আজি নিৰ্বাচন আয়োগে ঘোষণা কৰিব দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ইতিমধ্যে আৰম্ভ হৈছে ভোট গণনা প্ৰক্ৰিয়া।
দিল্লীৰ নিৰ্বাচনী ফলাফলৰ সৈতে এগজিট প’লৰ মিল থাকিবনে নাই তাকে লৈ সৃষ্টি হৈছে উৎকন্ঠাৰ।
উল্লেখ্য যে বিগত ৬টা বিধানসভা নিৰ্বাচনত দিল্লীত বিজেপি পৰাস্ত হৈছে। অৱশ্যে এইবাৰ বেছিভাগ এগজিট প’লে বিজেপিয়ে জয় লাভ কৰিব বুলি দাবী জনাইছে। আনহাতে, ফলাফল ঘোষণাৰ পূৰ্বে আত্মবিশ্বাসী গেৰুৱা শিবিৰ।
উল্লেখ্য যে নিৰ্বাচনৰ পাছতো আয়োগৰ বিৰুদ্ধে ‘অনিয়ম’ৰ অভিযোগ উত্থাপন কৰি আম আদমী পাৰ্টিয়ে সৰৱ হৈ পৰা দেখা গৈছে। বহু পৰ্যবেক্ষকৰ মতে টিম কেজৰিৱালৰ উদ্বেগ ধাৰাবাহিক অভিযোগৰ পৰা স্পষ্ট হৈ পৰিছে।
দিল্লী বিধানসভাত মুঠ ৭০খন আসন আছে। বৰ্তমানৰ ইয়াৰে ৬২খন আসন কেজৰিৱালৰ দখলত। দিল্লীত চৰকাৰ গঠন কৰিবলৈ কোনো এটা দলক ৩৬খন আসনৰ প্ৰয়োজন। কিন্তু বেছিভাগ এগজিট প’লে দাবী কৰিছে যে কেজৰিৱালৰ আপে ২৫ খনতকৈ অধিক আসন লাভ নকৰে। কংগ্ৰেছে কোনো আসন লাভ নকৰিলেও তেওঁলোকৰ ভোট বৃদ্ধিয়েই আপৰ উত্থানৰ মূল কাৰণ হ’ব পাৰে বুলিও বিভিন্ন সমীক্ষাত দাবী কৰা হৈছে।