• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানকাচাৰ, গোৱালপাৰা, ডিব্ৰুগড়ত আপৰ সম্পৰ্ক যাত্ৰা : ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন মনোজ ধানোৱাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 30, 2024 7:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিচত আজি প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয় মনোজ ধানোৱাৰ। ডিব্ৰুগড় বিমানবন্দৰত সহস্ৰাধিক দলীয় কৰ্মী, সমৰ্থকে গায়ন-বায়ন, বিহুনাচ, ঝুমুৰ নৃত্যৰে তেওঁক উষ্ম আদৰণি জনায়। বিমানবন্দৰৰ পৰা পোনে পোনে মোহনবাৰীত অনুষ্ঠিত দলৰ কৰ্মকৰ্তা সন্মিলনত অংশ গ্ৰহণ কৰে।

উল্লেখ্য যে দলৰ নতুন ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচত ৰাজ্যজোৰা সম্পৰ্ক যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছে মনোজ ধানোৱাৰে। আজি ডিব্ৰুগড়ৰ মোহনবাৰীত কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত কৰ্মকৰ্তা সন্মিলনত দলীয় কৰ্মকৰ্তা সকলক সম্বোধন কৰি তেওঁ কয়, ” অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত গৈ এন আৰ চি প্ৰস্তুতৰ জৰিয়তে বাংলাদেশী বিতাৰণ কৰাৰ কথা কৈছে। কিন্তু অসমত এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। তদুপৰি বসুন্ধৰা আঁচনিৰ জৰিয়তে কিমান খিলঞ্জীয়া লোকক মাটিৰ পট্টা দিলে সেয়া চৰকাৰে স্পষ্ট কৰা উচিত। ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। এইবোৰ কাৰণতে বৰ্তমান চৰকাৰৰ প্ৰতি ৰাইজৰ মোহ ভংগ হৈছে। “

Apply Now

সভাপতি মনোজ ধানোৱাৰে আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই দলৰ কৰ্মী সাজু হ’বলৈ আহ্বান জনায় ।

মোহনবাৰীত অনুষ্ঠিত আপৰ কৰ্মকৰ্তা সন্মিলনৰ পূৰ্বে যোৱা শনিবাৰে ধানোৱাৰে দক্ষিণ শালমাৰা জিলাৰ মানকাচাৰ ভ্ৰমণ কৰে। মানকাচাৰত দলীয় কৰ্মকৰ্তা সকলৰ সৈতে মিলিত হোৱাৰ পিচত ভাৰত- বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ পৰিস্থিতিৰ বুজ ল’বৰ বাবে সীমান্ত পৰিদৰ্শন কৰে।

এই ভ্ৰমণ কালত ধানোৱাৰৰ সৈতে আপৰ জ্যেষ্ঠ নেতা মামুন ইমদাদুল হক চৌধুৰী আৰু ৰমেন বৰঠাকুৰেও অংশগ্ৰহণ কৰে। আনহাতে দেওবাৰে ৰাজ্যিক সভাপতি গৰাকীয়ে গোৱালপাৰা জিলাত সম্পৰ্ক যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ অংশ হিচাপে গোৱালপাৰাৰ বলবালা গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত দলীয় যোগদান সভাত ভিন্ন ৰাজনৈতিক দলৰ পৰা অহা বহুকেইগৰাকী ব্যক্তিয়ে আপত যোগদান কৰে।

নৱাগত সকলক দললৈ আদৰণি জনাই ধানোৱাৰে কয়, ” আমাৰ দলৰ লক্ষ্য উন্নয়নৰ ৰাজনীতি। চৰকাৰী আঁচনি ৰূপায়নৰ ক্ষেত্ৰত দুৰ্নীতি নিৰ্মূল হ’ব লাগিব। একমাত্ৰ আম আদমী পাৰ্টিয়েহে দুৰ্নীতি মুক্ত, নিকা শাসনব্যৱস্থা প্ৰতিষ্ঠা কৰিব পাৰে।”

ধৰ্ম, সাম্প্ৰদায়িক তথা জাত-পাতৰ ৰাজনীতিৰ পৰিৱৰ্তে উন্নয়নৰ ৰাজনীতি গ্ৰহণ কৰিবলৈ ধানোৱাৰে সকলোকে আহ্বান জনায়। গোৱালপাৰাৰ বলবালাত অনুষ্ঠিত  সভাত দলৰ জ্যেষ্ঠ নেতা মামুন ইমদাদুল হক চৌধুৰীয়ে সামাজিক উন্নয়নৰ স্বাৰ্থত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আপক শক্তিশালী কৰিবলৈ আহ্বান জনায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

১ অক্টোবৰৰ পৰা এছ বি আইৰ নতুন নিয়ম : এটিএম ব্যৱহাৰৰ বাবে ভৰিব লাগিব অতিৰিক্ত ধন

August 20, 2026 12:02 pm
শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd