• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শৈশৱৰ হেৰাই যোৱা অৱকাশ

গৰম বন্ধ। এই শব্দ দুটাই এসময়ত মনলৈ কঢ়িয়াই আনিছিল মুকলি আকাশৰ তলত উৰি ফুৰা চৰাইৰ দৰে এক অনুভূতি—মামা-পেহীৰ ঘৰলৈ যোৱা, গছৰ তলত ফল বিচৰা, সময় কেনেকৈ পাৰ হয় নজনাকৈ খেল-ধেমালিত মগ্ন হৈ থকা এক শৈশৱ। প্ৰায় এমাহজোৰা এই ছুটীখিনি আছিল প্ৰকৃত অৰ্থতে বন্ধ। পঢ়া-শুনাৰ চাপৰ পৰা, দৈনন্দিন নিয়মৰ পৰা এক সঁচা মুক্তি।

দীপশিখা বৰা শইকীয়া by দীপশিখা বৰা শইকীয়া
July 25, 2026 6:52 pm
17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰম বন্ধ। এই শব্দ দুটাই এসময়ত মনলৈ কঢ়িয়াই আনিছিল মুকলি আকাশৰ তলত উৰি ফুৰা চৰাইৰ দৰে এক অনুভূতি—মামা-পেহীৰ ঘৰলৈ যোৱা, গছৰ তলত ফল বিচৰা, সময় কেনেকৈ পাৰ হয় নজনাকৈ খেল-ধেমালিত মগ্ন হৈ থকা এক শৈশৱ। প্ৰায় এমাহজোৰা এই ছুটীখিনি আছিল প্ৰকৃত অৰ্থতে বন্ধ। পঢ়া-শুনাৰ চাপৰ পৰা, দৈনন্দিন নিয়মৰ পৰা এক সঁচা মুক্তি। কিন্তু আজিৰ গৰম বন্ধই একেটা নাম বহন কৰি থাকিলেও, ইয়াৰ ভিতৰুৱা ৰূপটো বহুখিনি সলনি হৈ গৈছে। বন্ধ ঘোষণা হোৱাৰ লগে লগে আৰম্ভ হয় বিভিন্ন কৰ্মশালাৰ ভীৰ—সংগীত কৰ্মশালা, নৃত্য কৰ্মশালা, চিত্ৰাংকন কৰ্মশালা, ব্যক্তিত্ব বিকাশ কৰ্মশালা, গ্ৰীষ্মকালীন শিবিৰ আদি। এই তালিকাৰ শেষ নাই। কেতিয়াবা এজন শিশুক একেলগে দুই-তিনিটা কাৰ্যক্ৰমতে ভৰ্তি কৰি দিয়া হয়, যাতে তেওঁৰ সময়খিনি অপ্ৰয়োজনীয় কামত নাযায় বা তেওঁ আন শিশুতকৈ পিছপৰি নাথাকে।

 

Apply Now

এই কৰ্মশালাসমূহ আয়োজন কৰাৰ পাছত থকা উদ্দেশ্য বহু ক্ষেত্ৰত সঁচাকৈয়ে ভাল—শিশুৰ সৃষ্টিশীলতা বঢ়োৱা, তেওঁলোকক মবাইল-ইণ্টাৰনেটৰ পৰা আঁতৰাই ৰখা, বা সমাজত এক সুস্থ পৰিৱেশ গঢ়ি তোলা। বহু প্ৰতিষ্ঠানে বছৰৰ পিছত বছৰ এই কামত সততে লাগি থাকে, আৰু তাৰ ফল ইতিবাচকেই হয়। কিন্তু প্ৰশ্নটো তাত নহয়—প্ৰশ্নটো হ‘ল, এই ভাল উদ্দেশ্যৰ পাছত কেতিয়াবা শিশুৰ ওপৰত যি অতিৰিক্ত চাপ পৰে, আমি সেয়া কিমান লক্ষ্য কৰোঁ?

 

গোটেই বছৰজোৰা স্কুলৰ পঢ়া-শুনা, পৰীক্ষা আৰু গৃহকৰ্মৰ চাপৰ পিছত অহা এই এমাহতো শিশুটিয়ে নিজৰ ইচ্ছামতে সময় কটাবলৈ সুযোগ নাপায়। ৰাতিপুৱাৰে পৰা সন্ধিয়ালৈ এটা কৰ্মশালাৰ পৰা আনটোলৈ, তাৰ পিছত ঘৰত থকা কামখিনি সম্পূৰ্ণ কৰাৰ দায়িত্ব—এই সকলোবোৰৰ মাজত হেৰাই যায় সেই মুকলি চিন্তামুক্ত শৈশৱ, যি আগৰ প্ৰজন্মই উপভোগ কৰি আহিছিল। মনোবিজ্ঞানীসকলেও কৈছে যে পঢ়া-শুনাৰ অত্যধিক চাপ, কঠোৰ নিয়ম-নীতি আৰু অভিভাৱকৰ অতিৰিক্ত প্ৰত্যাশাই শিশু আৰু কিশোৰ-কিশোৰীৰ মনৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। এজন “ভাল ছাত্ৰ” গঢ়ি তোলাৰ চেষ্টাৰ মাজত আমি অজানিতেই শিশুৰ কল্পনাশক্তি, স্বাভাৱিক কৌতূহল আৰু জিৰণিৰ অধিকাৰক আওকাণ কৰি থকা নাইতো, সেয়া ভাবিবলগীয়া কথা।

