নিৰ্বাচনলৈ সাজু আপঃ ২৩ মাৰ্চত অসমলৈ আহিব আপৰ ৰাষ্ট্ৰীয় নেত্ৰী আতিশী

ডিব্ৰুগড়ত অনুষ্ঠিত জনসভাত মুকলি কৰিব দলৰ গেৰাণ্টি কাৰ্ড

AAP Atishi

লোকসভা নিৰ্বাচনত আম আদমি পাৰ্টীৰ বাবে অসমত প্ৰচাৰ অভিযান চলাবলৈ অহা ২৩ মাৰ্চত অসমলৈ আহিব আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী।

আজি গুৱাহাটীৰ গণেশগুৰিস্থিত আপ, অসমৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰে দলৰ জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই।

ডেকাৰজাই সংবাদমেলখনত জানিবলৈ দিয়া মতে ২৩ তাৰিখে ডিব্ৰুগড়স্থিত পুষ্কৰ সৰোবৰ পৰ্টিক’ত অনুষ্ঠিত হ’বলগীয়া এখন সভাত আপৰ কেন্দ্ৰীয় নেত্ৰী আতিশীয়ে অংশগ্ৰহণ কৰিব।

এই সভাতে কেন্দ্ৰীয় নেত্ৰীগৰাকীয়ে অসমত আপে প্ৰতিদ্বন্দিতা কৰিবলগীয়া দুখন সমষ্টি ক্ৰমে ডিব্ৰুগড় আৰু শোণিতপুৰৰ বাবে আপৰ গেৰান্টী কাৰ্ড মুকলি কৰিব বুলি তেওঁ লগতে কয়।

অনুৰূপা ডেকাৰজাই লগতে সদৰী কৰা মতে আতিশীয়ে উক্ত দিনাই আবেলিৰ ভাগলৈ তিনিচুকীয়াত আন এখন সভাত অংশগ্ৰহণ কৰিব। এই সভাখনত তিনিচুকীয়াৰ বিশিষ্ট বুদ্ধিজীৱি আৰু শিক্ষাবিদসকলৰ সৈতে আলোচনাত মিলিত হ’ব কেন্দ্ৰীয় নেত্ৰীগৰাকী।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অনুৰূপা ডেকাৰজাই জানিবলৈ দিয়ে যে পৰৱৰ্তী সময়ত অসমত আম আদমি পাৰ্টীৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আপৰ বিভিন্ন কেন্দ্ৰীয় নেতা উপস্থিত থাকিব।

আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, আপৰ কেন্দ্ৰীয় নেতা ৰাঘৱ চাদ্দা, সৌৰভ ভাৰদ্বাজৰ উপৰি অন্যান্য নেতাসকল অসমলৈ আহিব বুলি প্ৰকাশ কৰে ডেকাৰজাই।