NORTHEAST NOW (Assamese)

ৰামদেৱক নহয় অঞ্চলটোৰ কৃষকক ভগাই দিয়ক বীজ পামৰ মাটি : গোলাঘাটৰ ফলঙনি বীজ পাম সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া

February 24, 2025 4:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 24, 2025 3:42 pm

গোলাঘাট জিলাৰ ফলঙনিৰ বীজ পামৰ ১০ হেক্টৰ মাটি যোগগুৰু বাবা ৰামদেৱৰ পতঞ্জলি কোম্পানীক পাম তেলৰ খেতি কৰিবলৈ চৰকাৰে গতাই দিবলৈ ওলোৱা কাৰ্যক আম আদমি পাৰ্টী ( আপ ) ৰ গোলাঘাট জিলাৰ সভাপতি পুলিন গগৈয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

আজি জিলা সভাপতি গৰাকীয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বিজেপি দল আৰু চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি আৰু অগপ মিত্ৰজোঁটৰ চৰকাৰে মাটি অনাত নহয়, দিয়াতহে অভ্যস্ত ৷

এই চৰকাৰে বৃহৎ পুঁজিপতিসকলক কৃষি ভূমি আবন্টন দি থলুৱাৰ মুখত থিয় গোৰ মাৰিছে বুলি অভিযোগ কৰি গগৈয়ে চৰকাৰলৈ সঁকীয়নি দি কয়, ১০ হেক্টৰ দূৰৰে কথা, এক ইঞ্চি মাটি ৰামদেৱৰ কোম্পানীক গতাই দিয়াটোও আম আদমি পাৰ্টিয়ে মানি নলয় ৷ ফলঙনিৰ বীজ পামৰ সমুদায় ভূমি অঞ্চলটোৰ থলুৱা কৃষকক কৃষি কাৰ্যৰ বাবে ভগাই দিবলৈ আম আদমি পাৰ্টীৰ গোলাঘাট জিলা সমিতিয়ে চৰকাৰলৈ আহ্বান জনাইছে ৷

কৃষি বিভাগৰ অধীনৰ ফলঙনিৰ বীজ পাম গৃহ জিলাখনৰে কৃষি মন্ত্ৰী অতুল বৰাই এনেদৰে বহিৰাগত কোম্পানীক দিয়া কাৰ্য অতি ঘৃণনীয় বুলি মত প্ৰকাশ কৰি ইয়াৰ বাবে কৃষি মন্ত্ৰীজনে স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় ৷

অন্যহাতে বিজেপি আৰু অগপ ৰ জিলাখনৰ মন্ত্ৰী – বিধায়ক আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদজনকো এই ক্ষেত্ৰত স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় আপৰ জিলা সভাপতি গৰাকীয়ে ৷

চৰকাৰে বিচৰাৰ দৰেই যদি পতঞ্জলি কোম্পানীয়ে অঞ্চলটোৰ মাটিত পাম তেলৰ খেতি কৰে তেন্তে মাটিৰ ঊৰ্বৰা শক্তি হ্ৰাস হৈ কৃষি ভূমি ধ্বংস হ’ব বুলি অভিযোগ কৰি দলটোৰ জিলা সাধাৰণ সম্পাদক দীপজ্যোতি শইকীয়াই আক্ষেপেৰে কয় যে এয়ে হ’লে কৃষকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব ৷

Related News