‘আমছু’ৰ গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক দিলবৰ ৰহমানৰ পদত্যাগ

আমছু এৰি গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদত যোগদান দিলবৰ ৰহমানৰ

Dilbor Rahman

ফটো : নৰ্থ-ইষ্ট নাও

দেওবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ গুৱাহাটী মহানগৰ সমিতিৰ সাধাৰণ সম্পাদক দিলবৰ ৰহমানে সন্থাৰ মহানগৰ সমিতিৰ সভাপতিলৈ লিখিতভাৱে পদত্যাগ পত্ৰ প্ৰদান কৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদত যোগদান কৰে।

আমছুৰ মহানগৰ জিলা সমিতিৰ পৰা সম্পূৰ্ণ ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি দিলবৰ হুছেইনে পদত্যাগ পত্ৰখনত উল্লেখ কৰে। পদত্যাগ কৰাৰ দিনাই গুৱাহাটীৰ হাতীগাওঁস্থিত মনিষা বিবাহ ভৱনত অনুষ্ঠিত হৈ থকা গৰিয়া মৰীয়া-দেশীয় জাতীয় পৰিষদৰ মহানগৰ জিলা সমিতিৰ সাধাৰণ সভাত সংগঠনটোত আনুষ্ঠানিকভাৱে যোগদান কৰে ৰহমানে।

আমছুৰ পৰা পদত্যাগী ৰহমানে গৰিয়া-মৰীয়া-দেশীয় জাতীয় পৰিষদত যোগদান কৰিয়েই সংগঠনটোৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা দেখা যায়।

‘কোনো ধৰ্মৰ ভিত্তিত নহয় বিভিন্ন ধৰ্ম, বৰ্ণ, জাতি-জনগোষ্ঠীৰ সমিল-মিলেৰে বৃহত্তৰ অসমীয়া জাতি গঠন হৈছিল ৷ সাম্প্ৰতিক সময়ত ৰাজ্যৰ বিভিন্ন জনজাতি-জনগোষ্ঠীৰ দৰেই সমগ্ৰ অসমৰ গৰিয়া, মৰিয়া, দেশীৰ লোকসকল একত্ৰিত হৈ হৃতমৰ্যদা পুনৰ উদ্ধাৰৰ সংগ্ৰামখন অধিক শক্তিশালী কৰাৰ  উদ্দেশ্যে মই এই সংগঠনত যোগদান কৰিছো’। এই মন্তব্য হুছেইনৰ।

উল্লেখযোগ্য যে বিগত ৬ বছৰে আমছু”ৰ কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদককে ধৰি বিভিন্ন দায়িত্বভাৰ লৈ আছিল ৰহমানে।

ইপিনে, ৰহমানৰ আগমনে পৰিষদক অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাত সহায় কৰিব বুলি আশা ব্যক্ত কৰে পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকে।

তদুপৰি সংগঠনৰ মজিয়ালৈ ৰহমানক কাৰ্যকৰী সভাপতি নুৰুল হক, কেন্দ্ৰীয় সহকাৰী সম্পাদক চহিদ আলী আহমেদে আদৰণি জনায়।

মন কৰিবলগীয়া যে, সংগঠনটোত যোগদান কৰিয়েই গুৱাহাটী মহানগৰ জিলাৰ সাধাৰণ সম্পাদক ৰূপে মনোনীত হয় প্ৰাক্তন আমছুৰ নেতাজন।

ইয়াৰ উপৰি ৰাজীৱ চৌধুৰীক সভাপতি, দিলবৰ ৰহমানক সাধাৰণ সম্পাদক, ইছমাইল আলীক কাৰ্যকৰী সভাপতি আৰু প্ৰাক্তন সম্পাদক সুৰজ খানক উপ সভাপতি হিচাপে লৈ  ৩১ জনীয়া সদস্যৰে গুৱাহাটী মহানগৰ সমিতিখন পুনৰ গঠন কৰা হয়।