মঙলবাৰৰ অসম বন্ধক সমৰ্থন সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ

download

সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ লগো

১০ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰে আছু তথা উত্তৰ-পূব ছাত্ৰ সন্থাই ঘোষণা কৰা অসম বন্ধক পূৰ্ণ সমৰ্থন আগবঢ়াইছে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই।

সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই আজি এক প্ৰেছ বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে।

প্ৰেছ বিবৃতিযোগে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি অনুপল দত্ত পাঠকে কয় যে এ এ কে জে এছ য়ুৰ কেন্দ্ৰীয় সমিতিৰ লগতে ২৩খন জিলা সমিতিয়ে মঙলবাৰৰ ১১ ঘণ্টীয়া অসম বন্ধক সমৰ্থন জনাব।

ইয়াৰ লগতে তেওঁ কয়, ‘যদিহে কেব গৃহীত হয় তেন্তে শান্তি-সম্প্ৰীতি বিনষ্ট হ’ব। অসম চৰকাৰে কেবৰ বিৰুদ্ধে সাব্যস্ত কৰি থকা গণতান্ত্ৰিক আন্দোলন প্ৰতিহত কৰাৰ চেষ্টা চলাই আছে’।

তেওঁ লগতে কাইলৈৰ বন্ধ সফল কৰি তুলিবলৈ সকলো কলিতা জনগোষ্ঠীৰ লোককে আহ্বান জনাইছে।

ইয়াৰ পূৰ্বে অল ডিমাচা ষ্টুডেণ্ট য়ুনিয়ন চমুকৈ আডছুৱেও আছু তথা উত্তৰ-পূব ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম তথা উত্তৰ-পূব বন্ধক সমৰ্থন আগবঢ়াইছে।

উল্লেখ্য যে ১০ ডিচেম্বৰ অৰ্থাৎ মঙলবাৰে উত্তৰ-পূব ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ১১ ঘন্টীয়া সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল বন্ধ ঘোষণা কৰিছে।