চামগুৰিৰ গেন্ধালীত পুনৰ বনৰীয়া হাতীৰ মৃত্যু; দুজনক জেইললৈ প্ৰেৰণ

Elephant dead body

প্ৰতিনিধিত্বমূলক চিত্ৰ

নগাঁও জিলাৰ চামগুৰিৰ গেন্ধালী গাঁৱত মঙলবাৰে পুনৰ মানৱৰূপী দানৱৰ হাতত এটা বনৰীয়া হাতীয়ে প্ৰাণ হেৰুওৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিদ্যুৎষ্পৃষ্ট হোৱাৰ বাবেই হাতীটোৱে কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হয়।

হাতীটোৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে লগে লগে ঘটনাস্থলত বন বিভাগৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। প্ৰাথমিক অনুসন্থানৰ অন্তত বন বিভাগৰ দলটোৱে গাঁওখনৰে অম্বিকা গগৈ আৰু মহিম গগৈ নামৰ দুজন লোকক আটক কৰি চামগুৰি থানাৰ আৰক্ষীক চমজাই দিয়ে। ইতিমধ্যে আটকাধীন লোক দুজনৰ বিৰুদ্ধে বন বিভাগে চামগুৰি থানাত এক গোচৰ ৰুজু কৰিছে।

ইপিনে হাতীটো মৃত্যু হোৱা বুলি বাতৰি পোৱাৰ পাছতে উত্তৰ অসম চক্ৰৰ বন সংৰক্ষক পি শিৱ কুমাৰ, নগাঁও বন সংমণ্ডল প্ৰাধিকাৰী শুভাশীষ দাস, শালনা বনাঞ্চলিক বিষয়া চেলিম আহমেদকে ধৰি কেইবাজনো বিষয়া ঘটনাস্থলত উপস্থিত হয়।

উল্লেখ্য যে যোৱা ৬ নৱেম্বৰত গাঁওখনত এটা মখনা হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত মঙলবাৰে পুনৰ একেখন পথাৰতে আন এটা মখনা হাতীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই বন বিভাগৰ চৰম ব্যৰ্থতাৰ ছবি পোহৰলৈ আহিছে।

জানিব পৰা মতে নিশা হ’লেই হাতীৰ জাকসমূহে গেন্ধালী অঞ্চলত প্ৰৱেশ কৰি খেতিপথাৰত উপদ্ৰব চলাই যাৰ ফলত ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ গাঁৱৰে একাংশ লোকে অবৈধভাৱে পথাৰত বিদ্যুৎ সংযোগ কৰিছিল। এনে বিদ্যুৎ সংযোগৰ তাঁৰত লাগিয়ে কালি হাতীটোৰ মৃত্যু হয়।

দিনক দিনে বনৰীয়া হাতীৰ দলে চামগুৰি আৰু পুৰণিগুদামৰ বৃহত্তৰ অঞ্চলত উপদ্ৰৱ চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি অহা পৰিলক্ষিত হৈছে যদিও বন বিভাগে হাতীসমূহক খেদি পঠিয়াবলৈ সক্ষম নোহোৱা কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিছে।