NORTHEAST NOW (Assamese)

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীৰে বঙাইগাঁৱত আমছুৰ তীব্ৰ প্ৰতিবাদ

November 5, 2020 3:04 pm · ইয়াছিন আলী

সমগ্ৰ অসমৰ সমান্তৰালভাৱে বঙাইগাঁৱত সদৌ অসম সংখ্যালঘু ছাত্ৰ য়ুনিয়ন চমুকৈ আমছুৰ বঙাইগাঁও জিলা সমিতিৰ উদ্যোগত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

বঙাইগাঁও জিলাৰ গান্ধীময়দানত আমছুৱে অত্যাৱশ্যকীয়া সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ দাবীৰে ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী সকলে যোগান মন্ত্ৰী মুৰ্দাবাদ, ফণীভূষণ চৌধুৰী গো বেক, বিজেপি চৰকাৰ হায় হায়, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগান দি পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, বঙাইগাঁও জিলা আমছুৰ সভাপতি হজৰত আলী, সাধাৰণ সম্পাদক ৰেজাউল আহমেদ, উপ-সভাপতি ছাদ্দাম হুছেইন, কাৰ্য্যকৰী সভাপতি আজগৰ আলীকে ধৰি ভালেসংখ্যক আমছুৰ কৰ্মী উপস্থিত থাকে।

উল্লেখযোগ্য যে, বুধবাৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত অত্যাৱশ্যকীয়া খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ প্ৰসংগত ৰাজ্যৰ বিভিন্ন বিভাগৰ বিষয়ববীয়া সকলৰৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছিল।

বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰীক ৰাজ্যত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।

Related News