পিয়াহৰ পানী টুপিৰ বাবে এইখন অসমতে পাহাৰৰ ফোঁৱাৰাৰ পানী সংগ্ৰহ কৰিছে গাঁৱবাসীয়ে

clean-water_1600-750x375

প্ৰতিনিধিত্বমূলক ফটো

জীয়াই থকাৰ বাবে মানুহৰ অতি প্ৰয়োজনীয় এক উপাদান হৈছে পানী। কিন্তু অসমৰে ডিমা হাচাও জিলাৰ ছেমখোৰ গাঁৱৰ বাসিন্দাসকলে পিয়াহৰ পানী টুপিৰ বাবেও যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত খলকনি তোলা আজিৰ এই শীৰ্ষ সংবাদটোত কোৱা হৈছে যে অসমৰ নগৰাঞ্চলৰ ক্ৰমবৰ্দ্ধমান বিকাশৰ বিপৰীতে ছেমখোৰ গাঁৱৰ গাঁৱবাসীয়ে পাহাৰৰ ফোঁৱাৰাৰ পৰা পানী সংগ্ৰহ কৰি ডোঙত জমা কৰি ৰাখিবলগীয়া হৈছে।

গাঁৱাসীয়ে জানিবলৈ দিয়ে যে খোৱা পানী টুপিৰ বাবে কিছু বিশুদ্ধ পানী সংগ্ৰহ কৰিবলৈ তেওঁলোকে প্ৰতিদিনে পাহাৰত এক কিলোমিটাৰতকৈয়ো অধিক পথ অতিক্ৰম কৰিব লাগে।

তেওঁলোকে লগতে জানিবলৈ দিয়ে যে তেওঁলোকে দমকল বা চৰকাৰে আগবঢ়োৱা কোনো ব্যৱস্থাৰ সুবিধা লাভ কৰা নাই।

‘’পানীৰ পৰ্যাপ্ততা আমাৰ বাবে এটা প্ৰধান সমস্যা। আমি চৰকাৰী বিভাগৰ সৈতে যোগাযোগ কৰিছিলো আৰু আমাৰ সংকটটো সমাধানৰ বাবে অনুৰোধ কৰিছিলো যদিও কোনোৱে এতিয়ালৈকে একো নকৰিলে,’’- ছেমখোৰৰ এগৰাকী বাসিন্দা খুৰবীয়ে এইদৰে জানিবলৈ দিয়ে।

আনহাতে, গাঁৱবাসীয়ে লগতে জানিবলৈ দিয়ে যে মোডী নেতৃত্বাধীন চৰকাৰখনে শৌচালয় নিৰ্মাণ কৰিছে কিন্তু তেওঁলোকৰ বাবে পানীৰ কোনো ব্যৱস্থা নাই।

‘’পানী বিচাৰি ফুৰাটো এটা অতি জটিল কাম। আমি আনকি গা ধুবলৈকে পানী নাপাও,’’-এগৰাকী মহিলাই এনেদেৰ কয়।