NORTHEAST NOW (Assamese)

এতিয়াৰে পৰা ঘৰতে বহি প্ৰদানৰ কৰিব পাৰিব আধাৰ কাৰ্ডৰ বায়’মেট্ৰিক  

March 2, 2025 11:35 pm · এন ই নাও নিউজ, গুৱাহাটী

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে আধাৰ কাৰ্ডৰ বায়’মেট্ৰিক প্ৰদানৰ বাবে ব্যক্তিগত মোবাইল এপ্লিকেচন ব্যৱহাৰত অনুমোদন জনাইছে। এতিয়াৰ পৰা ব্যৱহাৰকাৰীসকলে সহজে নিজৰ মোবাইলতে বায়’মেট্ৰিক প্ৰদানৰ কৰিব পাৰিব।

চৰকাৰী বিবৃতি অনুসৰি, এই নতুন  ব্যৱস্থাৰ দ্বাৰা আধাৰ ধাৰীসকলক সুবিধা প্ৰদান, ই-কমাৰ্চ, শিক্ষা, স্বাস্থ্যসেৱা, ক্ৰেডিট ৰেটিং ব্যুৰো, আৰু এগ্ৰিগেটৰ সেৱা প্ৰদানকাৰীকে ধৰি একাধিক খণ্ডত সেৱা লাভ কৰিবলৈ সক্ষম হ’ব।

আধাৰ সুশাসন পৰ্টেল https://swik.meity.gov.in আধাৰ বায়’মেট্ৰিক প্ৰদানৰ  অনুমোদন প্ৰক্ৰিয়া সৰল কৰি তোলাৰ উদ্দেশ্যে ২০২৫ চনৰ জানুৱাৰী মাহত এই পৰ্টেলটো মুকলি কৰা হয়।

নাগৰিকসকলৰ বাবে সেৱাৰ নিৰৱচ্ছিন্ন সুবিধা নিশ্চিত কৰাৰ লগতে সামগ্ৰিক অভিজ্ঞতা উন্নত কৰাৰ লক্ষ্যৰে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।

Related News