নাৰায়ণপুৰৰ বিছাবৰিত গা ধুবলৈ গৈ সৰবৰহী যুৱকৰ সলিল সমাধি

লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ বিছাবৰিত দেওবাৰে অৰ্থাৎ ২ জুনত সন্ধিয়া সংঘটিত এক দুৰ্ঘটনাত এজন যুৱকে মৃত্যুক আঁকোৱালি লয়।

ঘটনাৰ বিৱৰণি মতে বিছাবৰিৰ প্ৰফুল্ল শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ স্থানীয় যুৱক দিৱজ্যোতি শইকীয়াই দেওবাৰে সন্ধিয়া পুখুৰীত গা ধুবলৈ গৈ পুখুৰীত পিছলি পৰে। ফলত যুৱকজনে মৃত্যুক আঁকোৱালি লয়।

ইফালে পৰিয়ালৰ লোকে বহু পলমকৈ প্ৰায় ১ ঘণ্টাৰ পিছত বিচাৰ-খোচাৰ কৰি পুখুৰীৰ পৰা যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে মৃত্যুক আঁকোৱালি লোৱা দিব্যজ্যোতি শইকীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ সেৱা বাহিনীৰ জিলা অধিনায়কৰ দায়িত্বত আছিল। তাৰোপৰি যুৱকজন স্থানীয় মধুপুৰস্থিত মাধৱদেৱ শিশু নিকেতনৰ আচাৰ্য আছিল।

ইফালে অঞ্চলটোৰ এজন সৰবৰহী যুৱকে এনেদৰে পানীত পৰি কৰুণভাৱে মৃত্যুক আঁকোৱালি লোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।