মানকাচাৰ, গোৱালপাৰা, ডিব্ৰুগড়ত আপৰ সম্পৰ্ক যাত্ৰা : ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন মনোজ ধানোৱাৰৰ

আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিচত আজি প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয় মনোজ ধানোৱাৰ। ডিব্ৰুগড় বিমানবন্দৰত সহস্ৰাধিক দলীয় কৰ্মী, সমৰ্থকে গায়ন-বায়ন, বিহুনাচ, ঝুমুৰ নৃত্যৰে তেওঁক উষ্ম আদৰণি জনায়। বিমানবন্দৰৰ পৰা পোনে পোনে মোহনবাৰীত অনুষ্ঠিত দলৰ কৰ্মকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে দলৰ নতুন ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচত ৰাজ্যজোৰা সম্পৰ্ক যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছে মনোজ ধানোৱাৰে। আজি ডিব্ৰুগড়ৰ মোহনবাৰীত কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলনত দলীয় কৰ্মকৰ্তা সকলক সম্বোধন কৰি তেওঁ কয়, ” অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত গৈ এন আৰ চি প্ৰস্তুতৰ জৰিয়তে বাংলাদেশী বিতাৰণ কৰাৰ কথা কৈছে। কিন্তু অসমত এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। তদুপৰি বসুন্ধৰা আঁচনিৰ জৰিয়তে কিমান খিলঞ্জীয়া লোকক মাটিৰ পট্টা দিলে সেয়া চৰকাৰে স্পষ্ট কৰা উচিত। ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। এইবোৰ কাৰণতে বৰ্তমান চৰকাৰৰ প্ৰতি ৰাইজৰ মোহ ভংগ হৈছে। “

সভাপতি মনোজ ধানোৱাৰে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই দলৰ কৰ্মী সাজু হ’বলৈ আহ্বান জনায় ।

মোহনবাৰীত অনুষ্ঠিত আপৰ কৰ্মকৰ্তা সন্মিলনৰ পূৰ্বে যোৱা শনিবাৰে ধানোৱাৰে দক্ষিণ শালমাৰা জিলাৰ মানকাচাৰ ভ্ৰমণ কৰে। মানকাচাৰত দলীয় কৰ্মকৰ্তা সকলৰ সৈতে মিলিত হোৱাৰ পিচত ভাৰত- বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ পৰিস্থিতিৰ বুজ ল’বৰ বাবে সীমান্ত পৰিদৰ্শন কৰে।

এই ভ্ৰমণ কালত ধানোৱাৰৰ সৈতে আপৰ জ্যেষ্ঠ নেতা মামুন ইমদাদুল হক চৌধুৰী আৰু ৰমেন বৰঠাকুৰেও অংশগ্ৰহণ কৰে। আনহাতে দেওবাৰে ৰাজ্যিক সভাপতি গৰাকীয়ে গোৱালপাৰা জিলাত সম্পৰ্ক যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে গোৱালপাৰাৰ বলবালা গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত দলীয় যোগদান সভাত ভিন্ন ৰাজনৈতিক দলৰ পৰা অহা বহুকেইগৰাকী ব্যক্তিয়ে আপত যোগদান কৰে।

নৱাগত সকলক দললৈ আদৰণি জনাই ধানোৱাৰে কয়, ” আমাৰ দলৰ লক্ষ্য উন্নয়নৰ ৰাজনীতি। চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতি নিৰ্মূল হ’ব লাগিব। একমাত্ৰ আম আদমী পাৰ্টিয়েহে দুৰ্নীতি মুক্ত, নিকা শাসনব্যৱস্থা প্ৰতিষ্ঠা কৰিব পাৰে।”

ধৰ্ম, সাম্প্ৰদায়িক তথা জাত-পাতৰ ৰাজনীতিৰ পৰিৱৰ্তে উন্নয়নৰ ৰাজনীতি গ্ৰহণ কৰিবলৈ ধানোৱাৰে সকলোকে আহ্বান জনায়। গোৱালপাৰাৰ বলবালাত অনুষ্ঠিত  সভাত দলৰ জ্যেষ্ঠ নেতা মামুন ইমদাদুল হক চৌধুৰীয়ে সামাজিক উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপক শক্তিশালী কৰিবলৈ আহ্বান জনায়।