• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অহা ২৯ মাৰ্চত মুক্তিৰ বাবে সাজু মহাপুৰুষ মাধৱদেৱকলৈ নিৰ্মিত এনিমেশ্যন চলচ্চিত্ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2019 7:29 pm
madhavdev-animation-750x375

ফটো : চলচ্চিত্ৰখনৰ ৱেবছাইটৰ সৌজন্যত

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ চনত মুক্তি পোৱা প্ৰথমখন অসমীয়া এনিমেশ্যন চলচ্চিত্ৰ ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’ৰ বৃহৎ সফলতাৰ পাছত এইবাৰ মুক্তিৰ বাবে সাজু হৈ উঠিছে পৰৱৰ্তী এনিমেশ্যন চলচ্চিত্ৰ ‘মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ’।

শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য তথা অতি পূজনীয় বৈষ্ণৱ গুৰুগৰাকীৰ জীৱন আৰু তেওঁৰ বৰঙণি ওপৰত নিৰ্মাণ কৰা ছবিখন অহা ২৯ মাৰ্চত মুক্তিৰ বাবে সাজু হৈ উঠিছে।

Apply Now

সৰ্বজন সমাদৃত ‘নামঘোষা’ৰ স্ৰষ্টা বৈষ্ণৱ গুৰু গৰাকীৰ জীৱন এই এনিমেশ্যন চলচ্চিত্ৰখনত সুন্দৰভাৱে চিত্ৰায়িত কৰা হৈছে। ইয়াৰ সংগীত তথা ৱেবছাইট অলপতে গুৱাহাটীত মুকলি কৰা হয়।

চলচ্চিত্ৰখনৰ পৰিকল্পনা তথা পৰিচালনা কৰিছে সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট সেৱক তথা সংৰক্ষক প্ৰয়াত ডালিম পাঠকে আৰু ৰমনী চিত্ৰম মেম’ৰিয়েল ট্ৰাষ্টৰ বেনাৰৰ অধীনত প্ৰযোজনা কৰিছে ডালিম পাঠকৰ দুই পুত্ৰ বিশ্বজ্যোতি পাঠক আৰু গৌৰৱজ্যোতি পাঠকে।

চলচ্চিত্ৰখনৰ শ্ৰব্য এলবামটো অলপতে গুৱাহাটীত এক অনুষ্ঠানত বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে মুকলি কৰে। ইয়াত কেইবাটাও বৰগীত, ঘোষা আৰু পদ সন্নিৱিষ্ট কৰা হৈছে।

‘মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ’ৰ সংগীত ৰচনা কৰিছে বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজা, বিশিষ্ট কণ্ঠশিল্পী তথা সত্ৰীয়া সাধক হেমেন্দ্ৰ কুমাৰ দাস আৰু বিশিষ্ট ধ্ৰুপদী কণ্ঠশিল্পী জিতেন বসুমতাৰীয়ে।

উল্লেখযোগ্যভাৱে, বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা আৰু সত্ৰখনৰ ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠকে চলচ্চিত্ৰখনত প্ৰথমবাৰৰ বাবে নেপথ্যত কণ্ঠদান কৰিছে।

আনহাতে, বৰগীত, ঘোষা আৰু পদসমূহত কণ্ঠদান কৰা কণ্ঠশিল্পীসকল হৈছে ক্ৰমে গুনীন্দ্ৰ ওজা, হেমেন্দ্ৰ কুমাৰ দাস, জিতেন বসুমতাৰী, মধুস্মিতা ভট্টাচাৰ্য, ক্ৰান্তিকা শাণ্ডিল্য, জোনালী ওজা বসুমতাৰী, ৰবীন্দ্ৰ নাথ দাস আৰু দীনেশ দাস।

তদুপৰি, সহযোগী কণ্ঠশিল্পী হিচাপে আছে ধনঞ্জয় ওজা, নন্দিতা দাস আৰু নৱজিৎ দাস। সংগীত সংযোজক হিচাপে আছে মানৱজ্যোতি দাস।

চলচ্চিত্ৰখনৰ সংলাপ আৰু গৱেষণা প্ৰভাত চন্দ্ৰ দাসৰ। চিত্ৰনাট্য লিখিছে ডালিম পাঠক, ড০ গৌতম কুমাৰ দাস আৰু অৱনী ৰঞ্জন পাঠকে। ড০ গৌতম কুমাৰ দাসে লগতে সম্পাদনা আৰু ছবিখনৰ এনিমেশ্যন পৰিচালক হিচাপেও আছে।

চলচ্চিত্রখনৰ বিভিন্ন চৰিত্ৰত কণ্ঠ দিছে ৰঞ্জন বেজবৰুৱা(মাধৱদেৱ), নিপন গোস্বামী, দীনেশ দাস, চৈয়দ চাদুল্লা, সুৰজিৎ মালাকৰ, আৰতি কলিতা, অনামিকা বৰদলৈ, জয়ন্ত ভাগৱতী, অবনী বৰা, নয়ন প্ৰসাদ, নিকুমনি বৰুৱা, অসীম কৃষ্ণ বৰুৱা আদিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm
অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ বাবে সুখবৰ! ৰাজ্যৰ দুখনকৈ তথ্যচিত্ৰই জিনিলে ৰাষ্ট্ৰীয় সন্মান

September 27, 2026 2:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd