আম আদমি পাৰ্টীৰ সম্ভাৱনা আৰু সীমাবদ্ধতা

AAP

যোৱা দুটা বছৰত হৈ যোৱা নিৰ্বাচনবোৰৰ ফলাফলৰ পৰা স্পষ্ট হৈ পৰা কথাকেইটা হ’ল– ক] হিন্দী বলয়ত বিজেপিৰ হিন্দুত্ববাদৰ আধিপত্য কম-বেছি পৰিমাণে বাহাল আছে; খ] কংগ্ৰেছ দলৰ ভাৱমূৰ্তিৰ অধোমুখী যাত্ৰা অব্যাহত আছে আৰু গ] ক্ৰমাৎ বহল হৈ অহা বিৰোধীৰ খালি ঠাইখিনিত ‘আম আদমি পাৰ্টী’য়ে ধীৰে ধীৰে নিজৰ ভেটি বহলাবলৈ চেষ্টা কৰিছে৷ ক্ষমতা ধৰি ৰাখিবৰ বাবে বিজেপিয়ে ঘাইকৈ তিনিটা কৌশল অৱলম্বন কৰা দেখা যায়৷ সেইকেইটা হ’ল– ক] ন ন হিতাধিকাৰীৰ সৃষ্টি; খ]বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে অপৰাধ অনুসন্ধানকাৰী আৰু আইন বলৱৎকাৰী সংস্থাসমূহৰ প্ৰয়োগ–তাৰ জৰিয়তে বিৰোধী দলৰ নৈতিক বল ভাঙি দিয়া আৰু দুৰ্নীতিগ্ৰস্ত নেতাক আত্মসমপৰ্ণ কৰোৱা আৰু গ] সংঘ পৰিয়ালৰ সদস্যৰ জৰিয়তে তৃণমূল পৰ্যায়ত মুছলমান-খ্ৰীষ্টানৰ বিৰুদ্ধে ঘৃণা-বিদ্বেষ বিয়পাই হিন্দুত্বৰ ভেটি মজবুত কৰা৷

কংগ্ৰেছৰ দুবৰ্লতাৰ সুযোগ লৈ আম আদমি পাৰ্টী আৰু তৃণমূল কংগ্ৰেছে নিজৰ স্থিতি মজবুত কৰিবলৈ সুকীয়া সুকীয়াকৈ চেষ্টা চলাই থকা দেখা গৈছে৷ মমতা বেনাৰ্জী সেই দিশত বেছি দূৰ আগুৱাব নোৱাৰে বুলিয়েই বিশ্বাস৷ কিন্তু আপ- এ গোৱা, গুজৰাট, উত্তৰাখণ্ড আদিত খোজ পেলাবলৈ আৰম্ভ কৰিছে৷ গুজৰাটত বিজেপি কৰ্মীয়ে “আপ” কৰ্মীৰ ওপৰত আক্ৰমণ চলোৱালৈ লক্ষ্য কৰি অনুমান কৰা যায় যে “আপ”ক লৈ বিজেপি কিছু শংকিত হৈছে৷ উল্লেখযোগ্য, ২০১৮ চনৰ গুজৰাটৰ নিৰ্বাচনত “আপ”ৰ প্ৰাসংগিকতা নাছিল; কংগ্ৰেছ দলে নিজ স্থিতি পূবৰ্তকৈ বহুখিনি উন্নত কৰিছিল৷ কিন্তু এইবাৰ কংগ্ৰেছ দলৰ অৱস্থা মুঠেই আশাব্যঞ্জক নহয়৷

কোৱা বাহুল্য, অপঘাতী কংগ্ৰেছৰ ছদ্ম-সাম্প্ৰদায়িক নীতি, তোষণ নীতি, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু নব্যউদাৰ-জনবিৰোধী অৰ্থনৈতিক নীতিয়ে সৃষ্টি কৰা আৰ্থ-সামাজিক বিপৰ্যয়ৰ প্ৰতিক্ৰিয়া স্বৰূপে অতি দক্ষিণপন্থী বিজেপিৰ কট্টৰ “হিন্দুত্ব”ৰ প্ৰচাৰে জনতাক আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰিলে৷ বিজেপিৰ শাসন কালত জনতাৰ জীৱন-জীৱিকাৰ সমস্যা পূবৰ্তকৈ বহুখিনি বাঢ়িছে যদিও হিন্দুত্বৰ প্ৰভাৱ বহু পৰিমাণে অটুট আছে৷ কংগ্ৰেছ দলে নিজৰ কৃতকৰ্মৰ শুধৰণিৰ বাবে উৱাদিহ পোৱা নাই৷

