চিকিৎসকৰ প্ৰেছক্ৰিপশ্যন হ’লেই নহ’ব, কৰ’নাৰ দৰৱ কিনিবলৈ এইবাৰ লাগিব আধাৰ কাৰ্ড

Hydroxychloroquine-pills

প্ৰতিনিধিত্বমূলক ফটো।

দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’নাৰ সংক্ৰমণ। কৰ’না প্ৰতিৰোধৰ বাবে চৰকাৰ তথা প্ৰশাসনে যৎপৰোনাস্তি চেষ্টা চলাইছে যদিও সংক্ৰমণৰ হাৰ হ্ৰাস কৰাটো কঠিন হৈ পৰিছে।

ইপিনে, একাংশ অসাধু চক্ৰই কৰ’নাৰ দৰৱ মজুত ৰাখি বজাৰত কৃত্ৰিম নাটনি সৃষ্টি কৰাৰ অভিযোগ উঠিছে।

এনে পৰিস্থিতিৰ মহাৰাষ্ট্ৰত এইবাৰ কৰ’নাৰ দুট দৰৱ ক্ৰয় কৰিবলৈ গ’লে প্ৰেছকিপশ্যনৰ লগতে আধাৰ কাৰ্ডো লাগিব।

মহাৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে এক নিৰ্দেশ যোগে জনাইছে যে মহাৰাষ্ট্ৰত এন্টিভাইৰেল দৰৱ ৰেমডিচিভিৰ আৰু এন্টি ইনফ্লেমেটৰি দৰৱ টোছিলিজুমাব ক্ৰয় কৰিবলৈ গ’লে চিকিৎসকৰ প্ৰেছকিপশ্যন, কোভিড পজিটিভ ৰিপ’ৰ্ট আৰু কিছু নথিৰ লগতে আক্ৰান্ত ব্যক্তিৰ আধাৰ কাৰ্ডো লাগিব।

কৰ’না সংকটৰ সময়ত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে মুম্বাইত ৰেমডিচিভিৰ আৰু টোছিলিজুমাব দৰৱৰ নাটনিত চৰকাৰ উদ্বিগ্ন হৈ পৰিছে।

ইয়াকে লৈ ৰাইজৰ নিৰন্তৰ অভিযোগ প্ৰশাসনে লাভ কৰাৰ পাছত দৰৱৰ ক’লা বজাৰ ৰোধ কৰিবলৈ প্ৰশাসনে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

বৰ্তমান দেশৰ ভিতৰতে কৰ’নাত আটাইতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে মহাৰাষ্ট্ৰ আৰু বিশেষকৈ মুম্বাই মহানগৰীৰ পৰিস্থিতি উদ্বেগজনক হৈ পৰিছে।

কৰ’না পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্যখনৰ গৃহ মন্ত্ৰী অনিল দেশমুখে মুম্বাই আৰক্ষী আৰু ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়।

ইয়াতেই এন্টিভাইৰেল দৰৱ ৰেমডিচিভিৰ আৰু এন্টি ইনফ্লেমেটৰি দৰৱ টোছিলিজুমাবৰ ক’লা বজাৰ ৰোধ কৰিবলৈ এনেধৰণে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়।