বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত দাখিল কৰা কেন্দ্ৰীয় বাজেটক লৈ সুখী নহয় আম আদমী পাৰ্টি। আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে কেন্দ্ৰীয় চৰকাৰৰ বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। অসমৰ দায়িত্বত থকা আপৰ নেতাগৰাকীয়ে কয়, ” অসমৰ অন্যতম ৰাজহুৱা খণ্ডৰ উদ্যোগ অ’ এন জি চি আৰু ক’য়েল ইণ্ডিয়াৰ বাবে কেন্দ্ৰীয় বাজেটত একো নাই। প্ৰস্তাৱিত ইউৰিয়া সাৰ প্ৰকল্পৰ বাহিৰে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ বাবে বিত্ত মন্ত্ৰীয়ে একো বিবেচনা নকৰিলে। অসমৰ নিবনুৱাৰ সংস্থাপন, শৈক্ষিক আৰু স্বাস্থ্য খণ্ডৰ উন্নয়নত বিত্ত মন্ত্ৰী সীতাৰমণে গুৰুত্ব আৰোপ নকৰিলে। ৰাজ্যখনত থকা কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত কোনো পুঁজি ধাৰ্য কৰা নহ’ল। এই বাজেট অসমবাসীক কেন্দ্ৰীয় চৰকাৰে কৰা বঞ্চনাৰ দস্তাবেজ স্বৰূপ। “
এনেদৰে আজি বাজেট সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰে ৰাজেশ শৰ্মাই। আপৰ নেতাগৰাকীৰ প্ৰশ্ন,” বাজেটত সমগ্ৰ দেশতে নতুনকৈ ১২০ টা বিমানবন্দৰ স্থাপনৰ কথা কোৱা হৈছে। কিন্তু এই ক্ষেত্ৰত অসমক বঞ্চিত কৰা হ’ ল কিয়? উত্তৰ পূৱ ভাৰতত অসামৰিক বিমান পৰিবহন খণ্ডৰ উন্নয়নৰ যথেষ্ট থল আছিল, কিন্তু কেন্দ্ৰীয় বিত্ত বাজেটত এই দিশটো অৱহেলা কৰা হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সাধাৰণ মানুহৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ উডান আঁচনিৰ অধীনত ন্যূনতম নিৰিখত বিমান সেৱাৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন। বিত্তমন্ত্ৰীৰ এই ক্ষেত্ৰত কোনো সদিচ্ছা দেখা নগ’ল। অসমবাসীৰ সপোন সপোন হৈয়েই থাকিল। থোৰতে এই বাজেট মাথোঁ বাৰ্ষিক পৰম্পৰা ৰক্ষা কৰি সংসদত উপস্থাপন কৰা ভেকোঁভাওনাৰ নামান্তৰহে। ” এনেদৰে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আম আদমী পাৰ্টিৰ নেতাগৰাকীয়ে।