আনহাতে ‘আপ’ৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে মানৱ জীৱনৰ বাবে আৱশ্যকীয় মূল চাৰিটা বিষয় [বিজুলি, পানী, স্বাস্থ্য আৰু শিক্ষা]ক লৈ নিৰ্মাণ কৰা বাক্‌ ধাৰাই দিল্লীৰ জনতাক আকৰ্ষিত কৰিছিল৷ কেজৰিৱালৰ সেই আবেদনৰ প্ৰতি সঁহাৰি জনাই দিল্লীবাসীয়ে ২০১৫ চনত ৭০ খন আসনৰ ভিতৰত ৬৭ খনতে জয়ী কৰাই চৰকাৰ চলোৱাৰ সুযোগ দিলে৷ দিল্লীবাসীৰ অংক আছিল– “ওপৰ মোদী, নিচে কেজ্‌ৰি’’–দিল্লীৰ কাৰণে কেজৰিৱাল আৰু ৰাষ্ট্ৰৰ কাৰণে নৰেন্দ্ৰ মোডী৷ এই কথাটো বুজি পোৱা কাৰণেই কেজৰিৱালে তেওঁৰ ভাষণত নৰেন্দ্ৰ মোডীক সচৰাচৰ আক্ৰমণ কৰা নাছিল৷ কিন্তু শেহতীয়াকৈ অৱশ্যে মোদীয়ে কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ নিদিয়াকৈ থকা নাই৷ নৰেন্দ্ৰ মোদীক আক্ৰমণ নকৰাটো অথবা কৰিলেও, সীমাৰ ভিতৰত থকাটো তেওঁৰ এক ৰাজনৈতিক কৌশল৷

২০২০ চনৰ নিৰ্বাচনে প্ৰমাণ কৰি দিলে, অৰবিন্দ কেজৰিৱালে ৰাইজৰ আশা-আকাংখ্যাক লালন-পালন কৰিব পাৰিছে৷ মোদী-শ্বাহে বিজেপিৰ সমস্ত মন্ত্ৰী, সাংসদ, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ধৰ্মীয় সাম্প্ৰদায়িকতাৰ সকলো কাৰ্ড প্ৰয়োগ কৰিও পূবৰ্তকৈ মাত্ৰ ৫ খন আসনহে বেছিকৈ দখল কৰিবলৈ সক্ষম হ’ল৷ ইয়াৰ জৰিয়তে আন এটা কথাও প্ৰমাণ হ’ল– ধৰ্মীয় আবেগৰ অশ্বাৰোহী বিজেপি অপৰাজেয় নহয়, যদিহে কোনোবা ৰাজনৈতিক দলে জনতাৰ আশা-আকাংখ্যাৰ যত্ন লোৱাৰ নিদৰ্শন দাঙি ধৰিব পাৰে৷ উল্লেখযোগ্য যে বিজেপিয়ে জনমুখী আঁচনিৰ প্ৰচাৰ যিমান চলায়, কাম সিমান নকৰে৷

বেছি ভাগ ক্ষেত্ৰতে ৰাইজক আভুৱা ভাঁৰে৷ অৰ্থনীতি পৰিচালনাত মোদী চৰকাৰ বেয়াকৈ ব্যৰ্থ হৈছে৷ অৰ্থনীতিৰ পৰা আৱশ্যকীয় ৰাজহ সংগ্ৰহ কৰাত ব্যৰ্থ হৈ, বিভিন্ন অজুহাতত মধ্যবিত্ত শ্ৰেণীৰ ওপৰত লুণ্ঠন চলাই আছে৷ দৈ-চিৰা-মুৰি-গুৰৰ দৰে পণ্যৰ ওপৰতো জি এচ টি আৰোপ কৰি, জি এচ টি বাহাল থকা পণ্যৰ ওপৰত জি এচ টি বৃদ্ধি কৰি, বেংক সেৱাৰ মাচুল বৃদ্ধি কৰি, বেংকৰ জমা ধনৰ ওপৰত সুত কৰ্তন কৰি, অন্যায়ভাৱে পেট্ৰোল-ডিজেলৰ মূল্য বৃদ্ধি কৰি, টোল টেক্স বৃদ্ধি কৰি যি হাৰত লুণ্ঠন চলাই গৈছে, সি দেশৰ মুঠ চাহিদাৰ হাৰ অধিক হ্ৰাস কৰি আছে, যাৰ ফলত ৰুগ্ন অৰ্থনীতিৰ আৰু বেছি ক্ষতি হৈ আছে৷ এনে পৰিস্থিতিত হিতাধিকাৰীৰ ভোটবেংক, অপৰাধ অনুসন্ধানকাৰী তথা আইন বলৱৎকাৰী সংস্থা আৰু হিন্দুত্বৰ প্ৰচাৰেহে বিজেপিক ক্ষমতা দখলত সহায় কৰি আহিছে৷

