সপোনৰ সূৰ্যৰ মানুহ: নীলমণি ফুকন

নিজৰ ভাষাতেই ‘সপোনৰ সূৰ্যৰ মানুহ ‘ নীলমণি ফুকন নামৰ আমাৰ আইৰ মুখৰ ভাষাৰে কবিতা লিখা কবিজনৰ আজি ১৯ জানুৱাৰী, ২০২৩, বৃহস্পতি বাৰৰ দিনা চিৰকলীয়া জেউতিৰ জীৱন গ্ৰহণৰ গোলাপী জামুৰ লগ্ন। মানুহক, কবিতাক পৰমায়ু প্ৰদান কৰা কবিজনৰ এই বিশেষ দিনটোত আমি তেখেতৰ কাষত আছোঁ আৰু নিচেই ওচৰৰ পৰা কবিজনক দেহোত্তৰ জন্মদিৱসৰ আন্তৰিক ওলগ জনাইছোঁ।

নিতৌ নানান সূঁতি-সোঁতেৰে বিশ্ব-মানৱৰ মানসিক অৱস্থাৰ কথা জানিব পাৰি আমি অতিশয় চিন্তিত হৈছোঁ — সম্প্ৰতি মানুহৰ প্ৰতি মানুহৰ আস্থা হেৰাইছে, মানুহ হৈ পৰিছে হতাশাগ্ৰস্ত। নতুন জীৱনৰ পহিলা দিনটোত মানুহৰ এই অৱস্থাৰ কথা জানি তেখেতৰ বোধিচকুও হয়তো সেমেকি উঠিছে। উঠিবৰ কথাই – কিয়নো কবিজনৰ বাবে মানুহেই সূৰ্য, তেখেতৰ সপোনৰ সূৰ্য। তেখেতৰ প্ৰিয়তম মানুহৰ দুৰ্দিনৰ সময়ত তেখেতৰ মুখনিত দুঃস্বপ্নৰ ছাঁ।

তেখেতৰ কবিতা পুথি “অলপ আগতে আমি কি কথা পাতি আছিলোঁ”ৰ নামকৰণৰ পৰত তেখেতৰ মনত হয়তো এই উদ্বেগ আছিল – প্ৰিয় মানুহৰ সৈতে, নিজৰ ভিতৰৰ আনজনৰ লগত কথা পাতি থাকোতে তেখেতৰ মনলৈ সততে এই ভাব আহিছিল – ‘শিল টান পানী চেঁচা জুয়ে পোৰে’ – পদাৰ্থৰ প্ৰাকৃতিক চৰিত্ৰৰ মাজতেই কিবা যেন এক বৈপৰীত্য। সেয়েহে কবিজনাই সুধিছে, ‘কেনেকুৱা আছিল পৃথিৱীৰ প্ৰথম ৰাতিপুৱাটো’ – আজি তেখেতৰ বিকল্প জন্মদিনৰ ৰাতিপুৱাটোৰ লগত পৃথিৱীৰ প্ৰথম ৰাতিপুৱাটোৰ মিল বেছি নে অমিল – তেখেতৰ মনত সন্দেহ। সেয়ে তেখেতে পুনৰ সুধিছে, ‘মিঠা ফল এটা মুখত দিলেই/কিয় তিতা হয়’ – কথা-কামবোৰ আশা নকৰা ধৰণৰ হ’বলৈ লৈছে কিয় – অন্য জন্মদিনৰ পুৱাতেই কবিয়ে কবিতা পঢ়া নপঢ়া সকলো মানুহক যেন এই প্ৰশ্নটো সুধিছে।

কবি নীলমণি ফুকন মানুহ হিচাপে সৰ্বপ্ৰাণবাদী, প্ৰেমিক, বিদ্ৰোহী, মানৱতাবাদী, মানুহৰ মৈত্ৰী-মমতাবোধত, শান্তি-ঐক্য, আৰু মানুহৰ ভৱিষ্যতত বিশ্বাসী। পৃথিৱীৰ আন সকলো কবিৰ দৰেই তেখেতেও মনে-প্ৰাণে বিচাৰে – সৰ্বত্ৰ শোষণ-পীড়নৰ অন্ত হওক; ভাতৃঘাতী-আত্মঘাতী সংঘাত-সংঘৰ্ষ, যুদ্ধ-বিগ্ৰহ, ৰক্তপাতৰ অন্ত হওক; মানুহৰ মানুহলৈ ভয় নোহোৱা হওক। পৃথিৱীৰ প্ৰতিজন মানুহে প্ৰতিজন মানুহৰ মাজত বিচাৰি পাওক চিৰকালৰ এজন পৰম সুহৃদ — নীলমণি ফুকনৰ কবিতাৰ সামগ্ৰিক অভিব্যক্তি এয়া।

তেখেতৰ কবিতাৰ ছত্ৰে ছত্ৰে আমি নিজকে পাওঁ আৰু সেয়ে কবিজনৰ কবিতাৰ কাষ চাপি যাওঁ — আমাৰ আনন্দ বেদনাৰ মূৰ্তি, স্তব্ধ কোলাহলৰ ৰূপক তেখেতৰ কবিতাৰ এটি এটি উচ্চাৰণত শুনা-নুশুনাকৈ ধ্বনিত হৈ থকা পাওঁ — সেয়ে তেখেতক আমাৰ চিৰকালৰ সুহৃদ যেন লাগে – তেখেতৰ কবিতাই আমাৰ সৈতে সহাৱস্থান কৰে – আমি সেয়ে ধুমুহা -শিলাবৃষ্টিলৈ ভয় নকৰোঁ, বাৰুদ গৰ্জনলৈ ভয় নকৰি আমি সকলো ধৰণৰ বৈপৰীত্যৰ মুখামুখি হওঁ — হাৰি হাৰি শেষত আমিয়েই হওঁ বিজয়ী।

অসমীয়া কবিতাক বিশ্বমানুহৰ মৰ্মবাণী কৰি তুলিবলৈ সক্ষম হোৱা কবি নীলমণি ফুকন মৰিও অমৰ, তেখেতক পুনৰ জনাওঁ জীৱনোত্তৰ জীৱনৰ সূচনাৰ এই লগ্নত আন্তৰিক ওলগ আৰু শুভেচ্ছা।

         (লেখক অসমীয়া সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি)