NORTHEAST NOW (Assamese)

বুলড’জাৰৰ সন্মুখত এখন ধূলিৰ দেৱাল

July 15, 2025 6:56 pm · বনজিৎ হুছেইন

মূল– বনজিৎ হুছেইন
অনুবাদক – দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা

ধুবুৰী জিলাত যিটো পৰিৱেশৰ সূচনা হ’ল সেয়া কেৱল হাজাৰ হাজাৰ পৰিয়ালক মাটি-ভেটিৰ পৰা কৰা উচ্ছেদ নহয় বৰঞ্চ এয়া এক উদ্দেশ্যৰ নিনাদ। অসমত এতিয়া এক বৃহৎ উচ্ছেদ অভিযান চলি আছে, কাৰণ ইয়াৰ সৈতে আদানী তাপ বিদ্যুৎ শক্তি প্ৰকল্প কেন্দ্ৰৰ বাবে মাটি মুকলি কৰাৰ উদ্দেশ্য জড়িত হৈ আছে। চাপৰ আৰু আলোমগঞ্জৰ বহু অঞ্চলৰ পৰা দশক দশক ধৰি ৰায়তী পট্টা থকা বা বানপীড়িত অঞ্চলত বাস কৰা গাঁওবাসীক ৰাতিটোৰ ভিতৰতে আঁতৰাই দিয়া হৈছে। প্ৰতিবাদকাৰীক আটক কৰি ৰখা হৈছে। বুলড’জাৰ আৰু আৰক্ষী বাহিনীয়ে মানচিত্ৰৰ পৰা এই সম্প্ৰদায়সমূহক আঁতৰাই পেলোৱাৰ কাম কৰি আছে যিটো আদালতেও কেতিয়াও কৰা নাছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অসমৰ শেহতীয়া ইতিহাসৰ অন্যতম বৃহৎ বুলি অভিহিত কৰা এই অভিযানত ইতিমধ্যে ২৫০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰা হৈছে।

নিষ্কাশন আৰু নিয়ন্ত্ৰণৰ এটা প্ৰক্ৰিয়া

ধুবুৰী উচ্ছেদৰ যি আৰ্হি তাৰ সৈতে এটা বৃহৎ উদ্দেশ্য জড়িত হৈ আছে। ভাৰতীয় ভূতাত্ত্বিক জৰীপে ধুবুৰীৰ চান্দৰডিঙা অঞ্চলত আনুমানিক ১৮.২৯ মিলিয়ন টন লো-অক্সাইডৰ অৱস্থিতি নিশ্চিত কৰাৰ এমাহ নৌহওঁতেই ‘সাম্প্ৰদায়িক উত্তেজনা’ বৃদ্ধিৰ বাবে অসম চৰকাৰে একেখন জিলাতে স্থায়ী সেনা শিবিৰৰ প্ৰস্তাৱ আগবঢ়ায়। ৰাজহুৱা শৃংখলা বজাই ৰাখিবলৈ এটা সুৰক্ষা বাহিনীৰ সংস্থাপন নিয়মমাফিক যেনহে প্ৰতীয়মান হয়। তথাপিও যিখন জিলাত এতিয়া নিলামৰ বাবে অপেক্ষা কৰি থকা হৈছে সেইখন জিলাতে গধুৰ সামৰিক আন্তঃগাঁথনিৰ প্ৰস্তাৱ দিয়া হৈছে, সেইটোকো আওকাণ কৰাটো কঠিন। আনুষ্ঠানিকভাৱে সম্পৰ্কহীন হলেও ধুবুৰীত প্ৰস্তাৱিত সামৰিক শিবিৰ আৰু শেহতীয়া খনিজ মূল্যৰ মূল্যায়ন একেলগে উন্মোচিত হোৱা যেন লাগে যিটো কাকতলীয়া কথা তথা কৌশলগত আৰু ইয়াক উপেক্ষা কৰিব নোৱাৰি।

ব্ৰহ্মপুত্ৰৰ ওপৰত ৫,০০০ কোটিৰ ১৯ কিলোমিটাৰ দৈঘ্যৰ চাৰিলেনযুক্ত দলংমেঘালয়ৰ ফুলবাৰীৰ সৈতে ধুবুৰী সংযোগী পথ সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে। ২০২৩ চনত কেন্দ্ৰীয় চৰকাৰৰ আভ্যন্তৰীণ জলপথ কৌশলৰ অংশ হিচাপে ধুবুৰী নদী টাৰ্মিনেল আৰম্ভ কৰা হৈছিল। এই প্ৰকল্পসমূহে একেলগে ধুবুৰীক লজিষ্টিক আৰু সম্ভাৱ্য সামৰিক চকপইণ্টলৈ ৰূপান্তৰিত কৰিছেত আজি উচ্ছেদে কাইলৈ কৌশলগত আন্তঃগাঁথনিৰ নিৰ্মাণৰ বাবে ভূমি মুকলি কৰি দিছে।

কয়লা আৰু তাপৰ উচ্চাকাংক্ষা

ধুবুৰীৰ ‘ক্লিয়াৰেন্স কোনো বিচ্ছিন্ন ঘটনা নহয়। এইবোৰ বহল তাপীয় ঠেলাৰ অংশ ভূখণ্ডীয় কৌশল হিচাপে জীৱাশ্ম-ইন্ধন নিষ্কাশন। মাত্ৰ ৫০ কিলোমিটাৰ পূবে কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাত ধুমুহাৰ সৃষ্টি হল। ইয়াত প্ৰস্তাৱিত আদানিএপিডিচিএল কয়লা চালিত বিদ্যুৎ কেন্দ্ৰটোৱে উত্তেজনাৰ সৃষ্টি কৰিছে। ২০২৫ চনৰ জুন মাহৰ মাজভাগত প্ৰায় ৩৪০০ বিঘা (প্ৰায় ১১২০ একৰ) কৃষিভূমি, বনাঞ্চল, চৰণীয়া পথাৰ অধিগ্ৰহণৰ বাবে নিৰ্ধাৰিত বুলি জানিব পাৰি শ শ বডো গাঁৱৰ লোকে চৰকাৰী আৰু কৰ্পৰেট জৰীপ দলসমূহক শাৰীৰিকভাৱে বাধা দিছিল।

বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅন (বিটিআৰ) কৰ্তৃপক্ষইঅৰ্থপূৰ্ণ পৰামৰ্শ অবিহনে কাম কৰিভূমিখন “খালী বুলি দাবী কৰিছিল। কিন্তু গাঁৱৰ কৃষক আৰু বনাঞ্চল ব্যৱহাৰকাৰীসকলৰ বাবে এই “খালী ঠাই তেওঁলোকৰ ঘৰ, তেওঁলোকৰ ধাননি পথাৰ, আৰু তেওঁলোকৰ সামূহিক জীৱন জগতখন। তাৰ পিছত নাগৰিক সমাজৰ গোটসমূহে প্ৰশাসনক বন অধিকাৰ আইন আৰু ভাৰতীয় পৰিৱেশ আইনৰ অধীনত মুক্ত, পূৰ্ব আৰু অৱগত সন্মতিৰ অধিকাৰ উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে। গাঁওবাসীয়ে অভিযোগ কৰে যে তেওঁলোকক কেৱল বাইপাছ কৰাই নহয় সক্ৰিয়ভাৱে বিপথে পৰিচালিত কৰা হৈছিল।

ক্ৰমাৎ প্ৰতিক্ৰিয়াৰ সন্মুখত অতি সোনকালেই বাতৰি ওলাইছিল যে চৰকাৰে প্ৰস্তাৱিত উদ্যোগটো ধুবুৰী জিলাৰ বিলাসীপাৰালৈ স্থানান্তৰিত কৰাৰ কথা চিন্তা কৰিছে। স্থানান্তৰিত হওক বা নহওক, ট্ৰেজেক্টৰী স্পষ্ট হৈয়েই আছে: এইটো দূৰৱৰ্তী গাঁওসমূহলৈ শক্তিৰ সুবিধা প্ৰদানৰ কথা নহয়। শক্তি নিয়ন্ত্ৰণৰ কথা। অসমৰ নদী, বনাঞ্চল, কৃষিভূমিক নিষ্কাশন অঞ্চলত আবদ্ধ কৰি ৰখাৰ কথাব্যক্তিগত অভিনেতাৰ দ্বাৰা পৰিচালিত, ৰাষ্ট্ৰ ক্ষমতাৰ সমৰ্থিত, আৰু মৌনতা বা বলপূৰ্বক সেউজ আলোকিত কৰা।

নৃগোষ্ঠীয়-সাম্প্ৰদায়িক ফল্টলাইনক অস্ত্ৰৰে সজ্জিত কৰা

ৰাজহুৱা আখ্যানৰ বহুখিনিয়েইবিশেষকৈ অসমীয়া অতি জাতীয়তাবাদী মহলৰ মাজতধুবুৰীৰ উচ্ছেদক “অবৈধ অনুপ্ৰৱেশকাৰী”ৰ বিৰুদ্ধে দমন বুলি প্ৰশংসা কৰিছে। বুলডজাৰেৰে ঘৰৰ ভিডিঅ আৰু মিয়া বিৰোধী শ্লগানেৰে বুৰ গৈছে ছচিয়েল মিডিয়া। তথাপিও উচ্ছেদ হোৱা লোকৰ বিপুল সংখ্যকেই দৰিদ্ৰ খেতিয়ক, যাৰ বহুতেই এই মাটিত ৬০ বছৰতকৈও অধিক সময় বাস কৰি আহিছে। যিটো উন্মোচিত হৈছে সেয়া আইন প্ৰয়োগ নহয় ৰাষ্ট্ৰ সমৰ্থিত বেদখল।

আৰু তথাপিও এই বৃহত্তৰ ডিজাইনটোক জেৰা কৰাৰ পৰিৱৰ্তে মিয়া সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা বুলি দাবী কৰা কিছুমান সংগঠন আৰু বুদ্ধিজীৱীয়ে শেষত ৰাষ্ট্ৰই ইমান সযতনে বজাই ৰখা নৃগোষ্ঠীয়-সাম্প্ৰদায়িক মুখাৱয়বটোক শক্তিশালী কৰি পেলায়। অন্তৰ্নিহিত ৰাজনৈতিক অৰ্থনীতি বিশ্লেষণ নকৰাকৈ অহৰহ ভুক্তভোগীৰ কাৰ্ড খেলি তেওঁলোকে সংকটৰ বিষয়ে বুজা লেন্সখন সংকুচিত কৰাত সহায় কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ ঘৰবোৰে প্ৰায়ে অজানিতে এই ফ্ৰেমিংৰ প্ৰতিধ্বনি দিয়েউচ্ছেদক ব্যৱস্থাগত বিষয় নহয়, সাম্প্ৰদায়িক বিষয় হিচাপে গণ্য কৰে।

কিন্তু এই সাম্প্ৰদায়িক ঘূৰ্ণন আকস্মিক নহয়; ই কাৰ্য্যক্ষম। ই কৰ্পৰেট ভূমি দখলক জাতিগত ন্যায় বা অন্যায় হিচাপে পুনৰ ফ্ৰেমৱৰ্ক কৰে। ই প্ৰতিৰোধক খণ্ডিত কৰে। ই মাত্ৰ যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি কৰে যে সমাজে কোনক উচ্ছেদ কৰাৰ “যোগ্য” সেই লৈ তৰ্ক কৰি থকাৰ সময়ত বুলডজাৰবোৰক গুটিয়াই সোমাই যাবলৈ দিয়ে।

ভুল নকৰিবআজি মিয়া খেতিয়ক। কাইলৈ হব আপুৰুগীয়া পৃথিৱী সমৃদ্ধ পাহাৰৰ কাৰ্বি কৃষক, তাৰ পিছত বিটিআৰৰ পৰ্বতঝোৰা/বাছবাৰীত এটা তাপ প্লাণ্ট প্ৰতিহত কৰা বডো পৰিয়াল; আৰু তাৰ পিছত পূব অসমৰ কল তেল আৰু জলবিদ্যুৎ কৰিডৰৰ বাটত থিয় হৈ টাই-আহোম, মিছিং, আৰু চুতীয়া গাঁৱৰ মানুহ।

যদি কোনোবাই বিশ্বাস কৰে যে তেওঁলোকৰ জাতি-জনগোষ্ঠীয়ে তেওঁলোকক ৰক্ষা কৰিব, তেন্তে তেওঁলোকে ভুল কৰিছে। বুলডজাৰে বৈষম্য নকৰে ই কেৱল চৰকাৰী কাৰ্যালয়ত খচৰা প্ৰস্তুত কৰা আৰু মৌনতাৰ দ্বাৰা পবিত্ৰ কৰা নতুন কৰ্পৰেট মানচিত্ৰ নিৰ্মাণ অনুসৰণ কৰে।

ঐতিহাসিক দৃষ্টিভংগীত উচ্ছেদৰ ৰাজনীতি

বৰ্তমানৰ মুহূৰ্তৰ হিংসাক সম্পূৰ্ণৰূপে ধৰি লবলৈ হলে ইয়াক অসমৰ ভূমি শাসনৰ দীঘলীয়া ইতিহাসৰ ভিতৰত স্থান দিব লাগিব ঔপনিৱেশিক লাভজনকতা আৰু উত্তৰ-ঔপনিৱেশিক জড়তা দুয়োটাৰে গঢ় লৈ উঠিছে। ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ আৰম্ভণিতে ব্ৰিটিছে খিলঞ্জীয়া আৰু সম্প্ৰদায়ৰ অধীনস্থ ভূ-প্ৰকৃতিৰ বিশাল অংশক “অনাংশ ভূমি বুলি শ্ৰেণীভুক্ত কৰিছিল, যাৰ ফলত পূব বংগৰ পৰা অহা বঙালী মুছলমান খেতিয়কসকলে কৃষি ৰাজহ বৃদ্ধিৰ বাবে বসতি স্থাপন কৰিবলৈ উৎসাহিত কৰিছিল। এই হস্তক্ষেপে কেৱল প্ৰথাগত ভূমি অধিকাৰ ব্যৱস্থাক ক্ষতিগ্ৰস্ত কৰাই নহয়, নদীৰ উপত্যকা আৰু বনাঞ্চলত টেৰা নুলিয়াছৰ আমোলাতন্ত্ৰিক কল্পকাহিনীকো প্ৰৱৰ্তন কৰিছিল।

কিন্তু যদি ঔপনিৱেশিকতাবাদে এই ভূমিৰ জটিলতাৰ সূচনা কৰিছিল, তেন্তে উত্তৰ-ঔপনিৱেশিক ভাৰত আৰু অসমৰ একেৰাহে ৰাজ্য চৰকাৰে ইয়াক বিচ্ছিন্ন কৰিবলৈ একোৱেই কৰা নাছিল। ১৯৭২, ১৯৮৯ আৰু ২০১৯ চনৰ ভূমি নীতিয়ে বহুলাংশে পূৰ্বৰ পদ্ধতিসমূহ অব্যাহত ৰাখিছিলবসতিসমূহৰ নিৰ্বাচিত নিয়মীয়াকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে সমগ্ৰ বৰ্ডতে ভূমিৰ পট্টা স্পষ্ট কৰিব পৰা এক বিস্তৃত কেডাষ্ট্ৰেল জৰীপ এৰাই চলিছিল। ফলত গ্ৰাম্য দৰিদ্ৰৰ বৃহৎ অংশভৈয়ামৰ জনজাতি (যিসকলৰ বহুতেই ঔপনিৱেশিক প্ৰশাসনৰ অধীনত বাৰে বাৰে স্থানচ্যুত হৈছিল), পাহাৰত স্থানান্তৰিত খেতিয়ক, সান্থাল, চাহ জনজাতি আৰু মিয়া মুছলমানকে ধৰিভূমিহীন বা অস্পষ্টভাৱে উপাধিৰ অধিকাৰী হৈয়েই আছে।

আজিৰ অসমত এই গাঁথনিগত অস্পষ্টতাই এক আহিলাত পৰিণত হৈছে৷ ই ৰাষ্ট্ৰক বৈধতাক অস্ত্ৰৰে সজ্জিত কৰিবলৈ সক্ষম কৰেজাতি, পৰিৱেশ বা উন্নয়নৰ স্থানান্তৰিত চিনপোষ্টৰ অধীনত ৰাজনৈতিকভাৱে সুবিধাজনক যিটো গোটক লক্ষ্য কৰি। উচ্ছেদ এতিয়া ব্যতিক্ৰম নহয়; ই অন্য উপায়েৰে শাসন কৰা।

নিগমৰ বাবে অসম পুনৰ অংকন

অসমক নীৰৱে কিন্তু পদ্ধতিগতভাৱে পুনৰ অংকন কৰা হৈছেনিৰ্বাচিত বিধানসভাৰ দ্বাৰা নহয়, কৰ্পৰেট মানচিত্ৰ নিৰ্মাতাসকলে। জি এছ আইৰ ২০২৫ চনৰ হাতপুথিখনৰ শিৰোনাম হৈছে উত্তৰ-পূব ভাৰতৰ ভূতাত্ত্বিক সম্ভাৱনা: মহিমাময় ভূ-প্ৰকৃতিৰ তলত খনিজ সম্ভাৱনাৰ লুকাই থকা ভঁৰালটোৱে সমগ্ৰ অঞ্চলটোৰ কেইবা ডজনো নিলামৰ বাবে সাজু ব্লক চিনাক্ত কৰিছে। ডিমা হাছাওত প্ৰায় ১৫০০ মিলিয়ন টন চূণশিল। কাৰ্বি আংলঙত ২.৮ কোটি টনতকৈ অধিক আপুৰুগীয়া মাটি ধাৰণ কৰা চাইনাইট। নগাঁৱত ৪০ লাখ টন চিলিকা বালি।

কিন্তু প্ৰকৃত হিংসা টনেজত নাই মচি পেলোৱাত। এই নথি-পত্ৰত কতো এই মাটিত বসবাস কৰা লোকৰ কথা উল্লেখ নাই। কতো তেওঁলোকে ষষ্ঠ অনুসূচীৰ সুৰক্ষা, বন অধিকাৰ বা প্ৰথাগত আইন স্বীকাৰ নকৰে। এইবোৰ কেৱল অংক নহয়। সেইবোৰ হৈছে বেদখলৰ স্থানাংক।

পূব অসমত লখিমপুৰ আৰু ধেমাজিত ঐতিহাসিকভাৱে মিছিং জনগোষ্ঠীয়ে মাছ ধৰা আৰু বান-মন্দাৱস্থাৰ কৃষিৰ বাবে ব্যৱহাৰ কৰা অঞ্চলত হাজাৰ হাজাৰ হেক্টৰ ভূমিত পাইলট পাম-তেল বাগিচা স্থাপন কৰা হৈছে। যদিও অনুজ্ঞাপত্ৰ নিৰৱে জাৰি কৰা হৈছে, ইতিমধ্যে এই সম্প্ৰসাৰণে পৰম্পৰাগত কমনসমূহক একক কৃষি বাগিচালৈ ৰূপান্তৰিত কৰাৰ ভাবুকি দিছে। পশ্চিমে কয়লা, লোহাৰ অক্সাইড আৰু তাপীয় কৰিডৰ, পাহাৰৰ জটিল খনিজ পদাৰ্থ, আৰু পূব দিশত পাম অইল বাগিছাৰ মাজত অসমক কৰ্পৰেট জনত বিভাজিত কৰা হৈছে।

