
বিগত ২০১৬ চনৰ পৰা বৰ্তমানলৈকে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৬ক লৈ অসমৰ সাম্প্ৰতিক ৰাজনীতি উত্তাল হৈ আছে। অসমৰ খিলঞ্জীয়া লোকসকলে আশংকা কৰিছে যে ই আইনত পৰিণত হ’লে অসমীয়া জাতিৰ সংকট আৰম্ভ হ’ব। ভাষিক-সাংস্কৃতিক আৰু ৰাজনৈতিক সংকটৰ লগতে ৰাজনৈতিক অধিকাৰৰ বিলুপ্তি হোৱাৰ আশংকা কৰা হৈছে। তীব্ৰ বিৰোধ/প্ৰতিবাদৰ পিছতো ২০১৯ৰ সংদসৰ শীতকালীন অধিবেশনত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ধৰ্মৰ ভিত্তিত বিদেশী নাগৰিকক নাগৰিকত্ব প্ৰদানৰ পোষকতাৰে ইয়াক আইনত পৰিণত কৰিলে; অথচ স্বাধীন ভাৰত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ। মূলত বাংলাদেশৰ হিন্দুসকলক নাগৰিকত্ব প্ৰদানৰ বাবেই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে এই আইন প্ৰণয়ন কৰা কথাটো প্ৰায় স্পষ্ট হৈছে। যিটোৱে অসমীয়া জাতিক সংখ্যালঘুত পৰিণত কৰিব বুলি লোকগণনাৰ পৰিসাংখ্যাই দেখুৱাইছে। কিন্তু হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব প্ৰদানে কেৱল অসমীয়া ভাষা-সংস্কৃতিকেই গ্ৰাস কৰিব নেকি? নকৰে। ইয়ে অসমৰ খিলঞ্জীয়াসকলৰ ভূ-সম্পদকো গ্ৰাস কৰিব। অসমৰ ভূমি-বন্দোবস্তি তথা ভূমি আইনে এতিয়াও ইয়াৰ খিলঞ্জীয়াসকলৰ বাবে ভূ-সম্পত্তিক সুৰক্ষিত কৰা নাই। ব্ৰিটিছ প্ৰণীত ঔপনিৱেশিক ভূমি আইনে অসমৰ খিলঞ্জীয়া মানুহৰ ভূ-সম্পত্তি ৰক্ষা কৰিব পৰা নাই। তেনেস্থলত হিন্দু বিদেশীক সংস্থাপনৰ দ্বাৰা কেৱল ভাষা-সংস্কৃতিৰ অস্তিত্বৰহে সংকটাপন্ন হ’ব বুলি ধৰি ল’ব নোৱাৰি।
প্ৰণিধানযোগ্য যে পূৰ্ববঙ্গৰ পৰা হোৱা অবাধ জনপ্ৰব্ৰজনে(সেই প্ৰব্ৰজনক আমি ধৰ্মীয় বিভাজনৰ পক্ষপাতী নহয়) অসমৰ কেৱল জনজাতিসকলৰ ভূ-সম্পদকে গ্ৰাস কৰিব বুলি ভবাটো আছিল অসমীয়া মধ্যশ্ৰেণী জাতীয়তাবাদী নেতাসকলৰ এটা ডাঙৰ ৰাজনৈতিক ভ্ৰম। অসমৰ ভূমিৰ স্থায়ী বন্দোৱস্তিৰ বাবে অসমীয়া মধ্যশ্ৰেণীয়ে কোনো উৎসাহ অনুভৱেই নকৰিলে। ভূমি বন্দোৱস্তিৰ বাবে প্ৰাদেশিক চৰকাৰে উদ্যোগ লোৱাতো দূৰৰেই কথা, অসম আৰু অসমীয়াৰ স্বাৰ্থৰ বাবে চিন্তা কৰি জীৱন পাত কৰা কোনো জাতীয়তাবাদী নেতা তথা মধ্যশ্ৰেণীয়ে ঔপনিৱেশিক ব্ৰিটিছ গৰ্ৱৰমেণ্টৰ ওচৰত এই দাবী পেচ নকৰিলে। বৰং ভীমবৰ দেউৰীৰ নেতৃত্বত ট্ৰাইবেল লীগে জনজাতিসকলৰ বাবে ভূমি সুৰক্ষাৰ স্বাৰ্থত চৰকাৰলৈ নতুন প্ৰস্তাৱ প্ৰেৰণৰ সময় জাতীয় কংগ্ৰেছৰ লগতে অসমীয়া মধ্যশ্ৰেণীটোৰ নেতাসকলে এই বিষয়ক লৈ সম্পূৰ্ণ উদাসীনহে আছিল। অথচ ভীমবৰ দেউৰী অসমৰ ভূমি সংক্ৰান্তীয় বিষয়ত ১৯৩৮ চনৰ পৰাই অতি সৰ্তক আছিল। বৰং পমুৱাক মাটি পট্টনৰ বিৰোধ কৰি ১৯৪০ চনত বিধান পৰিষদত কৈছিল— “The difficulty is that there is no end of number of the landless immigrant population. Such landless immigrants are being given lands in the vast ares of different districts of Assam Valley. There number instead of dwindling has been gradually increasing.” ইফালে লাইন প্ৰথাই জনজাতিসকলৰ ভূ-সম্পত্তি সুৰক্ষিত কৰিব নোৱাৰাত ১৯৩৮ চনৰ পৰা জনজাতিসকলৰ ভূমি সংৰক্ষণৰ বাবে ট্ৰাইবেল লীগৰ নেতৃত্বত ভীমবৰ দেউৰীয়ে প্ৰাদেশিক চৰকাৰৰ ওচৰত দাবী জনাই আহিছিল আৰু বহু বাধা অতিক্ৰমী ১৮৪৭ চনত গোপীনাথ বৰদলৈৰ প্ৰাদেশিক চৰকাৰে জনজাতিসকলৰ বাবে ‘অসম ভূমি আৰু ৰাজহ অধিনিয়ম’ৰ অধীনত ১৫,০০০ বৰ্গ কিলোমিটাৰ এলেকাক সাঙুৰি মুঠ ৩৮ ট্ৰাইবেল বেল্ট আৰু ব্ল’ক গঠন কৰিবলৈ বাধ্য হৈছিল। চৰকাৰৰ সুস্পষ্ট ভূমি নীতি আৰু সাদিচ্ছাৰ অভাৱত ট্ৰাইবেল বেল্ট আৰু ব্ল’কসমূহ পৰৱৰ্তী সময়ত অসুৰক্ষিত হ’লেও ই আছিল ট্ৰাইবেল লীগৰ বহিৰাগতৰ পৰা ভূ-সম্পত্তি ৰক্ষা কৰাৰ এক সচেতন আৰু অতি দূৰদৰ্শী প্ৰয়াস। যিটোৰ প্ৰতিও নেতৃত্বদায়ী অসমীয়া মধ্যশ্ৰেণীটোৱে সদায় উপেক্ষা কৰি আহিলে। আজি কা কাৰ্যকৰীকৰণৰ সময়ত আমি ভূমি সম্পৰ্কীয় প্ৰশ্নটোক কোনোপধ্যে এৰাই চলিব নোৱাৰো। ট্ৰাইবেল লীগ তথা ভীমবৰ দেউৰীৰ দৰে সেই সময়তে যদি সুস্পষ্ট ভূমি নীতি তথা স্থায়ী বন্দোৱস্তিৰ বাবে নেতৃত্বদায়ী অসমীয়া মধ্যেশ্ৰেণীৰ জাতীয়তাবাদীসকলে এক আন্দোলন কৰাহেঁতেন অসমৰ এখন বাস্তৱসন্মত স্থায়ী ভূমি বন্দোৱস্তিৰ আইন হয়তো লাভ কৰাত সফল হ’লহেঁতেন। যাৰ ফলত অসমত খিলঞ্জীয়া মানুহৰ ভূমি সুৰিক্ষত হৈ থাকিলহেঁতন।
আৰএছএছ আৰু সংঘ পৰিবাৰৰ নিৰ্দেশত সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলত গোড়া হিন্দুত্ববাদৰ আগ্ৰাসন চলিছে। এই ধৰ্মীয় মৌলবাদৰ আগ্ৰাসনে সৃষ্টি কৰা অসহিষ্ণুতাই দেশৰ গণতান্ত্ৰিক চৰিত্ৰটোকেই কালিমা সনাৰ উপক্ৰম ঘটিছে। হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ স্বপ্নত বিভোৰ আৰএছএছ আৰু সংঘ পৰিবাৰে উত্তৰ পূৰ্বাঞ্চলৰ তুলনামূলকভাৱে প্ৰগতিশীল খিলঞ্জীয়া জনগোটসমূহৰ মাজত উগ্ৰ হিন্দুত্ববাদৰ ধৰ্মীয় বিষবাষ্প বিয়পাই দিছে। অবাধ পমুৱাৰ প্ৰব্ৰজনৰ দৰেই এই হিন্দুত্ববাদৰ আগ্ৰাসনকো ১৯৪১ চনতেই ভীমবৰ দেউৰীয়ে তীব্ৰ বিৰোধ কৰিছিল। তেওঁ আশংকা প্ৰকাশ কৰিছিল যে হিন্দু মানুহৰ প্ৰব্ৰজনেও অসমৰ খিলঞ্জীয়া তথা থলুৱা মানুহৰ ভৱিষ্যতক সংকটাপন্ন কৰি তুলিব। যিটো আজি সাতটা দশকৰ পিছত ফলিয়াবলৈ গৈ আছে। ১৯৪১ চনতে ভীমবৰ দেউৰীয়ে অসমত হিন্দু আগ্ৰাসনৰ বিৰোধ কৰি কৈছিল— “হিন্দু মহাসভাৰ পক্ষৰ পৰা ভাৰতৰ আন আন প্ৰদেশত প্ৰচাৰ কৰি জাকে জাকে বিদেশী হিন্দু মানুহ আনি অসমৰ খালি মাটিবিলাকত ভৰাই দিয়া হওক বুলি প্ৰস্তাৱ কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে ১৯৩৮ চনৰ পহিলা জানুৱাৰী পাছৰ পৰা অহা পমুৱাসকলৰ মাটি নিদিবৰ যি আইন কৰা হৈছে, সেই আইন উঠাই দিব। অসমীয়া হিন্দু-মুছলমান আৰু ট্ৰাইবেল জাতীয়লোকৰ নিমিত্তে ইয়াতকৈ ভয়াৱহ আন একো হ’ব নোৱাৰে।”
বিগত কিছু বছৰ ধৰি প্ৰগতিশীল নবীন চামৰ একাংশই ভীমবৰ দেউৰীৰ সম্পৰ্কে অধিক অধ্যয়নমুখী হোৱা দেখা গৈছে; যিটো অতি আশাপ্ৰদ কথা। কিন্তু তেওঁলোক যাতে ভীমবৰ দেউৰীক কেৱল তুষ্টিকৰণ, চৰ্বিত-চৰ্বন, পৌনঃপৌনিকতকাৰে বীৰ পূজন কৰি হকে বিহকে প্ৰকাশ কৰা নিৱন্ধ/কিতাপ পত্ৰৰ সংস্পৰ্শলৈ আহি অসমৰ ৰাজনীতি তথা সমাজ জীৱনলৈ ভীমবৰ দেউৰীয়ে আগবঢ়োৱা অৱদান সম্পৰ্কে এখন ভ্ৰান্ত পৃথিৱীত বিচৰণ নকৰে তাৰ বিষয়েও সচেতন হোৱা অতীৱ প্ৰয়োজন। ইতিমধ্যে আৰএছএছ-এ ভীমবৰ দেউৰীক হিন্দুত্বৰ বৰমালা পিন্ধোৱাৰ বাবে অগ্ৰসৰ হ’লেই। যোৱা বৰ্ষত জননেতাগৰাকীৰ ৭২ সংখ্যক মৃত্যু দিৱসৰ উদযাপনত সেই দৃশ্য পৰিস্ফূৰ্ত হৈছিল।
জননেতা ভীমবৰ দেউৰীৰ ৭৩ সংখ্যক মৃত্যু দিৱস উপলক্ষে আমি মাত্ৰ তেওঁৰ ৰাজনৈতিক বিচক্ষণতাৰ দুটামান দিশৰ ওপৰতহে আলোকপাত কৰিলো। আমি আশা কৰিম অসমৰ এই সংকটৰ সময়ত ভীমবৰ দেউৰীৰ মতাদৰ্শৰ লগতে দূৰদৰ্শী ৰাজনৈতিক কৰ্মৰাজি নতুন পুৰুষৰ মাজত বস্তুনিষ্ঠ নিৰ্মোহ বিশ্লেষণ হ’ব আৰু অসমৰ সংকট মোচনৰ বাট মুকলি কৰাত আজিৰ ৰাজনৈতিক নেতৃত্বই দিকনিৰ্দেশনা লাভ কৰিব।
লেখকৰ ফোন নম্বৰ:- ৯৮৬৪১-৬২২২৬