NORTHEAST NOW (Assamese)

মেঘালয়ৰ গীৰ্জাৰ ভিতৰত ভগৱান ৰামৰ বন্দনা গোৱাৰ বাবে গোচৰ ৰুজু এজন যুৱকৰ বিৰুদ্ধে

December 28, 2024 11:35 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

গীৰ্জাৰ ভিতৰত প্ৰৱেশ কৰি ভগৱান ৰামচন্দ্ৰক আৰাধনা কৰা প্ৰাৰ্থনা গোৱাৰ বাবে এজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মেঘালয়ৰ ইষ্ট খাচী হিলছ আৰক্ষীয়ে।

গীৰ্জাঘৰত প্ৰৱেশ কৰি ধৰ্মীয় আৱেগক আঘাত কৰা কামত লিপ্ত হোৱাৰ অভিযোগত এই গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

বৃহস্পতিবাৰে মেঘালয়ৰ মাউলিনন গাঁৱৰ গীৰ্জাত এই ঘটনা সংঘটিত হয়। আকাশ সাগৰ নামৰ এজন যুৱকে অনুমতি অবিহনে গীৰ্জাৰ চৌহদত প্ৰৱেশ কৰি ‘জয় শ্ৰীৰাম’ শীৰ্ষক প্ৰাৰ্থনা গায়।

এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ লগে লগে পিনুৰ্ছলা থানাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

মুখ্যমন্ত্ৰী কনৰাড কনৰাড চাংমাই এই ঘটনাক তীব্ৰ গৰিহণা দি ৰাজ্যখনৰ জনগোষ্ঠীসমূহৰ শান্তিপূৰ্ণ সহাৱস্থানক বিঘ্নিত কৰাৰ ইচ্ছাকৃত প্ৰচেষ্টা বুলি অভিহিত কৰে। তেওঁ আশ্বাস দিয়ে যে চৰকাৰে এনে কাৰ্য ৰোধ কৰাৰ লগতে সামাজিক, ধৰ্মীয়, সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰাখিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

Related News