NORTHEAST NOW (Assamese)

হায়দৰাবাদত মৃত্যু মাজুলীৰ যুৱকৰ; মৃতদেহ আনিবলৈ অসমৰ্থ পিতৃ-মাতৃৰ চৰকাৰলৈ অনুৰোধ

November 23, 2019 4:36 pm · এন ই নাও নিউজ

বহিঃৰাজ্যত এক দুৰ্ঘটনাত পতিত হৈ এজন অসমৰ যুৱকৰ কৰুণ মৃত্যু হয়। নিহত যুৱকজনক মাজুলী কৈৱৰ্ত গাঁৱৰ তুলসী দাসৰ পুত্ৰ বাবু দাস বুলি চিনাক্ত কৰা হৈছে।

নিহত বাবু দাসে হায়দৰাবাদৰ এটা কোম্পানীত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰি আছিল। আৰু শুকুৰবাৰে হায়দৰাবাদৰ ৰে’লৱে ষ্টেশ্যনত সংঘটিত এক ৰেল দুৰ্ঘটনাত বাবু দাসে থিতাতে মৃত্যুক আঁকোৱালি লয়।

আনহাতে মাজুলীৰ কৈৱৰ্ত গাঁৱত পুত্ৰৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পিতৃ-মাতৃৰ কান্দোনত ভাগি পৰিছে। হায়দৰাবাদৰ পৰা নিজৰ পুত্ৰৰ মৃতদেহ আনিবৰ বাবে সামৰ্থ নাই দুৰ্ভগীয়া পিতৃ-মাতৃৰ। ফলত পুত্ৰ শোকত ভাগি পৰিছে নিহত বাবুৰ পিতৃ আৰু মাতৃ।

আনহাতে শুকুৰবাৰেই মৃত্যু হোৱা বাবুৰ মৃতদেহ পৰি ৰৈছে হায়দৰাবাদতে। নিহত যুৱকজনৰ পিতৃ-মাতৃয়ে পুত্ৰৰ মৃতদেহ হায়দৰাবাদৰ পৰা আনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে চৰকাৰ তথা মাজুলীৰ বিধায়কৰ ওচৰত অনুৰোধ জনাইছে।

Related News