আমাৰ মতে, জনমুখী নীতি কাৰ্যকৰী কৰি অহা স্বত্বেও “আপ”এ কিমান দূৰলৈকে সাফল্য লাভ কৰিব, সি সন্দেহজনক৷ কাৰণ– এক, সংঘ পৰিয়ালে ঘৃণা-বিদ্বেষৰ প্ৰণালীবদ্ধ প্ৰচাৰেৰে সমাজখনক যিদৰে বিভক্ত কৰি পেলাইছে, তাক ফলপ্ৰসূভাৱে প্ৰতিহত কৰিবৰ বাবে কেজৰিৱালৰ কোনো সুস্পষ্ট নীতি আৰু পৰিকল্পনা নাই৷ আজিৰ সময়লৈকে কেজৰিৱালে বিজেপিৰ হিন্দুত্ববাদক প্ৰত্যাক্ৰমণ কৰাৰ সলনি কৌশলেৰে তাৰ লগত সহাৱস্থান কৰিবলৈহে চেষ্টা কৰি আছে৷ শ্বাহিনবাগ, দিল্লী সংঘৰ্ষ আদিৰ ক্ষেত্ৰত কেজৰিৱালৰ তথাকথিত “নিৰপেক্ষ ভূমিকা” আৰু তাৰ সমান্তৰালভাৱে তেওঁৰ হনুমান চালিছা পাঠ, বিনামূলীয়া তীৰ্থ যাত্ৰাৰ ব্যৱস্থা কৰা আদিৰ জৰিয়তে তেওঁ হিন্দুত্ব প্ৰেমকে জাহিৰ কৰিবলৈ বিচাৰে৷

কিন্তু তেওঁৰ এই কৌশল বেছি দিন নচলিব৷ কাৰণ বিজেপি-আৰ এচ এচে হিন্দুত্বৰ ৰাজনীতিক এনে এক পৰ্যায়লৈ লৈ গৈছে, য’ত কেজৰিৱালৰ নৰম হিন্দুত্ববাদৰ কোনো প্ৰভাৱ নাথাকিব৷ এটা সময়ত কেজৰিৱালে নিজৰ স্থিতি স্পষ্ট কৰিবই লাগিব৷ তেনে পৰিস্থিতিত তেওঁক জনতাই কিদৰে গ্ৰহণ কৰিব, তাক সময়েহে ক’ব৷ দুই, আজিৰ তাৰিখলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত জনপ্ৰিয়তাই নিজ দলৰ অপ্ৰিয় নেতাকো নিৰ্বাচনত জয়ী কৰাই আনিছে৷ ৰাজ্যিক পৰ্যায়ত ভোটাৰৰ বাচ-বিচাৰ সুকীয়া হয়৷ সেইবোৰ নিৰ্বাচনত বিজেপি হাৰিলেও, আইন বলৱৎকাৰী সংস্থাসমূহে পৰৱৰ্তী কালত সিবিলাকত বিজেপিৰ চৰকাৰ গঠন কৰাত সহায় কৰি আহিছে৷

অৱশ্যে তেওঁৰ “দিল্লী মডেল”এ যে মানুহক আকৰ্ষণ কৰা নাই, সেইটোও নহয়৷ ২০২২ চনত দিল্লীৰ জনসংখ্যা ৩.২১ কোটি জন বুলি কোৱা হৈছে৷ ২০২১-২২ চনত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ আছিল ৯.২৪ লাখ কোটি টকা [ধাৰ্যিত]৷ আগৰ বছৰৰ তুলনাত ১৭.৬৫ শতাংশ বেছি৷ পাঞ্জাৱলৈ যদি চাওঁ, তেন্তে তাৰ জনসংখ্যা আৰু মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ যথাক্ৰমে ২.৭৭ কোটি জন আৰু ৬.০৮ লাখ কোটি টকা৷ ওপৰৰ তথ্যৰ পৰা এই কথা স্পষ্ট যে দুয়োখন ৰাজ্যৰ তুলনাত দিল্লীৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত তাত “দিল্লী মডেল” প্ৰয়োগ কৰাত অসুবিধা হোৱা নাই৷ পঞ্জাৱত “আপ” চৰকাৰে প্ৰতিশ্ৰুতি মতে কাম কৰিব পৰা নাই বাবে মানুহৰ লাহে লাহে মোহভংগ হোৱা বুলি জানিব পৰা গৈছে৷

