আইছ’লেশ্যন শিবিৰ স্থাপনৰ বাবে চৰকাৰক নিজৰ বিবাহ ভৱন দিবলৈ সাজু পুৰণিগুদামৰ এজন যুৱক

20200330_084324

নিতুল গায়ন

ক’ৰ’না ভাইৰাছে আতংকময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে এই মহামাৰী ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰে লৈছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।

ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপৰ মাজতে নগাঁৱৰ দুজনকৈ লোকে চৰকাৰক সহায় কৰিবলৈ আগবাঢ়ি অহা ঘটনাই বহুতকে সকাহ প্ৰদান কৰিছে।

কিছুদিন পূৰ্বে নগাঁও জিলাৰ কলিয়াবৰৰ কৃষ্ণ মহন্ত নামৰ এগৰাকী ব্যক্তিয়ে অসমত ক’ৰ’না ভাইৰাছত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে চিকিৎসালয় নিৰ্মাণৰ অৰ্থে ৰাজ্য চৰকাৰক নিজৰ ১০ বিঘা ভূমি প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

এই উৎসাহজনক খবৰৰ পিছতেই পুৰণিগুদামৰ পথৰৰ-আগ চাৰিআলিৰ আন এজন লোক ক’ৰ’নাত আক্ৰান্ত লোকক সহায়ৰ বাবে আগবাঢ়ি আহিছে।

নিতুল গায়ন নামৰ লোকজনে পথাৰৰ-আগ চাৰিআলিত থকা নিজা “বৰ্ষা বিবাহ ভৱন” নামৰ বৃহৎ গৃহটি প্ৰয়োজন সাপেক্ষে আইছ’লেটেড শিবিৰ হিচাপে ব্যৱহাৰ কৰিবলৈ চৰকাৰ তথা প্ৰশানক আহ্বান জনাইছে।

এই খবৰ বিয়পি পৰাৰ লগে লগে সম্প্ৰতি পুৰণিগুদামত সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লোকজন।

ক’ৰ’নাৰ বিৰুদ্ধে চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখুওৱা অত্যাধিক তৎপৰতাৰ প্ৰতি সহাৰি জনাই তথা বৃহত্তৰ নগাঁওবাসীৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি এই মহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে নিতুল গায়নে।

চৰকাৰে বিচাৰিলে পুৰণিগুদাম-চাপানালা সংযোগী মূল পথটোৰ দাঁতিতে থকা সৰ্বমুঠ ১২,০০০ স্কুৱেৰফুটৰ বিবাহ ভৱনটোত প্ৰয়োজন অনুসৰি প্ৰায় ২০০খন বিচনা সংস্থাপন কৰি ক’ৰ’না ৰোগী সকলক আছুতীয়াকৈ ৰাখি উপযুক্ত চিকিৎসা প্ৰদান কৰিব পৰা যাব বুলি আশাবাদী মানব দৰদি পুৰণিগুদামৰ বিশেষ লোকজন।

অৱশ্যে লোকজনে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সমগ্ৰ বিষয়টো অসমবাসীৰ ওচৰত উত্থাপন কৰাৰ পিছত ইয়াৰ অনুমতি বিচাৰি চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীলৈ ইতিমধ্যেই এখন আবেদন পত্ৰ প্ৰেৰণ কৰাৰ দিহা কৰিছে বুলি জানিবলৈ দিছে নিতুল গায়নে।