কামৰূপৰ বামুন্দীৰ ধাৰেশ্বৰী দেৱালয়ত বৃহদাকাৰ কাছৰ অস্বাভাৱিক মৃত্যু

Capture

কামৰূপৰ বামুন্দীত বামুন্দীৰ ঐতিহাসিক ধাৰেশ্বৰী দেৱালয়ৰ পুখুৰীত কাছৰ এটা বৃদৎ আকৃতিৰ কাছৰ অস্বাভাৱিক মৃত্যু হৈছে। ২০ কেজি ওজনৰ কাছটো দেৱালয়ৰ পুখুৰীৰ পানীত ওপঙি উঠা প্ৰত্যক্ষ কৰাৰ পাছতে অঞ্চলজুৰি হাহাকাৰ লাগে।

কাছটোৰ কেনেকৈ মৃত্যু হল সেই সম্পৰ্কে এই পৰ্যন্ত জানিব পৰা হোৱা নাই। বিষক্ৰিয়াৰ বাবে নে অক্সিজেনৰ অভাৱত মৃত্যু হল কাছটোৰ সেই সম্পৰ্কে তাকে লৈ এটা উৎসুকতাৰ সৃষ্টি হৈছে স্থানীয় বাসিন্দাৰ মাজত।

উল্লেখ্য যে হয়গ্ৰীৱ মাধৱ মন্দিৰত বিগত সময়চোৱাত বহু বাৰ মাছ আৰু কাছৰ মৃত্যু হৈছিল। পিছে বামুন্দীৰ ধাৰেশ্বৰ দেৱালয়ত কেনেকৈ মৃত্যু হল দুষ্পাপ্য কাছটোৰ সেই সম্পৰ্কে বিৰাট প্ৰশ্নৰ উদয় হৈছে। এই দুঃখজনক ঘটনাৰ বাবে দেৱালয় পৰিচালনা সমিতিৰ চূড়ান্ত অৱহেলা আৰু পৰ্যটন বিভাগৰ অৱহেলাৰ পৰিণাম হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশ স্থানীয় লোকে।

কৰ্তৃপক্ষৰ হেমাহিত আপুৰুগীয়া সম্পদ আৰু দুষ্পাপ্য প্ৰাণীৰ নিঃশেষ হৈ যোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে দেৱালয় পৰিচালনা সমিতিৰ সভাপতিৰ দায়িত্ব ন্যস্ত আছে হাজোৰ ৰাজহ চক্ৰ বিষয়া কমল বৰুৱাৰ হাতত। স্থানীয় ৰাইজে অতি শীঘ্ৰে মন্দিৰ চৌহদত থকা পুখুৰীৰ মাছ কাছক সুৰক্ষাৰ বাবে প্ৰশাসনৰ ওচৰত দাবী জনাইছে।