NORTHEAST NOW (Assamese)

বাক্সাত মহিলাক ধৰ্ষণ কৰি দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা; এজনক আটক

August 19, 2019 9:07 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

বাক্সা জিলাৰ গোৰেশ্বৰ নাওকাটাত দেওবাৰে অৰ্থাৎ ১৮ আগষ্টত এক জঘন্য ঘটনা সংঘটিত হয়। অঞ্চলটোৰ এগৰাকী মহিলাক বলাৎকাৰ কৰি হত্যাৰ চেষ্টা কৰে এজন লোকে।

ৰীবন কলিতা নামৰ লম্পটটোৱে স্থানীয় এগৰাকী মহিলাক ঘৰতে ধৰ্ষণ কৰি পিছত মহিলাগৰাকীক দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা কৰে।

অৱশ্যে স্থানীয় ৰাইজে তৎপৰতাৰে মহিলা গৰাকীক অভিযুক্ত ৰবীনৰ কবলৰ পৰা উদ্ধাৰ কৰে। ৰবীনৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী।

গুৰুতৰভাৱে আহত মহিলাগৰাকীক তাৎক্ষণিকভাৱে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

আনহাতে অভিযুক্ত ৰবীনক কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে।

ইফালে আৰক্ষীয়ে ৰীনক আটক কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Related News