ঘূৰ্ণী বতাহ ‘ফেনি’ৰ বাবে উত্তৰ পূৰ্বাঞ্চলত বাতিল কৰা হৈছে ৭৯ খন বিমানৰ উৰণ

Cyclone-Heavy-Rain-1140x570

প্ৰতিনিধিত্বমূলক ফটো। উৎস : খৱৰ নৰ্থইষ্ট

ঘূৰ্ণী বতাহ ‘ফেনি’ৰ বিধ্বংসী প্ৰভাৱৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক বিমানবন্দৰসমূহত বিমানৰ যাত্ৰা ব্যাহত হৈ পৰিছে। ভাৰতীয় বিমান প্ৰাধিকৰণৰ বিষয়াই এই কথা জানিবলৈ দিছে।

উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবোৰ বিমানবন্দৰ সুচল হৈ আছে যদিও বেয়া বতৰৰ বাবে এয়াৰলাইনছসমূহে সংযোগী বিমানসমূহৰ চলাচল বাতিল কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবোৰ বিমানবন্দৰ স্বাভাৱিক চলাচলৰ বাবে মুকলি ৰখা হৈছে।

ভাৰতীয় বিমান প্ৰাধিকৰণৰ বিষয়াই কয় যে গুৱহাটী বিমানবন্দৰৰ পৰা উৰিবলগীয়া তথা অৱতৰণ কৰিবলগীয়া মুঠ ৫৯ খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। আগৰতলা বিমানবন্দৰতো আঠখন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।

একেদৰে ডিমাপুৰ, লীলাবাৰী আৰু ডিব্ৰুগড় বিমানবন্দৰতো প্ৰতিটোতে দুখনকৈ বিমানৰ যাত্ৰা বাতিল কৰা হৈছে। আনহাতে, ইম্ফল বিমানবন্দৰত ছয়খন বিমানৰ যাত্ৰা বাতিল কৰা হৈছে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত শনিবাৰৰ ৰাতিপুৱাৰে পৰা মজলীয়া বৰষুণ দেখা গৈছে। ৰাজ্য চৰকাসমূহে ‘ফেনি’ৰ ফলত হ’ব পৰা যিকোনো আকস্মিক পৰিস্থিতিৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে।

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াই লগতে জানিবলৈ দিছে যে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা আহিবলগীয়া কিছুমান ৰে’ল আৰু উত্তৰ-পূৰ্বাঞ্চললৈ আহি থকা মালবাহী ৰে’লৰ যাত্ৰা ‘ফেনি’ৰ সতৰ্কতাৰ বাবে বাতিল কৰা হৈছে।

ইপিনে, অসম চৰকাৰেও যোৰহাটৰ পৰা মাজুলী, গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটী, ধুবুৰী আদিৰ ফেৰীসেৱাকে ধৰি প্ৰধান জলপথসমূহত ফেৰীসেৱা বাতিল কৰিছে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়াই জানিব দিয়ে যে বৰষুণৰ ফলত কিছুমান নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগতে বানপানীৰ আশংকা বৃদ্ধি পাইছে।

আনহাতে, গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰ বিষয়াই ইতিপূৰ্বে সনিবাৰ আৰু দেওবাৰে অঞ্চলটোত প্ৰবল বৃষ্টিপাতৰ লগতে প্ৰচণ্ড ধুমুহা হোৱাৰো আগজাননী দিছিল।