প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিয়োগত গভীৰ শোক আম আদমি পাৰ্টিৰ; টুইটাৰযোগে শোক প্ৰকাশ কেজৰিৱালৰ

tarun-gogoi-pti-1567260075-1606141094

যোৱা অৰ্ধ শতিকা ধৰি অসমক ৰাজনৈতিকভাৱে সেৱা আগবঢ়োৱা বিশিষ্ট ৰাজনীতিক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ বিয়োগত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ অসম। ইয়াৰ ব্যতিক্ৰম হোৱা নাই আম আদমি পাৰ্টী, অসমো।

ৰাজ্যখনৰ ৰাজনৈতিক বটবৃক্ষ গগৈৰ বিয়োগত আপ, অসমে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

আম আদমি পাৰ্টীৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গগৈৰ বিয়োগৰ বাতৰি পোৱাৰ লগে লগে টুইটাৰযোগে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

প্ৰয়াত নেতাগৰাকীৰ আত্মাৰ সদ্গতিৰ বাবে তেওঁ প্ৰাৰ্থনা জনায়।

আপ, অসমৰ সমন্বয়ক ডাঃ ভবেন চৌধুৰীয়ে কয় যে ২০০১ চনত মুখ্যমন্ত্ৰী হৈয়েই গগৈদেৱে নব্বৈ দশকৰ অশান্ত অসমলৈ শান্তি তথা প্ৰগতি অনিবলৈ সক্ষম হৈছিল আৰু পূৰ্বৰ চৰকাৰৰ দিনত সংঘটিত হোৱা বিত্তীয় বেমেজালি আঁতৰাবলৈ সক্ষম হৈছিল।

তদুপৰি, চিৰনমস্য নেতাগৰাকীৰ জীৱনৰ শেষ মূহুৰ্তলৈ ৰাজনৈতিক সক্ৰিয়তা আৰু চিৰ তৰুণ মনৰ অধিকাৰী হিচাপে তেখেত সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব বুলিও চৌধুৰীয়ে ব্যক্ত কৰে।