NORTHEAST NOW (Assamese)

বোকাখাতত ক’ভিড সংক্ৰমণৰ পৰীক্ষা কৰিবলৈ আহি মৃত্যুক আকোঁৱালি ল’লে এজন যুৱকে

May 23, 2021 2:10 pm · উত্তম শইকীয়া
ফটো: নৰ্থইষ্ট নাও।

বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ক’ভিড সংক্ৰমণৰ পৰীক্ষা কৰিবলৈ আহি আজি এজন যুৱকে চিকিৎসালয়তে মৃত্যুক আকোঁৱালি লয়৷

মৃত যুৱক জন বোকাখাতৰ কান্ধুলিমাৰী গাওঁৰ চবিন কলিতাৰ পুত্ৰ দেৱজিত কলিতা।

পৰিয়ালৰ সুত্ৰই জনোৱা মতে কাহ আৰম্ভ হোৱা দেৱজিত কলিতাই দেওবাৰে ক’ভিড সংক্ৰমণৰ পৰীক্ষাৰ কৰিবলৈ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ আহিছিল যদিও পৰীক্ষা নোহোৱাত বোকাখাতৰ দৈনিক বজাৰত চলি থকা ক’ভিড পৰীক্ষা কেন্দ্ৰলৈ যায় ৷

দৈনিক বজাৰৰ কেন্দ্ৰতো ক’ভিড সংক্ৰমণৰ পৰীক্ষা কৰিব নোৱাৰি পুনৰ চিকিৎসালয়লৈ উভতি যায় ৷ চিকিৎসালয়লৈ উভতি যাওঁতে পথতে ঢলি পৰে দেৱজিত কলিতা ৷

পিছত বোকাখাত অসামৰিক চিকিৎসালয়ত দেৱজিত কলিতাক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷

দেৱজিত কলিতাৰ মৃত্যু ক’ভিড সংক্ৰমণতেই হৈছিল নে নাই সেইয়া এতিয়াও জানিব পৰা হোৱা নাই।

অৱশ্যে ক’ভিড সংক্ৰমণৰ পৰীক্ষাত দেৱজিত কলিতাৰ পত্নী আৰু সন্তানৰ শৰীৰত ক’ভিড সংক্ৰমণ ধৰা পৰা বুলি জনাইছে চিকিৎসকে৷

Related News