‘মিম জগত’ৰ চিনাকী মুখ পাকিস্তানী সাংসদ তথা টিভিৰ অনুষ্ঠান সঞ্চালক আমিৰ লিয়াকতৰ মৃত্যু

Aamir Liaquat

হাস্যৰসৰ ভিডিঅ’ বা মিমৰ মাজে মাজে “ৱাহ: ৱাহ:” কৈ বহি থকাৰ পৰা জপিয়াই দিয়া এটা সৰু ক্লিপ আপোনালোকে নিশ্চয় দেখিছে। মিমপ্ৰেমী সকলৰ বাবে এই মুখখন তেনেই চিনাকী। মিমৰ মাজে মাজে ঠাই পোৱা এই মানুহজনৰ নাম হৈছে লিয়াকত আলী। দুখৰ কথা যে পাকিস্তানৰ এই জনপ্ৰিয় ব্যক্তিজনে আজি শেষ নিশ্বাস ত্যাগ কৰে।

পাকিস্তানৰ স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এক ৰহস্যজনক পৰিস্থিতিত আজি কৰাচীত আমিৰ লিয়াকতৰ মৃত্যু হয়। উল্লেখ্য যে মিমাৰৰ দ্বাৰা অধিক জনপ্ৰিয় হৈ পৰিলেও লিয়াকত আছিল পাকিস্তানৰ এগৰাকী ৰাজনীতিবিদ।

ইমৰান খান নেতৃত্বাধীন তেহৰিক-ই-ইনচাফৰ পৰা সাংসদ হিচাপে মনোনীত হোৱা লিয়াকত পাকিস্তানৰ নেচনেল এচেম্বলীৰ প্ৰাক্তন সদস্য। লগতে তেওঁ পাকিস্তানৰ দূৰদৰ্শনত এগৰাকী জনপ্ৰিয় সঞ্চালকো।

কৰাচীৰ খুদাদ কলনীত থকা নিজা বাসভৱনত আজি লিয়াকতক অচেতন অৱস্থাত উদ্ধাৰ কৰাৰ পিছত সংকটজনক অৱস্থাত এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অৱশ্যে চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে বুলি চিকিৎসকসকলে নিশ্চিত কৰে।

বাতৰি অনুসৰি বুধবাৰে নিশা লিয়াকতে শাৰীৰিকভাৱে অস্বস্তি অনুভৱ কৰিছিল। কিন্তু তেওঁ চিকিৎসালয়লৈ যাবলৈ অস্বীকাৰ কৰিছিল। আজি পুৱা হঠাতে লিয়াকতৰ কোঠাৰ পৰা এটা চিঞৰ শুনা গৈছিল। ভিতৰৰ পৰা বন্ধ থকাৰ বাবে তেওঁৰ ঘৰুৱা কৰ্মচাৰী সকলে কোঠাৰ দুৱাৰ ভাঙি তেওঁক অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল।

তেওঁৰ এই অস্বাভাৱিক মৃত্যুৰ পাছতে কৰাচী আৰক্ষীয়ে নিজাকৈ এক তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ বাসভৱনৰ পৰা চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে। মৃত্যুৰ কাৰণ সম্পৰ্কে নিশ্চিত হ’বৰ বাবে লিয়াকতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

আনহাতে সাংসদগৰাকীৰ মৃত্যুৰ বাবে পাকিস্তানী সংসদৰ অধিৱেশন পিছুৱাই দিয়া হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে লিয়াকতে ২০১৮ চনৰ মাৰ্চত ইমৰান খানৰ তেহৰিক-ই-ইনচাফ দলত যোগদান কৰিছিল। অৱশ্যে ইমৰান খান চৰকাৰৰ বিৰুদ্ধে দেশখনত হোৱা ৰাজনৈতিক অস্থিৰতাৰ পিছত তেওঁ নিজে দলটোৰ পৰা আঁতৰি আহিছিল।