 

ইয়াৰ পাছফালে এটা সামাজিক কাৰণো আছে। বহু অভিভাৱক নিজেই কৰ্মজীৱী, আৰু গৰম বন্ধৰ সময়ছোৱাত সন্তানক ব্যস্ত ৰখাৰ বাবে কৰ্মশালা এটা সহজ উপায় হৈ পৰে। ইয়াৰ উপৰি, প্ৰতিৱেশী বা সমবয়সীয়াৰ সন্তানে কি শিকি আছে, সেয়াও এক অজানিত প্ৰতিযোগিতাৰ জন্ম দিয়ে—নিজৰ সন্তানেও কিবা এটা শিকিব লাগে, নহ‘লে পিছপৰি থাকিব, এনে এটা ভয় সৃষ্টি হয়। আজিকালিৰ শিক্ষা ব্যৱস্থাৰ এই নিষ্ঠুৰ বাস্তৱক আমি স্বীকাৰ কৰিবই লাগিব…। প্ৰতিজন শিশুৰেই জিৰণি লোৱাৰ, নিজৰ মনৰ খেয়ালেৰে সময় কটোৱাৰ, আৰু কোনো কাম নকৰাকৈ থকাৰো সমান অধিকাৰ আছে। শিশুৰ শিক্ষা সদায়েই শ্ৰেণীকোঠা বা কৰ্মশালাৰ ভিতৰতে নাথাকে। শিক্ষাৰ্থীজন যেতিয়াই অৱসৰৰ নিৰিবিলি সময়ত অকলে থাকে, তেতিয়াই এই মানসিক অৱসাদে দেখা দিয়ে। ইয়াৰ সমাধান কৰ্মশালাক সম্পূৰ্ণকৈ বৰ্জন কৰাত নহয়। প্ৰয়োজন হৈছে এক ভাৰসাম্যপূৰ্ণ দৃষ্টিভংগীৰ। সন্তানৰ আগ্ৰহ আৰু ক্ষমতা বুজি এটা বা দুটা কাৰ্যক্ৰমতহে ভৰ্তি কৰা উচিত, আৰু বাকী সময়খিনি তেওঁলোকৰ নিজৰ বাবে এৰি দিয়া দৰকাৰ—পঢ়িবলৈ, খেলিবলৈ, পৰিয়ালৰ সৈতে সময় কটাবলৈ, বা কেৱল নিজৰ মনে মনে সময় পাৰ কৰিবলৈ। ঠিক এনে খালী সময়খিনিতেই শিশুৰ মনৰ ভিতৰত সৃষ্টিশীলতাৰ বীজ গজি উঠে। বিদ্যালয় আৰু অভিভাৱক উভয়ে যদি এই বিষয়ত সচেতন হয়, তেন্তে গৰম বন্ধ শিশুৰ বাবে চাপৰ কাৰণ নহৈ, আনন্দ আৰু নিজকে জনাৰ এক প্ৰকৃত সময় হৈ উঠিব পাৰে।

 

গৰম বন্ধ যাতে আকৌ প্ৰকৃত অৰ্থত “বন্ধ” হৈ উঠে—এক নিয়ন্ত্ৰিত জীৱনৰ পৰা প্ৰকৃত মুক্তি, আন এক শৃংখলাবদ্ধ ৰুটিনৰ আৰম্ভণি নহয়—এইটোৱেই আজিৰ অভিভাৱক, শিক্ষক আৰু সমাজৰ প্ৰতি সময়ৰ প্ৰকৃত দাবী।

 

দীপশিখা বৰা শইকীয়া

সহকাৰী শিক্ষক (শোণিতপুৰ জাতীয় বিদ্যালয়) গৱেষক, শংকৰদেৱ অধ্যয়ন বিভাগ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়

দীপশিখা বৰা শইকীয়া

দীপশিখা বৰা শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm
পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

October 26, 2026 2:43 pm
বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

বিশ্বজুৰি আৰম্ভ হৈছে নতুন ধাৰা? ছাত্ৰ আন্দোলনৰ পৰিণতিত আৰু এখন দেশৰ নিৰ্বাচনত পৰাস্ত ৰাষ্ট্ৰপতি

October 26, 2026 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

October 26, 2026 5:10 pm
পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

October 26, 2026 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd