কলিয়াবৰ মহকুমা কাৰ্যালয়ৰ সমীপৰ গছত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ বিশ্বনাথ চাৰিআলিৰ মহিলা

টকাৰ বাবে কোনো দুস্কৃতিকাৰীয়ে হত্যা কৰাৰ সন্দেহ পৰিয়াল, চুবুৰীয়াৰ

IMG-20181225-WA0008

পাপৰি বৰুৱাৰ ফাইল ফটো

কলিয়াবৰত গছত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। কলিয়াবৰ মহকুমা কাৰ্যালয়ৰ সমীপতে ৩৭নং (ক) ঘাইপথৰ দাঁতিৰ এজোপা গছত আজি ৰাতিপুৱা ৬.৩০ মান বজাত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকীক বিশ্বনাথ চাৰিআলিৰ বামগাঁৱৰ পাপৰি বৰুৱা বুলি চিনাক্ত কৰা হৈছে। মহিলাগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে ২৪ডিচেম্বৰ সোমবাৰৰ বিয়লি ৩ মান বজাৰ পৰা ঘৰৰ পৰা ওলাই আহি নিৰুদ্দিষ্ট হৈ আছিল মহিলাগৰাকী।

পাপৰি বৰুৱা হ’ল বিশ্বনাথ চাৰিআলি বামগাওঁ নিবাসী গোলাপ বৰুৱাৰ পত্নী।। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি, যোৱা সোমবাৰৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল মৃত পাপৰি বৰুৱা। পৰিয়ালৰ লোকৰ মনত প্ৰশ্নৰ উদ্ৰেক হৈছে, বেংকলৈ অহাৰ পাছৰে পৰা নিৰুদ্দেশ হোৱা মহিলাগৰাকী কেনেকৈ কলিয়াবৰ পাব পাৰে। সোমবাৰে মৃত মহিলা গৰাকীয়ে টকা তুলিবলৈ বিশ্বনাথৰ HDFC বেংকলৈ গৈছিল ।কিন্তু বেংকৰ পৰা উভতি অহাত দেৰী হোৱাত পৰিয়ালৰ লোকে মৃত মহিলাগৰাকীক মোবাইল যোগে ফোন কৰিছিল যদিও  ৰিচিভ কৰা হোৱা নাছিল। যাৰ বাবে উপায়ন্তৰ হৈ পৰিয়ালৰ লোক কাষ চাপিছিল বিশ্বনাথ আৰক্ষীৰ।

আজি পুৱা প্ৰাতঃ ভ্ৰমণলৈ ওলাই অহা একাংশ লোকে উক্ত মহিলা গৰাকীক চিপজৰী লৈ গছত ওলমি থকা দেখা পাই কলিয়াবৰ আৰক্ষীক খবৰ দিয়ে আৰু কলিয়াবৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ততালিকে ঘটনাস্থলী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰে। লগতে আৰক্ষীয়ে মৃতদেহটোৰ কাষত এটা পাৰ্ছ আৰু মোবাইল ফোন উদ্ধাৰ কৰে  ।

বিশ্বনাথ চাৰিআলিৰ বামগাঁৱৰ পাপৰি বৰুৱাই কি দৰে কেনেকৈ আহি কলিয়াবৰত এনেদৰে গছত চিপজৰী ল’লে সেই লৈ এতিয়া সমগ্ৰ কলিয়াবৰৰ লগতে পৰিয়ালৰৰ মাজতো এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকৰ মতে কোনো কাৰণতে এয়া আত্মহ্ত্যাৰ ঘটনা নহয়। তেওঁলোকৰ মতে এয়া এটা পৰিকল্পিত হত্যাকাণ্ড। টকাৰ বাবেই কোনো লোকে পাপৰিক অপহৰণ কৰি এই হত্যাকাণ্ড সংঘটিত কৰিছে অভিযোগ কৰিছে পৰিয়াল তথা চুবুৰীয়াই।

আনহাতে কলিয়াবৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দীনবন্ধু ভূঞাই আমাক জানিব দিয়া অনুসৰি মৃত পাপৰি বৰুৱাৰ নিৰুদেশ সন্দৰ্ভত যোৱা কালি অৰ্থাৎ ২৪ ডিচেম্বৰ সোমবাৰে বিশ্বনাথ চাৰিআলিৰ আৰক্ষীয়ে মোবাইল ফোনৰ নেটৱৰ্ক ট্ৰেক কৰি পাপৰি কলিয়াবৰ তিনিআলিৰ আশে পাশে থকাৰ কথা জানিব পাৰি দীনবন্ধু ভূঞাক সোমবাৰে বিশ্বনাথ চাৰিআলিৰ আৰক্ষীয়ে জনোৱাত দীনবন্ধু ভূঞাৰ নেতৃত্বত এটি কলিয়াবৰ আৰক্ষী দলে আৰু বিশ্বনাথ চাৰিআলিৰ পৰা অহা এটা আৰক্ষীৰ দলে সোমবাৰৰ আবেলিৰ পৰা পাপৰিক উদ্ধাৰৰ অভিযানত নামি পৰিছিল যদিও সেয়া বিফল হৈছিল।

আজি ২৫ ডিচেম্বৰৰ পুৱাই সেই একে ঠাইতে অৰ্থাৎ কলিয়াবৰ তিনিআলিৰ মহকুমাৰ কাৰ্য্যালয়ৰ সন্মুখৰ ঘাইপথৰ কাষৰ এজোপা গছত পাপৰিৰ নিথৰ দেহ চিপজৰী লোৱা অৱস্থাত কলিয়াবৰ আৰক্ষীয়ে উদ্ধাৰ কৰে। পাপৰিৰ মৃত্যুৰ সকলো তথ্য পোহৰলৈ অনাৰ বাবে কলিয়াবৰ আৰক্ষী তদন্ত অধিক জোৰদাৰ কৰি তুলিছে বুলি আমাক জানিব দিয়ে।

অতি কম সময়ৰ ভিতৰতে পাপৰিৰ মৃত্যুৰ সকলো তথ্য পোহৰলৈ আহিব বুলিও কলিয়াবৰ আৰক্ষী বহু আশাবাদী। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰক্ষীয়ে লাভ কৰিলেই এয়া হত্যা নে আত্মহত্যা সেয়া স্পষ্ট ৰূপত প্ৰতিফলিত হ’ব আৰু তদন্তৰ বাবে অধিক সুবিধা হ’ব।