NORTHEAST NOW (Assamese)

চামগুৰিত চাৰিগৰাকী কন্যা সন্তানৰ মাতৃ সন্ধানহীন; এজাহাৰ দাখিল

March 9, 2019 7:09 pm · বিদ্যুৎ জ্যোতি বৰা

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চামগুৰি তিনি আলিৰ পৰা এগৰাকী চাৰি কন্যা সন্তানৰ মাতৃ মণি বৰা (৩৪) যোৱা শুকুৰবাৰ অৰ্থাৎ ৮ মাৰ্চৰ সন্ধিয়াৰ পৰা নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহিলা গৰাকী নিৰুদ্দেশৰ পিছতে স্বামী নীলকান্ত বৰাই আত্মীয় কুটুমৰ ঘৰৰ লগতে আন আন ঠাইতো বহু বিচাৰ-খোচাৰ কৰে যদিও মহিলা গৰাকীৰ কোনো শুংসূত্ৰ লাভ নকৰিলে। ফলত আজি মহিলাগৰাকীৰ স্বামী নীলকান্তই চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

সন্ধানহীন হোৱা ৩৪ বছৰীয়া মণি বৰাই চাৰিগৰাকী কন্যাৰ তিনিগৰাকীক ইতিমধ্যে বিয়া দিয়া বুলি জানিব পৰা গৈছে। ইফালে মহিলাগৰাকীৰ কোনো লোকে সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত জনবালৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Related News