NORTHEAST NOW (Assamese)

উচ্ছেদৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ : দলীয় নেতা-কৰ্মীক আটক মহানগৰ আৰক্ষীৰ

July 11, 2025 3:27 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী

ৰাজ্যখনত ধাৰাবাহিকভাৱে চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ তীব্ৰ বিৰোধীতা কৰিছে আম আদমি পাৰ্টী, অসমে ৷ ইয়াৰ প্ৰতিবাদত আৰু উচ্ছেদিত লোকৰ ক্ষতিপূৰণ আৰু পুনঃসংস্থাপনৰ দাবীত আজি গণেশগুৰিত দলটোয়ে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

উচ্ছেদ বন্ধ কৰক, উচ্ছেদিতক পুনঃসংস্থাপন দিয়ক, বিজেপি গ’বেক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলা দলটোৰ কৰ্মীসকলৰ চাৰিজনক আৰক্ষীয়ে আটক কৰে আৰু তাৰ পিছতেই প্ৰতিবাদৰ হাম কাটে ৷

এক প্ৰেছ বিবৃতিত আম আদমি পাৰ্টীৰ ৰাজ্যিক সম্পাদক ভিক্টৰ গগৈয়ে স্পষ্ট কৰি দি কয় যে, আম আদমি পাৰ্টী, অসমে সকলোধৰণৰ অমানৱীয়, ৰাইজৰ অধিকাৰ খৰ্ব কৰা, ৰাইজক হাৰা শাস্তি কৰা আৰু ন্যস্ত স্বাৰ্থ জড়িত উচ্ছেদ অভিযানৰ বিৰোধীতা কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব ৷

তেওঁ স্পষ্ট কৰি দিয়ে যে উদ্যোগ আদি স্থাপনৰ উদ্দেশ্যে কৃষি ভুমি, জলাশয়, যুগ যুগ ধৰি বসবাস কৰি থকা জনাঞ্চল, বনাঞ্চল, পাহাৰ পৰ্বত আৰু ষষ্ঠ অনুসূচী এলেকাত যিকোনো চৰকাৰী উচ্ছেদ বন্ধ কৰিব লাগিব ৷

আনহাতে আপৰ ৰাজ্যিক নেত্ৰী অনুৰূপা ডেকাৰজাই ক্ষোভেৰে কয় যে, আদানী – আম্বানী, ৰামদেৱক অসমৰ ভুমি গতাই দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ ভেটি – মাটি নিঃশেষ কৰিব বিচাৰিছে ৷ আদানী – আম্বানী – ৰামদেৱক ব্যৱসায় সম্প্ৰসাৰনৰ নামত অসমৰ মাটি গতাই দিয়া কাৰ্য মানি লোৱা নহ’ব ৷

আপৰ অন্য এজন ৰাজ্যিক নেতা ৰাজীব শইকীয়াই কয় যে মুখ্যমন্ত্ৰীয়ে যি ঠাইত উচ্ছেদ কাৰ্য হৈছে সেই ঠাইৰ উচ্ছেদিত লোকবোৰ অবৈধ বাংলাদেশী নাগৰিক বুলি ক’ব বিচৰা কাৰ্যই ৰাইজক বিভ্ৰান্ত কৰিছে বুলি অভিযোগ কৰি তেওঁ প্ৰশ্ন কৰে যে, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেওঁলোক যদি অবৈধ বাংলাদেশী নাগৰিক তেন্তে তেওঁলোকক বহিস্কাৰ নকৰে কিয় ? অবৈধ বাংলাদেশী আৰু উচ্ছেদিত লোকক লৈ মুখ্যমন্ত্ৰীয়ে লেতেৰা ৰাজনীতি কৰিছে বুলিও আম আদমি পাৰ্টীয়ে অভিযোগ কৰিছে ৷

Related News