NORTHEAST NOW (Assamese)

কেমেৰাত বন্দী হ’ল হাইলাকান্দিৰ যুটীয়া স্বাস্থ্য সঞ্চালকে ঘোচ লৈ থকাৰ দৃশ্য

October 2, 2018 10:44 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

হাইলাকান্দিৰ যুটীয়া স্বাস্থ্য সঞ্চালকে ঘোচ লৈ থকাৰ এটা দৃশ্য আজি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই লৈ জিলাখনত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে বিষয়াজনক নিলম্বনৰ প্ৰৱল দাবী উঠিছে।

জানিব পৰামতে, জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ অভিজিত বসুৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা উৎকোচ লৈ থকাৰ অভিযোগ আছে। কিন্তু এইবাৰ তেওঁ ঘোচ লোৱাৰ দৃশ্য কৌশলেৰে গোপন কেমেৰাত বন্দী কৰে ঘোচ দিওঁতাই।

ছ’চিয়েল মিডিয়াত বহুল প্ৰচাৰ হোৱা ভিডিঅ’টোত বিষয়াজনে উৎকোচ লৈ থকা দেখা যায়।

জানিব পৰামতে, এগৰাকী যুৱকৰ পৰা লেবৰেটৰিৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিনিময়ত ১০ হাজাৰ টকা উৎকোচ লৈছিল ডাঃ বসুৱে।

ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে জিলাখনৰ বিভিন্ন দল-সংগঠনে বিষয়াগৰাকীক শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰাৰ দাবী জনাইছে।

Related News