NORTHEAST NOW (Assamese)

গ্ৰেপ্তাৰ আম আদমী পাৰ্টিৰ বিধায়ক : দুৰ্নীতিৰ গোচৰত ভিজিলেন্সৰ অভিযান

May 24, 2025 2:18 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 24, 2025 2:40 pm

দিল্লীৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আম আদমী পাৰ্টিৰ বিধাহয়ক ৰমন আৰোৰাক। জানিব পৰা মতে, শনিবাৰে ভিজিলেন্স বিভাগে ৰমন অৰোৰাৰ ঘৰত অভিযান চলাইছিল। পুৱা প্ৰায় ১০ বজাত ভিজিলেন্স টিমে আৰোৰাৰ অশোক নগৰৰ ঘৰত উপস্থিত হয়। ইয়াৰ পিছতেই তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

অভিযানৰ সময়ত আৰক্ষীয়ে ৰমন অৰোৰাৰ স্থানীয় অঞ্চলৰ সকলো গেট বন্ধ কৰি দিয়ে।

আম আদমী পাৰ্টিয়ে এই বিষয়ে নিজৰ অফিচিয়েল ফেচবুক পেজত তথ্য শ্বেয়াৰ কৰিছে, ত তেওঁ এখন পোষ্টাৰ শ্বেয়াৰ কৰি কৈছে যে ৰমন আৰোৰাক গ্ৰেপ্তাৰ কৰা হৈছে।

ইফালে পঞ্জাৱৰ মন্ত্ৰী হৰপাল সিং ছিমাই কয় যে এই ব্যৱস্থা প্ৰমাণৰ ভিত্তিত কৰা হৈছে। শেহতীয়াকৈ ৰমন অৰোৰাক দিয়া নিৰাপত্তাও প্ৰত্যাহাৰ কৰা হৈছে।২০২২ চনত আম আদমী পাৰ্টিৰ পৰা প্ৰথমবাৰৰ বাবে জালন্দৰৰ কেন্দ্ৰীয় বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰমন অৰোৰাই, য’ত তেওঁ নিজৰ বিৰোধী ৰাজিন্দৰ বেৰী আৰু বিজেপিৰ মনোৰঞ্জন কালিয়াক পৰাস্ত কৰিছিল।

Related News