আনহাতে গুজৰাটৰ জনসংখ্যা আৰু মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ যথাক্ৰমে ৭.০৭ কোটি আৰু ১৮.৮ লাখ কোটি টকা৷ সেইফালৰ পৰা গুজৰাটত দিল্লী মডেল প্ৰয়োগ কৰাত অসুবিধা হ’ব নালাগে৷ পঞ্জাৱত দিল্লী মডেল প্ৰয়োগ কৰাত প্ৰবল সীমাবদ্ধতা থাকিব এই কাৰণেই যে শিক্ষা, স্বাস্থ্য, বিজুলি, পানী, ৰাষ্টা-ঘাটৰ বুনিয়াদী গাঁথনি আৰু গুণগত মান দিল্লীৰ দৰে কৰি তুলিবলৈ ৰাজস্ব উপাৰ্জনৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰিব লাগিব৷ কিন্তু পঞ্জাৱৰ অৱস্থা মুঠেই ভাল নহয়৷ অসমৰ সমতুল্য৷ নতুন মুখ্য মন্ত্ৰী ভগৱন্ত সিং মানে ৰাজ্যখনৰ অৰ্থনীতিৰ দ্ৰুত বিকাশ ঘটাই যদি মেজিক দেখুৱাব পাৰে, তেন্তে সুকীয়া কথা৷

আন এটা মন কৰিবলগীয়া কথা হ’ল–অৰবিন্দ কেজৰিৱালৰ ৰাষ্ট্ৰীয় অৰ্থনৈতিক নীতি এই পৰ্যন্ত স্পষ্ট নহয়৷ তেওঁ জনতাক সহজে আকৰ্ষণ কৰিব পৰা কল্যাণমূলক আঁচনিবোৰ ৰূপায়নৰ কথা কয়৷ নতুন দিল্লীত সেয়া কৰিও দেখুৱাইছে৷ তেওঁৰ সেই কামক আমি আদৰণি জনোৱাত কাপৰ্ণ্য নকৰোঁ৷ অৱশ্যে এই কথাও সঁচা যে তেওঁ সেই কাম কৰিবলৈ সক্ষম হৈছে এই কাৰণেই যে তেওঁ ক্ষমতালৈ আহি দিল্লীত এটা টনকিয়াল ৰাজভঁড়াল পাইছিল৷ পাঞ্জাৱত সেইটো পোৱা নাই৷ পাঞ্জাৱেই দেখুৱাই দিব, কেজৰিৱাল কিমান সফল জনদৰদী নেতা৷ গুজৰাটত এই দিশত তেওঁ সফল হ’ব, সন্দেহ নাই৷ কিন্তু অসমত তেওঁৰ মডেল সফল কৰাটো সহজ নহ’ব৷

শেষত, কেজৰিৱালৰ কোনোবা ভৱিষ্য কালত কেন্দ্ৰৰ শাসনজৰী ধৰাৰ যদি সৌভাগ্য হয়, তেন্তে তেওঁ মনমোহন সিং আৰু নৰেন্দ্ৰ মোডীৰ মডেল অনুসৰণ কৰিলে, দিল্লী মডেলৰ যে কৰুণ সমাধি ঘটিব, তাত তিলমানো সন্দেহ নাই৷ কাৰণ এই মডেলত পুঁজিপতিক টনকিয়াল কৰিবলৈ সবৰ্সাধাৰণক বঞ্চিত কৰাটোৱেই মূল মন্ত্ৰ৷ মধ্যবিত্তৰ হাতত এহাতেদি ক্ৰয় ক্ষমতা তুলি দি, আনহাতেদি মূল্য বৃদ্ধি আৰু প্ৰকৃত মজুৰিৰ লুণ্ঠনৰ জৰিয়তে ক্ৰয়ক্ষমতা কাঢ়ি নি তাক মুনাফাৰ ৰূপত পুঁজিপতিৰ হাতত তুলি দিয়াটোৱেই সাৰ কথা৷ ৰাজ্য আৰু কেন্দ্ৰ চলোৱা একেই কথা নহয়৷

গতিকে কেজৰিৱালৰ সীমাবদ্ধতা অপাৰ৷ কিন্তু তেওঁ অতি কৌশলেৰে “আপ”ৰ আৰ্থ-সামাজিক নীতি সম্পৰ্কে নীৰৱ হৈ আছে৷ কিন্তু কিমান দিনলৈ? ৰাষ্ট্ৰীয় ৰাজনীতিত এতিয়াও পৰিপক্ক হৈ নুঠা কেজৰিৱালে তেওঁৰ সীমাবদ্ধতাৰ কথা জানিব পাৰিছেনে?

লেখকৰ ফোন- ৯৪৩৫০-৯০৮৯৯