NORTHEAST NOW (Assamese)

বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ; আমছুৰ নতুন কেন্দ্ৰীয় সমিতি গঠন

February 15, 2021 10:48 am · ইয়াছিন আলী
ফটো: নৰ্থইষ্ট নাও।

দেওবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছুৰ) পঞ্চদশ কেন্দ্ৰীয় অধিৱেশনৰ সফল সামৰণি পৰে।

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰাত ১৩, ১৪ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত অধিবেশনৰ দেওবাৰে সন্ধিয়া স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ পিছতে মুকলি সভাৰ সামৰণি পৰে।

অধিবেশনৰ অন্তিম দিনা ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্য্যসূচীৰ লগতে অসমৰ বাৰেবৰণীয়া সংস্কৃতিৰ সমাহাৰেৰে বৰ্ণময় সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়।

মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধনঞ্জয় দাসে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি কয় যে সংস্কৃতিয়ে আমাক মৰম, চেনেহ, ভাতৃত্ববোধেৰে বান্ধি ৰাখিছে, চিন্তাৰ উৎকৰ্ষ সংস্কৃতিৰ মাধ্যমত প্ৰকাশ পায়, আৰু উন্নতিৰ জখলাত আগবাঢ়ি যোৱাত সহায় কৰে।

আবেলি ২ বজাৰ পৰা ৰেজাউল কৰিম সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণি ভাষণ দিয়ে আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানে।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত হৈ  অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মুস্তাক আনফৰে সংখ্যালঘুসকলৰ কল্যাণ, নিৰ্যাতন ও ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিষয়ে আলোচনা কৰে।

বিধায়ক আব্দুল হাই নাগৰি, প্ৰাক্তন বিধায়ক আলী আজগৰ, আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মন, আমছুৰ নতুন উপদেষ্টা আইনুদ্দিন আহমেদে ভাষণত আমছুক ৰাজনৈতিক দল, নেতাৰ হাতোৰাৰ পৰা মুক্ত কৰি ৰাখিবলৈ আহ্বান জনায়।

সন্ধিয়া আমছুৰ স্মৃতিগ্ৰন্থ “কন্ঠ” উন্মোচন কৰে অসম ৰাজ্যিক জমিয়ত সভাপতি মুস্তাক আনফৰে আৰু, সহযোগিতা কৰে আমছুৰ প্ৰাক্তন উপ সভাপতি নাজিৰ সৰকাৰ আৰু, লিয়াকত আলী খানে। অনুষ্ঠানটো পৰিচালনা কৰে স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি গজিবৰ ৰহমানে।

মুকলি সভাত উপস্থিত থাকে ক্ৰমে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সভাপতি তথা আমছুৰ প্ৰাক্তন সভাপতি আব্দুল আজিজ, প্ৰাক্তন সভাপতি আব্দুৰ ৰহিমৰ লগতে আমছুৰ বৰ্তমানৰ বহুতো নেতা-কৰ্মী। সভাত কেইবা সহস্ৰাধিক জনতাও উপস্থিত থাকে।

নিশা ৩৮ খন সাংগঠনিক জিলা সমিতিৰ সহস্ৰাধিক জিলা প্ৰতিনিধি, আমছু অৰ্ধশতাধিক প্ৰাক্তন নেতা কৰ্মীৰ উপস্থিতিত প্ৰতিনিধি সভাৰ জড়িয়তে আমছুৰ নতুন ৬১ জনীয়া কেন্দ্ৰীয় সমিতিখন গঠন হয়।

আজিজুৰ ৰহমানক মুখ্য উপদেষ্টা, আইনুদ্দিন আহমেদক উপদেষ্টা, ৰেজাউল কৰিম সৰকাৰক সভাপতি, মিন্নাতুল ইছলাম আৰু ইমতিয়াজ হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৬১ জনীয়া আমছুৰ কেন্দ্ৰীয় সমিতি গঠন কৰা হয়।

আমছুৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে পুনৰ ৰেজাউল কৰিম সৰকাৰেই নিৰ্বাচিত হয়।

Related News