আন্তঃগাঁথনি শূন্যতাত উপস্থিত নহয়

আন্তঃগাঁথনি অবিহনে এই লুণ্ঠন কোনোটোৱেই হব নোৱাৰে। অৰুণাচল প্ৰদেশকে ধৰি একাধিক নতুন ৰেলহেড নিৰ্মাণ কৰা হৈছে য‘ত ভেনাডিয়াম আৰু ৰেয়াৰ-আৰ্থ এলিমেণ্টৰ দৰে “জটিল খনিজ” পোৱা গৈছে, মেপিং কৰা হৈছে আৰু নিলামৰ বাবে সাজু কৰা হৈছে; লগতে কয়লা আৰু চূণশিলৰ বেল্টক ৰাষ্ট্ৰীয় গ্ৰীডৰ সৈতে সংযোগ কৰা নদী আৰু পথ লজিষ্টিকছৰ ওপৰত নৱীকৃত মনোনিৱেশ কৰা। ট্ৰেন্স-অৰুণাচল ঘাইপথ আৰু অসমত চলি থকা ঘাইপথ নেটৱৰ্ক সম্প্ৰসাৰণ একেটা যুক্তিৰ অংশ: সীমান্ত মুকলি কৰক, ৰাস্তা-পথ সুৰক্ষিত কৰক, আৰু তলত যি আছে তাক উলিয়াই লওক।

নব্য উদাৰবাদী যুগত আন্তঃগাঁথনি নিৰপেক্ষ নহয়। ই নিৰ্ধাৰণ কৰে কি সংযোগ হআৰু কোন স্থানচ্যুত হব। ই সংযোগৰ পোছাকত নিষ্কাশন কৰাত সহায় কৰে।

এইটো কোনো পৰিৱৰ্তন নহয়, ই এক বিজয়

উন্নয়নৰ ভাষাই সদায় বিজয়ৰ যুক্তিক ঢাকি ৰাখিছে। কিন্তু মাস্কখন ইমান নিৰ্লজ্জভাৱে পিছলি যোৱাটো খুব কমেইহে দেখা গৈছে। ধুবুৰী উচ্ছেদ কোনো বিচ্ছিন্ন ঘটনা নহয়এয়া নতুন অসমৰ পাইলট৷ এনে এখন অসম যত প্ৰতিৰোধক ‘সাম্প্ৰদায়িক বুলি ব্ৰেণ্ড কৰা হয়, যত সন্মতিৰ পূৰ্বে বুলডজাৰ আহি পৰে, আৰু যত নাগৰিকতকৈ খনিজ আৰু মেগাৱাটৰ গুৰুত্ব বেছি।

এইটো কোনো সৌজন্যশীল উন্নয়নমূলক ইউটোপিয়া নহয়। ই হৈছে নিষ্কাশন নিৰ্ভীকতা, কৰ্পৰেট চিয়াঁহীৰে মানচিত্ৰখন পুনৰ অংকন কৰা। কিন্তু কাহিনীটো এতিয়াও শেষ হোৱা নাই। ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা কাৰ্বি আংলঙৰ ৰিজলাইনলৈকে ইয়াৰ পিছত কি হব সেয়া নিৰ্ভৰ কৰে কোনে থিয় হয় আৰু কেনেকৈ থিয় হয় তাৰ ওপৰত। অসমৰ ভৱিষ্যত চৰকাৰী নিবিদা বা বিনিয়োগকাৰীৰ ৰোড শ্বত লিখা নহ, কিন্তু মচিবলৈ অস্বীকাৰ কৰাসকলৰ কামত লিখা হব৷

বনজিৎ হুছেইন অসমৰ নলবাৰী জিলাৰ বৰিদতৰা গাঁৱত বাস কৰা এজন পূৰ্ণকালীন কৃষক আৰু স্বতন্ত্ৰ গৱেষক।

Related News