NORTHEAST NOW (Assamese)

কেন্দ্ৰক ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিলত ব্যৰ্থ চৰকাৰ

July 22, 2021 3:35 pm · প্ৰণৱ কুমাৰ ডেকা
Updated: July 22, 2021 3:37 pm
ফাইল ফটো

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ কমিটিয়ে বিগত আঢ়ৈ বছৰে জনজাতিকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিবলগীয়া প্ৰতিবেদনখন যুগুত কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক ।

ছয় জনগোষ্ঠীৰ জনজাতিকৰণত যে চৰকাৰৰ সদিচ্ছা নাই আৰু জনজাতিকৰণৰ বিষয়টো যে বিজেপি দল আৰু চৰকাৰে ভোট বেংকৰ ৰাজনৈতিক ইচ্ছ্যু হিচাপেহে ব্যৱহাৰ কৰি আহিছে। মন্ত্ৰীগোটৰ কমিটিৰ সোপাঢিলা কাম কাজে ইয়াৰ প্ৰমাণ । এই মন্তব্য আক্ৰাছুৰ সভাপতি পুৰেণ ৰায়ৰ ।

ছাত্ৰ নেতাগৰাকীয়ে কয় যে জনজাতিকৰণৰ বাবে সোণোৱাল চৰকাৰৰ দিনত যিখন মন্ত্ৰীগোটৰ কমিটি গঠন কৰা হৈছিল বৰ্তমান সেই কমিটিখন কাৰ্যত অকামিলা হৈ পৰিছে ।

কিয়নো পূৰ্বৰ সমিতিৰ সদস্য প্ৰাক্তন বিধায়ক চন্দন ব্ৰহ্ম বৰ্তমান বিধায়ক নহয় । বিগত নিৰ্বাচনত তেওঁ পৰাজয় বৰণ কৰিছে ।

একেদৰে কমিটিখনৰ আন দুই সদস্য বিধায়ক নৱ কুমাৰ দলে আৰু ফণী ভূষণ চৌধুৰীয়ো বৰ্তমান মন্ত্ৰী হৈ থকা নাই । সেয়ে মন্ত্ৰী গোটৰ কমিটিখনৰ কোনো গুৰুত্ব নাইকীয়া হৈ পৰা বুলি উল্লেখ কৰি আক্ৰাছুৰ  সভাপতি গৰাকীয়ে জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াৰ স্বাৰ্থত শীঘ্ৰে মন্ত্ৰীগোটৰ কমিটিখন নতুনকৈ গঠন কৰিবলৈ চৰকাৰক দাবী জনায় ।

জনজাতিকৰণৰ প্ৰসংগত কোনো আপোচ নহ’ব বুলি উল্লেখ কৰি ছাত্ৰ নেতাগৰাকীয়ে আৰু  কয় – চৰকাৰৰ আশ্বাস বিশ্বাসত কোচ ৰাজবংশী জনগোষ্ঠীয়ে বহু ধৈৰ্য ধৰিলে ৷

কিন্তু এতিয়া আৰু ধৈৰ্যৰ সময় নাই । সেয়ে চৰকাৰে  জনজাতিকৰণৰ ক্ষেত্ৰত নিজৰ সদিচ্ছা প্ৰকাশ কৰি শীঘ্ৰে মন্ত্ৰীগোটৰ প্ৰতিবেদনখন কেন্দ্ৰক দাখিল কৰাৰ ক্ষীপ্ৰতৰ ব্যৱস্থা লওক । অন্যথা আক্ৰাছুৱে আৰু হাত সাৱটি বহি নাথাকে ।

চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি পূৰ্বতকৈ অধিক তীব্ৰতৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব ।

Related News