পঞ্জাৱত আপ চৰকাৰৰ বৃহৎ ঘোষণা; জুলাইৰ পৰাই ৰাজ্যবাসীয়ে বিনামূলীয়াকৈ পাব ৩০০ ইউনিট বিদ্যুৎ

অহা ১ জুলাইৰ পৰা পঞ্জাৱৰ জনসাধাৰণে বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ লাভ কৰিব। ৰাজ্যখনত নতুনকৈ শাসনলৈ অহা আম আদমী পাৰ্টিৰ চৰকাৰে এই ঘোষণা কৰিছে। নিৰ্বাচনত জয়লাভ কৰাৰ এমাহ পূৰ্ণ হোৱাৰ পিছত শনিবাৰে মুখ্যমন্ত্ৰী ভগৱন্ত মানে এই আঁচনিৰ কথা ঘোষণা কৰে।

যোৱা ২০২১চনৰ জুন মাহত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পঞ্জাৱৰ ভোটাৰসকলৰ আগত প্ৰথম প্ৰতিশ্ৰুতি দিছিল যে আপ চৰকাৰ আহিলে পঞ্জাৱৰ জন সাধাৰণক বিনামূলীয়াকৈ ৩০০ ইউনিট বিদ্যুৎ দিয়া হ’ব। ইয়াৰ লগতে কিছুমান পৰিয়ালৰ বকেয়া বিলো ৰেহাই দিয়া হ’ব।

লগতে পঢ়ক: ঘৰৰ ডিপ ফ্ৰীজত উদ্ধাৰ কুকুৰ, মেকুৰী, সাপকে ধৰি প্ৰায় ২০০ মৃত প্ৰাণী! কোন এই পাষণ্ড? 

এইবাৰ সেই প্ৰতিশ্ৰুতি পালন কৰিবলৈ আগবাঢ়িছে আপে। মাৰ্চত ক্ষমতালৈ অহাৰ পিছত আপ চৰকাৰৰ ৰাজ্যবাসীৰ বাবে এইটো আটাইতকৈ বৃহৎ ঘোষণা। ইয়াৰ ফলত ৰাজ্যখনৰ প্ৰায় ৬২ লাখ উপকৃত হ’ব।

উল্লেখ যে যোৱা বছৰ নৱেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ চান্নিয়ে প্ৰতি ইউনিট বিদ্যুতৰ দাম ৩টকা হ্ৰাস কৰিছিল। তেওঁ প্ৰথম ১০০ ইউনিট বিদ্যুতৰ বাবে প্ৰতি ইউনিটত ১.১৯টকা মাছুল ধাৰ্য কৰাৰ কথা কৈছিল। তাৰ পূৰ্বে প্ৰতি ইউনিট বিদ্যুতৰ মাছুল আছিল ৪.১৯ টকা।

লগতে পঢ়ক: কুটুম বিহুৰ পৰম্পৰা ৰক্ষা কৰি টীয়কত জনপ্ৰিয় অভিনেতা কেকে-মোহন; বিহু গাই সকলোকে জনালে নৱবৰ্ষৰ ওলগ

তাৰপিছত ১০০ৰ পৰা ৩০০ ইউনিটৰ ভিতৰত মাছুল ৭টকাৰ সলনি প্ৰতি ইউনিটত ৪টকা কৰা হৈছিল। সেইদৰে, ৩০০ ইউনিটৰ অধিক খৰচত প্ৰতি ইউনিটত গ্ৰাহকৰ বাবে ৫.৭৬টকা ধাৰ্য কৰা হয় যিটো আগতে প্ৰতি ইউনিটত ৮.৭৬টকা আছিল। এইক্ষেত্ৰত আপ চৰকাৰে একেই মাছুল কাৰ্যকৰী ৰাখিছে।