পৰাগ কুমাৰ দাসৰ জন্মদিনত শ্ৰদ্ধা নিবেদন আম আদমি পাৰ্টীৰ

জজজ

আম আদমী পাৰ্টী গুৱাহাটী কমিটিৰ তৰফৰ পৰা প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসক শ্ৰদ্ধা নিবেদন কৰা হয়।

প্ৰয়াত সাংবাদিক গৰাকীৰ ৰাজগড়স্থিত প্ৰতিমূৰ্তিৰ সন্মুখত আম আদমী পাৰ্টীৰ গুৱাহাটী কমিটিৰ বহু সংখ্যক সদস্যৰ উপস্থিতিত বশিষ্ট সাংবাদিক গৰাকীৰ প্ৰতিমূৰ্তিত ধূপ চাকি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে।

অনুষ্ঠানটোত আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক আব্দুল ৱাহিদ, গুৱাহাটী মহানগৰ কমিটিৰ সমন্বয়ক মাধুৰ্য শইকীয়া, সম্পাদক জ্যোতি বিকাশ শৰ্মা, স্মিতা বৰদলৈ, আইটি বিভাগৰ আব্দুল মাজিদৰ লগতে বহু কৰ্মী উপস্থিত থাকে।

উল্লেখ্য যে, ১৯৬১ চনৰ ২৪ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল পৰাগ কুমাৰ দাসে। তেওঁ অসমৰ সংবাদপত্ৰ অসমীয়া প্ৰতিদিন কাকতৰ ভূতপূৰ্ব সম্পাদক, সাংবাদিক,  মানৱ অধিকাৰ কৰ্মী আৰু মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ এজন আগৰণুৱা কৰ্মী আছিল।

তেওঁৰ প্ৰতিবাদী কণ্ঠৰ বাবেই ১৯৯৬ চনৰ ১৭ মে’ত তেতিয়া ৰাজগড়স্থিত অসম জাতীয় বিদ্যালয়ৰ সন্মুখত আততায়ীয়ে গুলিয়াই হত্যা কৰিছিল।